ETV Bharat / bharat

#JeeneDo: ধৰ্ষণৰ বিষয়ে উদ্ভট মন্তব্য কৰা দেশৰ একাংশ আগশাৰীৰ লোক - আশাৰাম বাপু

গোৱাৰ সমুদ্ৰ তীৰত ধৰ্ষণৰ বলি হোৱা নাবালিকা সন্দৰ্ভত সংসদত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত মন্তব্য কৰি এতিয়া বিপদত পৰিছে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ৷ তেওঁৰ মন্তব্যক বিকৃত কৰা বুলি দাবী মুখ্যমন্ত্ৰীগৰাকীৰ ৷ এই মন্তব্যৰ পিছতে সামাজিক মাধ্যমত জনপ্ৰিয় হৈ পৰিছে #JeeneDo কেম্পেইন ৷

List of people who made absurd statements on women
#JeeneDo: ধৰ্ষণৰ বিষয়ে উদ্ভট মন্তব্য কৰা দেশৰ একাংশ আগশাৰীৰ লোক
author img

By

Published : Aug 3, 2021, 10:38 PM IST

নিউজ ডেস্ক, 3 আগষ্ট : গোৱাৰ সমুদ্ৰতীৰত ধৰ্ষণৰ বলি হোৱা নাবালিকাৰ সন্দৰ্ভত সংসদত উত্থাপন হোৱা প্ৰশ্নৰ উত্তৰত মন্তব্য কৰি এতিয়া বিপদত পৰিছে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত ৷ উক্ত ধৰ্ষণকাণ্ডৰ উদাহৰণ দি ৰাজ্যিক বিধানসভাত বিৰোধী বিধায়কসকলে গোৱাত আইন-শৃংখলাৰ অৱনতি হোৱাৰ অভিযোগ তুলিছিল ৷

বিৰোধী বিধায়কসকলৰ উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সাৱন্তে মন্তব্য কৰিছিল যে, এইক্ষেত্ৰত অভিভাৱকসকল দায়িত্বশীল হোৱা প্ৰয়োজন ৷ তেওঁলোকৰ সন্তানে নিশা কিয় সমুদ্ৰতীৰত ঘূৰি ফুৰে সেইয়া অভিভাৱকসকলে নিজেও নিৰীক্ষণ কৰা প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰিছিল ৷

মুখ্যমন্ত্ৰী গৰাকীয়ে এই মন্তব্য কৰাৰা পাছতে এতিয়া তেওঁৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে বিভিন্ন দল-সংগঠন ৷ লগতে এই মন্তব্য সন্দৰ্ভত উচিত বিচাৰ কৰাৰো দাবী উত্থাপন কৰিছে একাংশ লোকে ৷ অৱশ্যে মহিলাৰ বিষয়ে এনে মন্তব্য দিয়া তেৱেই প্ৰথম নেতা নহয় ৷ ইয়াৰ পূৰ্বেও কেইবাজনো ৰাজনৈতিক নেতাই মহিলা আৰু ধৰ্ষণৰ বিষয়ে অযুক্তিকৰ মন্তব্য কৰিছে ৷ আমাৰ ৰাজনৈতিক নেতাসকলে ধৰ্ষণ সন্দৰ্ভত পূৰ্বে দিয়া কিছুমান মন্তব্য এনেধৰণৰ-

  1. তীৰথ সিং ৰাৱট : উত্তৰাখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তীৰথ সিং ৰাৱটে ৰাজ্যখনৰ দায়িত্ব লাভ কৰাৰ পাছতে বিতৰ্কিত মন্তব্যৰ ঢৌ তুলিছিল ৷ এই মন্তব্যবোৰৰ এটা বিষয় আছিল ৰিপ জিনছ প্ৰসংগ ৷ ৰাৱটে মহিলাসকলৰ আঁঠুৰ পৰা ফাটি যোৱা জিনছক ৰীতি-নীতিৰ সৈতে সম্পৰ্কিত কৰিছিল ৷ যাৰ পিছত তেওঁ সামাজিক মাধ্যমত বিৰোধীসকলৰ পৰা যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল ৷

