ETV Bharat / bharat

Oak fire at California: ভয়াৱহ হৈছে কেলিফ'ৰ্ণিয়াৰ দাবানল

author img

By

Published : Jul 24, 2022, 8:21 PM IST

কেলিফ'ৰ্ণিয়াৰ দাবানলে পৃথিৱীৰ সৰ্ববৃহৎ ওক গছৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । ওকৰ অগ্নিশিখাই কেলিফৰ্ণিয়াৰ উত্তৰ-পূবত অৱস্থিত ইয়োচেমিটি ৰাষ্ট্ৰীয় উদ্যানৰ পৃথিৱীৰ ডাঙৰ আৰু পুৰণি চিকুয়া গছলৈ ভাবুকি কঢ়িয়াই আনিছে (Oak Fire threatens Yosemite National Park)।

ন
Oak fire at California: ভয়াৱহ হৈছে কেলিফৰ্ণিয়াৰ দাবানল

ইন্টাৰনেচনেল ডেস্ক,২৪ জুলাই: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওক গছত শুক্ৰবাৰে আৰম্ভ হোৱাৰে পৰা জুইৰ তীব্ৰতা দ্ৰুত গতিত বৃদ্ধি পাইছে । অগ্নিকাণ্ডৰ তীব্ৰতা ইমানেই ভয়াৱহ যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে (Oak Fire in California)। কেলিফৰ্ণিয়াৰ অগ্নি নিৰ্বাপক বিভাগৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয়, 'বিস্ফোৰক জুইৰ আচৰণে অগ্নিনিৰ্বাপক বাহিনীক প্ৰত্যাহ্বান জনাইছে । এই অগ্নিকাণ্ডৰ পৰা ৰক্ষা পাবলৈ ইতিমধ্য়ে ৬,০০০ তকৈও অধিক লোকক স্থানান্তৰ কৰা হৈছে । তদুপৰি ১০ টা ঘৰ ভষ্মীভূত হৈছে বুলি কেলিফৰ্ণিয়াৰ অগ্নি নিৰ্বাপক বিভাগৰ বিষয়াগৰাকীয়ে উল্লেখ কৰিছে । আনহাতে,মাৰিপোচা কাউণ্টিত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা ।

কেলিফ'ৰ্ণিয়াৰ দাবানলে পৃথিৱীৰ সৰ্ববৃহৎ ওক গছৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে । ওকৰ অগ্নিশিখাই কেলিফ'ৰ্ণিয়াৰ উত্তৰ-পূবত অৱস্থিত ইয়োচেমিটি ৰাষ্ট্ৰীয় উদ্যানৰ পৃথিৱীৰ ডাঙৰ আৰু পুৰণি চিকুয়া গছলৈ ভাবুকি কঢ়িয়াই আনিছে (Oak Fire threatens Yosemite National Park)। উল্লেখ্য় যে এই মাহৰ আৰম্ভণিতে এনে এক অগ্নিকাণ্ডৰ সৃষ্টি হৈছিল যদিও অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হৈছিল ।

জুই নিৰ্বাপনৰ বাবে ৪০০ অগ্নিনিৰ্বাপক বাহিনী আৰু চাৰিখন হেলিকপ্টাৰ ব্য়ৱহাৰ কৰা হৈছে । কেলফায়াৰৰ প্ৰবক্তা নাতাশা ফাউটছে কয় যে বিষয়াসকলে অহা সপ্তাহলৈকে জুই নিয়ন্ত্ৰণ কৰাৰ আশা নকৰে । জুই ঘৰৰ ওচৰচাপি অহাৰ লগে লগে স্থানীয় লোকসকলক তেওঁলোকৰ ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া বুলিও তেওঁ কয় । তেওঁ সতৰ্ক কৰি দি কয় যে খৰাং জলবায়ু পৰিৱৰ্তন আৰু অত্যাধিক গছ-গছনিৰ সংমিশ্ৰণে গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু জুই দ্ৰুতগতিত বিয়পি পৰাৰ সম্ভাৱনা বৃদ্ধি কৰিছে ।

উল্লেখ্য় যে ঔদ্যোগিক যুগ আৰম্ভ হোৱাৰ পৰা পৃথিৱীখন ইতিমধ্যে প্ৰায় ১.১ চেণ্টিগ্ৰেড গৰম হৈছে আৰু বিশ্বজুৰি চৰকাৰে নিৰ্গমনত তীব্ৰ হ্ৰাস নকৰিলে তাপমাত্ৰা বাঢ়ি থাকিব । কেইবাখনো ইউৰোপীয় চৰকাৰে শেহতীয়াভাবে সমগ্ৰ মহাদেশজুৰি বিয়পি পৰা পৃথক দাবানল নিয়ন্ত্ৰণ কৰিবলৈ সংগ্ৰাম কৰিবলগীয়া হৈছে।

লগতে পঢ়ক:Food Crisis : যুদ্ধৰ মাজতে ৰাছিয়া-ইউক্ৰেইনৰ মাজত গুৰুত্বপূৰ্ণ খাদ্য চুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.