নিউজ ডেস্ক 11 মে’: ইলেক্ট্ৰনিক কোম্পানী ন’কিয়াই ভাৰতীয় ব্যৱহাৰকাৰীৰ বাবে মুকলি কৰিছে নতুন স্মাৰ্টফোন Nokia C22 । যদি আপুনিও নতুন স্মাৰ্টফোন কিনাৰ প্ৰস্তুতি চলাইছে, তেন্তে ন’কিয়াৰ নতুন স্মাৰ্টফোনটো প্ৰি-বুক কৰিব পাৰিব (nokia C22 price in india)। কোম্পানীটোৱে AI কেমেৰা আৰু তিনিদিনীয়া বেটাৰী লাইফ ফিচাৰৰ সৈতে এই নতুন ডিভাইচটো প্ৰৱৰ্তন কৰিছে । আহক ক্ষন্তেকতে চাওঁ এই ন’কিয়া ফোনটোৰ বৈশিষ্ট্যসমূহ -
Nokia C22ৰ মূল্য
প্ৰথমতে দামৰ কথা ক’বলৈ গ’লে ন’কিয়াই দুটা ভেৰিয়েণ্টত Nokia C22 মুকলি কৰিছে । 2GB + 64GB ষ্ট’ৰেজৰ সৈতে বেছ ভেৰিয়েণ্টটো 7,999 টকাত অনা হৈছে । একে সময়তে 8,499 টকাত মুকলি কৰা হৈছে 4GB+64GB ষ্ট’ৰেজ ভেৰিয়েন্ট । কোম্পানীটোৱে এই নতুন ডিভাইচটো Charcoal, Purple আৰু Sand ৰঙৰ বিকল্পত প্ৰৱৰ্তন কৰিছে ।
Nokia C22ৰ স্পেচিফিকেশন
Nokia C22 ৰ স্পেচিফিকেশন আৰু ফিচাৰৰ কথা ক’বলৈ গ’লে এই ডিভাইচটোক 6.5 ইঞ্চিৰ এলচিডি ডিছপ্লেৰ সৈতে অনা হৈছে (Nokia C22 Launched In India)। কোম্পানীটোৱে অক্টা কোৰ ইউনিছক SC9863A SoC প্ৰচেছৰৰ সৈতে এই ফোনটো প্ৰৱৰ্তন কৰিছে (nokia C22 launch date in india)। Nokia C22 Android 13 Go Edition ত চলিব ।
Nokia C22ৰ কেমেৰা আৰু বেটাৰী
13 আৰু 2 মেগাপিক্সেলৰ চেন্সৰৰ সৈতে ডুৱেল ৰিয়াৰ কেমেৰা ইউনিটৰ সৈতে Nokia C22 লৈ অনা হৈছে । এই ডিভাইচটোত এল ই ডি টৰ্চৰ সুবিধাও আছে । ফ্ৰন্ট কেমেৰাৰ কথা ক’বলৈ গ’লে ডিভাইচটোত আছে 8 মেগাপিক্সেলৰ ফ্ৰন্ট কেমেৰা (nokia phone release date)।
ন’কিয়াই নিজৰ ডিভাইচটো 10W চাৰ্জিং চাপৰ্ট বেটাৰীৰ সৈতে প্ৰৱৰ্তন কৰিছে (nokia c21 launch date in india)। নিৰাপত্তাৰ বাবে ফিংগাৰপ্ৰিণ্ট চেন্সৰৰ সুবিধাও ডিভাইচটোত উপলব্ধ । ইউজাৰে ফোনত আনলক ফিচাৰো লাভ কৰিব (Nokia C22 Launched In India)।