2. মীনা কুমাৰী : উত্তৰ প্ৰদেশ মহিলা আয়োগৰ সদস্য মীনা কুমাৰীৰ মতে, "মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধিৰ ক্ষেত্ৰত সমাজ নিজেই গম্ভীৰ হ'ব লাগিব ৷ এনে ক্ষেত্ৰত ম'বাইল এটা ডাঙৰ সমস্যা ৷ ছোৱালীবোৰে ঘণ্টাৰ পিছত ঘণ্টা ম’বাইলত কথা পাতে, ল'ৰাৰ সৈতে মিলিত হয় ৷ তেওঁলোকৰ ম'বাইলবোৰ পৰীক্ষা কৰা হোৱা নাই ৷ পৰিয়ালৰ সদস্যসকলে নাজানে আৰু তাৰপিছত তেওঁলোকে ল'ৰাবোৰৰ সৈতে ম'বাইলত কথা পাতি পলাই যায়" ৷

3. মূলায়ম সিং যাদৱ : ধৰ্ষণৰ ঘটনা সন্দৰ্ভত সমাজবাদী পাৰ্টীৰ প্ৰাক্তন সভাপতি মূলায়ম সিং যাদৱে আইন সলনি কৰাৰ সমৰ্থনত এক সমদলত কৈছিল যে "যেতিয়া ল'ৰা আৰু ছোৱালীৰ মাজত মতভেদ হয়, ছোৱালীজনীয়ে এটা বিবৃতি দিয়ে যে মোক ধৰ্ষণ কৰা হৈছে, ইয়াৰ পিছত দৰিদ্ৰ ল’ৰাজনক কাৰাদণ্ড দিয়া হয় ৷ ধৰ্ষণৰ বাবে তেওঁক ফাঁচী দিয়া হ'ব নেকি ? কেৱল ল'ৰাবোৰেহে কি ভুল কৰে" ৷

4. শাৰদ যাদৱ : ১৯৯৭ তেতিয়া চনত মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত বিতৰ্ক চলি আছিল । শাৰদ যাদৱে কৈছিল, "মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰি, আপুনি বিচ্ছিন্ন মহিলাসকলক সদনলৈ আনিব বিচাৰে" ৷ অৱশ্যে, যাদৱে প্ৰতিবাদৰ বাবে ক্ষমা বিচাৰিবলগা হৈছিল ৷ 2017 চনত যাদৱে কৈছিল যে "ভোটৰ সন্মান কন্যাসকলৰ সন্মানতকৈ অধিক ৷ যদি জীয়েকে সন্মান হেৰুৱায়, তেন্তে গাঁও আৰু এলেকাৰ সন্মান হেৰুৱাব, কিন্তু ভোট বিক্ৰী হোৱাৰ পিছত দেশৰ সন্মান হেৰুৱাব" ৷

লগতে পঢ়কঃ ৰাজ কুন্দ্ৰাৰ পাছত এইবাৰ আইনৰ ৰোষত Yo Yo Honey Singh

5. কৈলাশ বিজয়বৰ্গীয়া : বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়ে কৈছিল যে, মহিলাসকলে এনে ধৰণৰ মেকআপ কৰা উচিত, যি শ্ৰদ্ধা সৃষ্টি কৰে, যি উত্তেজনা সৃষ্টি নকৰে" ৷ কেতিয়াবা মহিলাসকলে এনে ধৰণৰ মেকআপ কৰে, যাৰ ফলত মানুহ উত্তেজিত হয় ৷ মহিলাসকল লক্ষ্মণৰেখাৰ ভিতৰত থকাটো ভাল ৷ এইক্ষেত্ৰত কেৱল এটা শব্দ আছে- সীমা ৷ যদি মৰ্যাদা উলংঘা কৰা হয়, তেন্তে সীতাক অপহৰণ কৰা হয় ৷ লক্ষ্মণৰেখা প্ৰতিজন ব্যক্তিৰ বাবে অংকিত হৈছে ৷ যদি কোনোবাই সেই লক্ষ্মণৰেখা অতিক্ৰম কৰে, তেন্তে ৰাৱণ সন্মুখত বহি আছে, তেন্তে তেওঁ সীতাক অপহৰণ কৰিব লৈ যাব" ৷

6. দিগ্বিজয় সিং : জ্যেষ্ঠ কংগ্ৰেছ নেতা দিগ্বিজয় সিঙে এগৰাকী মহিলা সাংসদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰকাশ কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছিল ৷ এখন ৰাজহুৱা সভাত ভাষণ দি দিগ্বিজয় সিঙে সাংসদ মীনাক্ষী নটৰাজনক "সৌ তাকা তঞ্চ মাল" বুলি অভিহিত কৰিছিল ৷

7. অভিজিত মুখাৰ্জী : প্ৰাক্তন সভাপতি প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ তথা কংগ্ৰেছৰ প্ৰাক্তন সাংসদ অভিজিত মুখাৰ্জীয়ে নিৰ্ভয়া দলবদ্ধ ধৰ্ষণৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ কৰা মহিলাসকলৰ বিষয়ে বিৰূপ মন্তব্য কৰিছিল ৷ অভিজিতে কৈছিল যে "হাতত মমবাতি লৈ ৰাজপথলৈ অহাটো এটা ফেশ্বন হৈ পৰিছে ৷ এই প্ৰতিবাদকাৰী মহিলাসকলে প্ৰথমে ডিস্কোলৈ যায় আৰু তাৰ পিছত ইণ্ডিয়া গেটলৈ আহে আৰু প্ৰতিবাদ প্ৰদৰ্শন কৰে" ৷ তেওঁ পিছত এই মন্তব্যৰ বাবে ক্ষমাও বিচাৰিছিল ৷

8. নৰেশ আগৰৱালা : উত্তৰ প্ৰদেশৰ বুদাউনত ধৰ্ষণৰ ঘটনা পোহৰলৈ অহাৰ পিছত নৰেশ আগৰৱালাই ভুক্তভোগীৰ বিৰুদ্ধে এটা অযুক্তিকৰ মন্তব্য দি বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল ৷ নৰেশ আগৰৱালাই কৈছিল যে, "আজিৰ সময়ত এঘৰৰ জন্তুও বলপূৰ্বকভাৱে লোৱা সম্ভৱ নহয়" ৷

9. আনিচুৰ ৰেহমান : 2012 চনত এক নিৰ্বাচনী জনসভাৰ সময়ত চিপিআইএম নেতা আনিচুৰ ৰেহমানে কয় যে "আমি মমতা দিদিক সুধিব বিচাৰো যে তেওঁক কিমান ক্ষতিপূৰণৰ প্ৰয়োজন, ধৰ্ষণৰ বাবে তেওঁ কিমান টকা ল'ব"? পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ধৰ্ষণ পীড়িতসকলৰ বাবে ক্ষতিপূৰণ ঘোষণা কৰাৰ পিছত আনিচুৰ ৰেহমানে এই মন্তব্য কৰিছিল ৷ তেওঁ পিছত উক্ত মন্তব্যৰ বাবে ক্ষমা বিচাৰিছিল ৷

লগতে পঢ়কঃ Tokyo Olympics: ব্ৰঞ্জৰ পদক দখলৰ বাবে কি কৰিব ভাৰতীয় হকী দলে

10. শীলা দীক্ষিত : দিল্লীৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতে 2008 চনত এগৰাকী টিভি সাংবাদিক সৌম্য বিশ্বনাথনৰ হত্যাৰ সন্দৰ্ভত কৈছিল যে "মহিলাসকল অত্যাধিক দুঃসাহসিক হ'ব নালাগে ৷ সৌম্যই পুৱা তিনি বজাত এখন চহৰত অকলে গাড়ী চলাই আছিল য'ত ৰাতিৰ আন্ধাৰ আঁতৰা নাছিল ৷ বাহিৰলৈ যোৱা মহিলাসকলক অতি সুৰক্ষিত বুলি গণ্য কৰা নহয়, মই ভাবো আমি কিছু সাৱধানতা অৱলম্বন কৰা উচিত ৷" সৌম্য বিশ্বনাথনক একেখন দিল্লী চহৰত হত্যা কৰা হৈছিল, য'ত শীলা দীক্ষিত সেই সময়ত মুখ্যমন্ত্ৰী আছিল ৷

11. মমতা বেনাৰ্জী : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে স্বাধীনতাক ধৰ্ষণৰ কাৰণ বুলি এক বিতৰ্কিত মন্তব্য কৰিছিল ৷ তাই কৈছিল যে পিতৃ-মাতৃয়ে ল'ৰা আৰু ছোৱালীক দিয়া স্বাধীনতাৰ বাবে, ধৰ্ষণৰ দৰে ঘটনা ঘটিছে ৷

12. চিৰঞ্জিত চক্ৰৱৰ্তী : টিএমচি নেতা চিৰঞ্জিত চক্ৰৱৰ্তীয়ে ধৰ্ষণৰ ঘটনা সন্দৰ্ভত এক বিবৃতিত কৈছিল যে ছোৱালীবোৰো এনে ঘটনাৰ বাবে কিছু পৰিমাণে দায়বদ্ধ ৷ কিয়নো তেওঁলোকৰ স্কাৰ্ট প্ৰতিদিনে চুটি হৈ আহিছে ৷ চলচ্চিত্ৰৰ পৰা ৰাজনীতিলৈ অহা চিৰঞ্জিতে কয়, "ছোৱালীৰ উৎপীড়ন কোনো নতুন ঘটনা নহয় ৷ এই ধৰণৰ ঘটনা প্ৰাচীন কালৰ পৰাই হৈ আহিছে ৷ এইটো এটা সৰু ঘটনা ৷ যদি এনে ধৰণৰ ঘটনা সংঘটিত নহয় তেন্তে ছবিখনে কেনেদৰে কাম কৰিব ? ছবিখনত খলনায়ক থকাটো গুৰুত্বপূৰ্ণ ৷ ৰামায়ণত ৰাৱণ থাকিব, নহয় নেকি"?

13. আজম খান : 2019 ৰ লোকসভা নিৰ্বাচনৰ সময়ত সমাজবাদী পাৰ্টীৰ নেতা আজম খানে বিজেপিৰ জয়া প্ৰদাক লক্ষ্য কৰি কয়, "যিজনক আমি আঙুলিত ধৰি ৰামপুৰলৈ আনিছিলো, আমি তেওঁক আমাৰ প্ৰতিনিধি কৰিছো, তেওঁৰ উদ্দেশ্য বিচাৰি উলিয়াবলৈ 10 বছৰ লাগিছিল ৷ মই 17 দিনত চিনাক্ত কৰিছিলো যে তেওঁৰ অন্তৰ্বাস খাকী ৰঙৰ" ৷

14. বংশীলাল মাহাতো : 2017 চনত ছত্তিশগড়ৰ কোৰবাত বিজেপিৰ প্ৰাক্তন সাংসদ বংশীলাল মাহাতোৱে তেতিয়াৰ ৰাজ্যিক ক্ৰীড়া মন্ত্ৰী ভৈয়ালাল ৰাজৱাদেৰ নাম লৈছিল আৰু কৈছিল যে তেওঁ প্ৰায়ে কয় যে এতিয়া মুম্বাই আৰু কলিকতাৰ পৰা অহা ছোৱালীৰ প্ৰয়োজন নাই, কোৰবাৰ তুৰি আৰু ছত্তিশগড়ৰ ছোৱালীবোৰ "তানতান" হৈ পৰিছে ।

15. জিতেন্দ্ৰ ছত্তৰ : হাৰিয়ানাৰ জিন্দ জিলাৰ খাপ নেতা জিতেন্দ্ৰ ছত্তৰে কৈছিল যে ফাষ্টফুড ধৰ্ষণৰ কাৰণ । তেওঁৰ মতে, চাওমিন খাই যুৱক-যুৱতীৰ হ’ৰমনৰ ভাৰসাম্যৰ অৱনতি ঘটিছে, যাৰ ফলত এনে কাম কৰিবলৈ মন যায় ।

লগতে পঢ়কঃ ৰাষ্ট্ৰসংঘৰ সভাত অংশগ্ৰহণ কৰিব বোকাখাতৰ ছাত্ৰই

16. বিভা ৰাও : ছত্তিশগড় মহিলা আয়োগৰ অধ্যক্ষা বিভা ৰাওৱে কৈছিল যে মহিলাৰ বিৰুদ্ধে অপৰাধৰ বাবে মহিলাসকল দায়বদ্ধ । ৰাওৱে কয়, "মহিলাসকলে পাশ্চাত্য সংস্কৃতি, তেওঁলোকৰ কাপোৰ, তেওঁলোকৰ আচৰণে পুৰুষক ভুল সংকেত প্ৰদান কৰি পুৰুষসকলক ভুল বাৰ্তা প্ৰদান কৰে" ৷

