ETV Bharat / bharat

ত্ৰিপুৰাত মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ প্ৰতিবাদ - প্ৰতিবাদী সমদল

চৰকাৰৰ মূল্যাংকন পদ্ধতিৰ বিৰুদ্ধে সৰৱ একাংশ শিক্ষাৰ্থী । কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইৰ উদ্যোগত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ একাংশ শিক্ষাৰ্থীৰ । সকলো শিক্ষাৰ্থীক উত্তীৰ্ণ কৰি দিয়াৰ দাবী পৰীক্ষাৰ্থীৰ ।

NSUI protest
ত্ৰিপুৰাত মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ প্ৰতিবাদ
author img

By

Published : Aug 15, 2021, 6:00 PM IST

আগৰতলা, ১৫ আগষ্ট : অসমৰ লগতে ত্ৰিপুৰাতো কৰ'ণাৰ পৰিস্থিতিৰ বাবে অনুষ্ঠিত নহ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা (Higher secondary final examination) । কিন্তু পৰীক্ষা অনুষ্ঠিত নোহোৱাকৈয়ে পৰীক্ষাৰ ফলাফলৰ ক্ষেত্ৰত অসমৰ দৰে বিশেষ মূল্যাংকন পদ্ধতি (Evaluation Method) গ্ৰহণ কৰিছিল ত্ৰিপুৰা চৰকাৰে । পিছে মূল্যাংকন পদ্ধতিৰে দিয়া ফলাফলক লৈ সন্তুষ্ট নহয় একাংশ শিক্ষাৰ্থী । যাৰ বাবে বহু স্থানত প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ।

বিৰোধী কংগ্ৰেছ দলেও চৰকাৰৰ সিদ্ধান্তক গৰিহণা দিছে । ইয়াৰ মাজতে শনিবাৰে কংগ্ৰেছৰ ছাত্ৰ সংগঠন এনএছইউআইৰ (NSUI) উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । সকলো শিক্ষাৰ্থীকে উত্তীৰ্ণ কৰি দিয়াৰ দাবীত নিশালৈকে সংগঠনটোৱে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদত শ শ শিক্ষাৰ্থীয়েও অংশগ্ৰহণ কৰে ।

NSUI protest
ত্ৰিপুৰাত মাধ্যমিক পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীৰ প্ৰতিবাদ

কংগ্ৰেছ ভৱনৰ পৰা সচিবালয়লৈ এক প্ৰতিবাদী সমদলৰো আয়োজন কৰে প্ৰতিবাদকাৰীসকলে । অৱশ্যে প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে বাধা দিয়ে । প্ৰতিবাদকাৰীসকলে আৰক্ষীয়ে স্থাপন কৰা বেৰিকেড ভাঙিবলৈ চেষ্টা কৰে যদিও যথেষ্ট সংখ্যক শিক্ষাৰ্থীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । পশ্চিম আগৰতলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰতিবাদকাৰী শিক্ষাৰ্থীসকলক এডি নগৰ আৰক্ষী ক্ষেত্ৰলৈ লৈ যায় ।

এনএছইউআইৰ উপ-সভাপতি সম্ৰাট ৰয়ৰ মতে ত্ৰিপুৰা মাধ্যমিক শিক্ষা পৰিষদে প্ৰস্তুত কৰা মূল্যাংকন প্ৰক্ৰিয়াটো ত্ৰুটিপূৰ্ণ আছিল । সেয়ে সকলো পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰি দিয়াৰ লগতে প্ৰত্যককে ৫০ শতাংশ নম্বৰ দিয়াৰ দাবী জনাই ছাত্ৰ নেতাগৰাকীয়ে । সন্ধিয়া প্ৰতিবাদী শিক্ষাৰ্থীসকলক মুকলি কৰি দিয়া হয় যদিও থানাৰ চৌহদত পুনৰ প্ৰতিবাদত বহে শিক্ষাৰ্থীসকল । শিক্ষামন্ত্ৰীৰ আশ্বাস অবিহনে সেই স্থান ত্যাগ নকৰাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :ত্ৰিপুৰাত বাঁওপন্থীৰ পৰা সহায় বিচাৰিলে তৃণমূলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.