ETV Bharat / bharat

চিকিৎসকক দুৰ্ব্যৱহাৰ কৰাৰ কাৰোৰে অধিকাৰ নাই : শিৱৰাজ সিং চৌহান - CM Chouhan supports doctor

মধ্যপ্ৰদেশত কৰ'ণা ৰোগীৰ চিকিৎসা চলোৱা এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ পদত্যাগ । একাংশ লোকে চিকিৎসকগৰাকীক দুৰ্ব্যৱহাৰৰ কৰাৰ বাবে চিকিৎসকগৰাকীয়ে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা পোহৰলৈ আহিছে । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ । এই ঘটনাক লজ্জাজনক আখ্যা দি তেওঁ কয় যে ৰাইজ আৰু চিকিৎসকৰ সহযোগিতা অবিহনে কৰ'ণা মহামাৰীৰ সৈতে মোকাবিলা কৰিব নোৱাৰি ।

চিকিৎসকক দুৰ্ব্যৱহাৰ কৰাৰ কাৰোৰে অধিকাৰ নাই:শিৱৰাজ সিং চৌহান

author img

By

Published : Apr 11, 2021, 2:14 PM IST

নেশ্যনেল ডেস্ক, ১১ এপ্ৰিল : দেশত কৰ'ণা আক্ৰান্তৰ সংখ্যা বৃদ্ধিৰ মাজতে মধ্যপ্ৰদেশত কৰ'ণা ৰোগীৰ চিকিৎসা চলোৱা এগৰাকী জ্যেষ্ঠ চিকিৎসকৰ পদত্যাগ । একাংশ লোকে চিকিৎসক আৰু হাস্পতাল কৰ্মচাৰীক দুৰ্ব্যৱহাৰৰ কৰাৰ বাবে চিকিৎসকগৰাকীয়ে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা পোহৰলৈ আহিছে । এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ । এই ঘটনাক লজ্জাজনক আখ্যা দি তেওঁ কয় যে ৰাইজ আৰু চিকিৎসকৰ সহযোগিতা অবিহনে কৰ'ণা মহামাৰীৰ সৈতে মোকাবিলা কৰিব নোৱাৰি ।

এক সংবাদমেলৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কিছুমান লোকে চিকিৎসক আৰু চিকিৎসালয়ৰ কৰ্মচাৰীসকলক দুৰ্ব্যৱহাৰ কৰাটো অতি লজ্জাজনক, যাৰ ফলত ভূপালৰ জে পি চিকিৎসালয়ত হুলস্থূলৰ সৃষ্টি হৈছে । "কোনো ব্যক্তিৰে আমাৰ চিকিৎসকৰ সৈতে দুৰ্ব্যৱহাৰ কৰাৰ অধিকাৰ নাই।"

লগতে টুইটযোগে তেওঁ কয় যে জে পি চিকিৎসালয়ত সংঘটিত এই ঘটনাই চিকিৎসক, পেৰামেডিকেল কৰ্মচাৰী আৰু চিকিৎসা সেৱাৰ সৈতে জড়িত লোকসকলৰ মনোবল হ্ৰাস কৰিছে যিসকলে ৰাইজৰ কল্যাণৰ বাবে দিনে-ৰাতিয়ে কামত নিয়োজিত হৈ আছে । এইধৰণৰ কাম কৰাৰ বিপৰীতে চিকিৎসা সেৱাৰ লগত জড়িত সকলো লোককে উৎসাহ প্ৰদানৰ বাবে ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ।

চিকিৎসকক দুৰ্ব্যৱহাৰ কৰাৰ কাৰোৰে অধিকাৰ নাই:শিৱৰাজ সিং চৌহান
চিকিৎসকক দুৰ্ব্যৱহাৰ কৰাৰ কাৰোৰে অধিকাৰ নাই:শিৱৰাজ সিং চৌহান

মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ মতে ক'ভিড যোদ্ধাসকলে নিৰন্তৰভাৱে নিজৰ জীৱন বিপদত পেলাই ৰাইজৰ সেৱাত কাম কৰি আহিছে । সেয়ে তেওঁলোকৰ সৈতে সহযোগিতা আগবঢ়াই, তেওঁলোকৰ মনোবল বৃদ্ধি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ ।

উল্লেখ্যে যে শনিবাৰে পুৱা জে পি চিকিৎসালয়ৰ এজন চিকিৎসক যোগেন্দ্ৰ শ্ৰীবাস্তৱে অভিযোগ কৰা মতে এগৰাকী ৰোগীৰ মৃত্যুৰ পিছত আত্মীয়সকলে চিকিৎসকজনৰ ওপৰত সঠিক চিকিৎসাৰ অভাৱৰ অভিযোগ উত্থাপন কৰিছিল আৰু দুৰ্ব্যৱহাৰ কৰিছিল । ইতিমধ্যে হাস্পতাল কৰ্তৃপক্ষই বিষয়টোৰ তদন্তৰ আহ্বান জনাইছে।

লগতে পঢ়ক:নিৰ্বাচনী আচৰণ বিধিক ‘মোদী আচৰণ বিধি’ হিচাপে পুনৰ নামকৰণ কৰক : মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.