17. ভি দিনেশ ৰেড্ডী : অন্ধ্ৰপ্ৰদেশৰ ডিজিপি হৈ থকা ভি দিনেশ ৰেড্ডীয়েও ধৰ্ষণ সন্দৰ্ভত তেওঁৰ মন্তব্যক লৈ বিতৰ্কত লিপ্ত হৈছে । ডিজিপি হিচাপে, ৰেড্ডীয়ে কৈছিল যে "ৰাজ্যখনত বৰ্ধিত ধৰ্ষণৰ ঘটনাৰ বাবে মহিলাৰ উচতনিমূলক পোছাক মুখ্যতঃ দায়ী"। অন্ধ্ৰ প্ৰদেশত এবছৰত (2011) 1290 টা ধৰ্ষণৰ ঘটনাৰ প্ৰতিবেদন প্ৰকাশ পাইছিল ।

18. চিচি পাটিল : কৰ্ণাটকৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী চিচি পাটিলেও মহিলাৰ পোছাকক বৰ্ধিত ঘটনাৰ কাৰণ বুলি অভিহিত কৰিছিল । পাটিলে কৈছিল যে মহিলাগৰাকীয়ে জানিব লাগে যে তেওঁ কিমান শৰীৰ দেখুৱাব লাগিব আৰু কিমান লুকুৱাব লাগিব

19. আবু আজমী : সমাজবাদী পাৰ্টীৰ আবু আজমীয়ে বেংগালুৰুত ইভ-টিজিঙৰ বিষয়ে কৈছিল যে য'ত চেনী পৰে, পিপৰাই তালৈ আহে, য'ত পেট্ৰ'ল থাকে, জুই লাগিবই । আজিকালি যিমানে নগ্ন ছোৱালী, সিমানেই ফেশ্বনেবল । যদি মোৰ পৰিয়ালৰ ছোৱালীবোৰে 31 ডিচেম্বৰত নিশা পাৰ্টি কৰিবলৈ যায় আৰু স্বামী, দেউতাক বা ভায়েক তেওঁলোকৰ সৈতে নাই তেনেহ'লে তেওঁলোকো ভুল ।

20. আশাৰাম বাপু : ধৰ্ষণৰ গোচৰত আশাৰাম বাপুক ইতিমধ্যেই আজীৱন কাৰাদণ্ড দিয়া হৈছে ৷ এটা সময়ত তেওঁ নিৰ্ভয়া গোচৰত অযুক্তিকৰ পৰামৰ্শ দিছিল ৷ আশাৰামে কৈছিল যে, তালি এখন হাতেৰে নাবাজে, যদি ধৰ্ষিতাই অপৰাধীসকলক ভাতৃ বুলি মাতে, তেন্তে তেওঁৰ সন্মান আৰু জীৱন ৰক্ষা কৰিব পাৰিলেহেঁতেন ৷

21. কিৰণ বেদী : প্ৰথম মহিলা আইপিএছ বিষয়া হিচাপে পৰিচিত কিৰণ বেদীয়েও ধৰ্ষণক এটা সৰু কথা বুলি অভিহিত কৰি বিতৰ্কত লিপ্ত হৈছিল ৷ টীম আন্নাত থাকোতে, তেওঁ এবাৰ কৈছিল যে "সংবাদ মাধ্যমবোৰে দুৰ্নীতিৰ অভিযোগৰ বিষয়ে এবাৰো আলোচনা নকৰে ৷ লগতে নিম্ন পদস্থ আৰক্ষী বিষয়াৰ লগত এটা সৰু ধৰ্ষণৰ বিষয়ে কেনেদৰে আলোচনা কৰিব লাগে নিজকে সোধক বুলি মন্তব্য কৰিছিল কিৰণ বেদীয়ে ৷ প্ৰশান্ত ভূষণ আৰু অৰবিন্দ কেজৰিৱালে যি 15 জন মন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ প্ৰমাণ দিছে, সংবাদ মাধ্যমসমূহে সেইবোৰৰ বিষয়ে আলোচনাও নকৰে বুলি মন্তব্য কৰিছিল কিৰণ বেদীয়ে ৷ অৱশ্যে ইয়াৰ পিছত কিৰণ বেদীয়ে এই বক্তব্যৰ ব্যাখ্যা কৰিবলগা হৈছিল ৷

লগতে চাওকঃ ৰাজ কুন্দ্ৰাৰ পাছত এইবাৰ আইনৰ ৰোষত Yo Yo Honey Singh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.