নেশ্বনেল ডেস্ক , 4 নৱেম্বৰ : বুধবাৰে ন'বেল বঁটা বিজয়ী অমৰ্ত্য সেনৰ বাসগৃহত সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা ৷ অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ বোৱাৰী বন্দনা সেনে তেওঁৰ বাসগৃহত আত্মহত্যা কৰে ৷ আত্মহত্যা কৰাৰ সময়ত তেওঁৰ বয়স আছিল 65 বছৰ ৷
জানিব পৰা মতে , অমৰ্ত্য সেনৰ জন্মদিনৰ দিনাই বন্দনা সেনে আত্মহত্যা কৰে ৷
ঘটনাস্থলীত শান্তি নিকেতন আৰক্ষীয়ে এখন চুইচাইড নোট উদ্ধাৰ কৰে ৷ পিছলৈ ঘটনাটোৰ তদন্তৰ বাবে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি নিজৰ জিম্মাত লয় ৷
লগতে পঢ়ক : ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল