ETV Bharat / bharat

বিজেপিক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য ৰাহুলৰ

author img

By

Published : Apr 3, 2021, 1:38 PM IST

কংগ্ৰেছে নিৰ্বাচনত জয় লাভ নকৰাৰ বাবে এইবাৰ ৰাহুল গান্ধীয়ে দোষ জাপি দিলে গেৰুৱা দল বিজেপিৰ ওপৰত । বিজেপিৰ ধনবল আৰু সংবাদ মাধ্যমৰ ওপৰত থকা প্ৰভুত্বৰ বাবে আন ৰাজনৈতিক দলে নিৰ্বাচনত পৰাজয় বৰণ কৰিবলগীয়া হয় বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ।

কেৱল কংগ্ৰেছেই নহয়, বিএছপি, এছপি, এনচিপিয়েও নিৰ্বাচনত জয় লাভ নকৰেঃ ৰাহুল গান্ধী

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: অন্তৰ্কন্দলৰ ওৰ নপৰা কংগ্ৰেছ দল নিৰ্বাচনত পৰাজিত হোৱাৰ এটা নতুন কাৰণ দৰ্শাইছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে । শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক পৰিক্ৰমা বিভাগৰ প্ৰাক্তন বিষয়া তথা হাৰ্ৱাৰ্ড কেনেডী স্কুলৰ অধ্যাপক নিক’লাছ বাৰ্ণছৰে হোৱা এক সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে কয় যে, কেৱল কংগ্ৰেছেই নহয়, বিএছপি, এছপি, এনচিপিয়েও নিৰ্বাচনত জয় লাভ কৰিব নোৱাৰে ।

তেওঁ কয় যে, "দেশৰ প্রতিষ্ঠানিক গাঁথনিত পাইকাৰী দখল" আৰু বিত্তীয় আৰু সংবাদ মাধ্যমৰ ওপৰত থকা বিজেপিৰ আধিপত্যৰ বাবে আন ৰাজনৈতিক দলবোৰ পৰাজিত হ'বলগীয়া হৈছে । শেহতীয়াকৈ অসমত বিজেপিৰ নেতাৰ বাহনত ভোটিং মেচিন উদ্ধাৰ হোৱা বিষয়ো উত্থাপন কৰে গান্ধীয়ে । তেওঁ ক্ষোভ প্ৰকাশ কৰি কয় যে, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এনে ধৰণৰ বাতৰি প্ৰকাশ হোৱা নাই । তেওঁ কয় যে, নিৰ্বাচনত যুঁজিবলৈ প্রতিষ্ঠানিক গাঁথনিৰ প্ৰয়োজন আছে ।

লগতে তেওঁ কয় যে, তেওঁক সুৰক্ষা দিব পৰাকৈ ন্যায়িক ব্যৱস্থাৰো প্ৰয়োজন আছে । প্ৰকৃততে এটা ৰাজনৈতিক দল পৰিচালনা কৰিবলৈ অনুমতি দিব পৰাকৈ যুক্তিসংগতভাৱে মুক্ত, বিত্তীয় সমতা থকা এক সম্পূৰ্ণ আন্তঃগাঁথনিৰ প্ৰয়োজনীয়তা আছে বুলিও তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয়, তেওঁৰ ওচৰত এতিয়া সেইবোৰ একো নাই ।

উল্লেখ্য যে, অসমত বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ পিছত পাথাৰকান্দি সমষ্টিত বিজেপি প্ৰাৰ্থীৰ বাহনত এটা ইভিএম উদ্ধাৰ হোৱা বুলি ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ' দেখা পোৱাৰ পিছত নিৰ্বাচনী আয়োগে শুকুৰবাৰে ৪ জন বিষয়াক নিলম্বন কৰে ।

লগতে পঢ়ক: ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী গেহলটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.