ETV Bharat / bharat

নকিয়া ব্লুটুথ নেকবেণ্ড আৰু ট্ৰু ৱায়াৰলেচ ইয়াৰফোন মুকলি ফ্লিপকাৰ্টৰ

author img

By

Published : Apr 6, 2021, 8:02 PM IST

ফ্লিপকাৰ্টে সোমবাৰে নকিয়া ব্লুটুথ নেকবেণ্ড আৰু ট্ৰু ৱায়াৰলেচ ইয়াৰফোন মুকলি কৰে ৷

Nokia Bluetooth neckband, wireless earphones launched on Flipkart
নকিয়া ব্লুটুথ নেকবেণ্ড আৰু ট্ৰু ৱায়াৰলেচ ইয়াৰফোন মুকলি ফ্লিপকাৰ্টৰ

নিউজ ডেক্স, 6 এপ্ৰিল : ই-কমাৰ্চ মাৰ্কেটপ্লেচ ফ্লিপকাৰ্টে সোমবাৰে নকিয়া ব্লুটুথ নেকবেণ্ড আৰু ট্ৰু ৱায়াৰলেচ ইয়াৰফোন মুকলি কৰে, যাৰ ফলত ফ্লিপকাৰ্টত অডিঅ' আৰু ৱায়াৰলেচ সামগ্ৰীৰ পৰিসৰ অধিক সম্প্ৰসাৰিত হয় । ইয়াৰে নেকবেণ্ডটোৰ মূল্য 1,999 টকা, ৱায়াৰলেচ ইয়াৰফোনৰ মূল্য 3,999 টকা হ'ব ৷

ফ্লিপকাৰ্টে জনায় যে, সামগ্ৰী সমূহ 9 এপ্ৰিলৰ পৰা প্লেটফৰ্মটোত উপলব্ধ হ'ব । নকিয়া ব্লুটুথ হেডছেট টি ২০০০ আৰু ট্ৰু ৱায়াৰলেচ ইয়াৰফোন এএনচিটি 3110 মূলত নগৰীয়া মহাবিদ্যালয়ত শিক্ষাৰ্থী আৰু 21 শতিকাৰ যিসকল লোকে মসৃণ আৰু অত্যাধুনিক ডিজাইনৰ সৈতে প্ৰিমিয়াম সামগ্ৰী বিচাৰে তেওঁলোকক লক্ষ্য কৰি বজাৰত আগবঢ়োৱা হৈছে ।

হেডছেটটো কোৱালকম কিউ.চি.চি. 3034 ব্লুটুথ অডিঅ' চিপছেটৰ দ্বাৰা চালিত আৰু কোৱালকম চি.ভি.চি. ইকো কেঞ্ছেলেছন আৰু নইজ চাচপেঞ্ছন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ৷ ‘আমাৰ কোৱালকম কিউচিচি 3034 এপ্টএক্স অডিঅ' প্ৰযুক্তি থকা ব্লুটুথ অডিঅ' এছ.ও.চি. প্ৰিমিয়াম ৱায়াৰলেচ চাউণ্ড কোৱালিটি,ব্যৱহাৰকাৰীৰ আৰামৰ সৈতে আপোচ নকৰাকৈ শক্তিশালী সংযোগ প্ৰদান কৰাৰ বাবে প্ৰস্তুত কৰা হৈছে,’ কোৱালকম ইণ্ডিয়াৰ জ্যেষ্ঠ ব্যৱসায় উন্নয়ন সঞ্চালক উদয় ডোডলাই এক বিবৃতিত এইদৰে কয় ।

নেকবেণ্ডটোত ফাষ্ট চাৰ্জিং সুবিধাও আছে, ইয়াৰ "হপ মোড"ৰ জৰিয়তে, গ্ৰাহকসকলে ডাবল-টেপ ব্যৱহাৰ কৰি সহজে দুটা ডিভাইচৰ সাল-সলনি কৰিব পাৰে । নকিয়া ট্ৰু ৱায়াৰলেচ ইয়াৰফোন এ এনচি টি 3110 ত এটা এক্টিভ নইজ কেঞ্ছেলেছনৰ সুবিধা আৰু আইপিএক্স 7 প্ৰযুক্তি আছে । দুয়োটা ডিভাইচতে ব্লুটুথ 5.1 প্ৰযুক্তি আছে যি অধিক উপলব্ধতা আৰু দক্ষতা নিশ্চিত কৰে ।" আমি অডিঅ' ডিভাইচৰ স্থানত নকিয়াৰ দ্বাৰা দুটা নতুন অফাৰ প্ৰৱৰ্তন কৰি আনন্দিত, কিয়নো বজাৰত অডিঅ' ডিভাইচৰ উচ্চ চাহিদা আৰু বিকাশ দেখা গৈছে " ফ্লিপকাৰ্টৰ ব্যক্তিগত ব্ৰেণ্ডৰ উপ-সভাপতি চাণক্য গুপ্তাই এইদৰে কয় ।

তেওঁ লগতে উদ্ধৃতি দিয়ে, "ই আমাক গ্ৰাহকসকলৰ পেছাদাৰী, ব্যক্তিগত আৰু মনোৰঞ্জনৰ প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ অধিক সুবিধা দিব । এই সম্পূৰ্ণ নতুন অডিঅ' ডিভাইচবোৰে উচ্চ-মানদণ্ডৰ অডিঅ'ৰ প্ৰত্যাশা পূৰণ কৰিব।"

লগতে পঢ়ক : ভাৰতত G-চিৰিজৰ চাৰিটাকৈ টিভি মুকলি কৰিছে আইটেলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.