ETV Bharat / bharat

ভাৰতীয় সেনাৰ ধৈৰ্যৰ পৰীক্ষা লোৱা উচিত নহয় : সেনাধ্য়ক্ষ - পূব লাডাখৰ গলৱান

সৈনিক দিৱসৰ দিনটোতে বিৰোধী দেশ চীন আৰু পাকিস্তানক সকীয়নি ভাৰতীয় সেনাৰ সেনাধ্য়ক্ষ জেনেৰেল এম এম নৰৱানেৰ । সৈনিক দিৱসৰ পেৰেডত অংশ লৈ সেনাধ্য়ক্ষ গৰাকীয়ে কয় যে সীমান্তত একপক্ষীয় পৰিৱৰ্তনৰ বাবে কৰা ষড়যন্ত্ৰক ইতিমধ্য়ে প্ৰতিক্ৰিয়া কৰা হৈছে আৰু পূব লাডাখৰ গলৱান বীৰৰ ত্য়াগ অথলে যাবলৈ নিদিয়ে ভাৰতীয় সেনাই ।

ভাৰতীয় সেনাৰ ধৈৰ্যৰ পৰীক্ষা লোৱা উচিত নহয় : সেনাধ্য়ক্ষ

author img

By

Published : Jan 15, 2021, 2:31 PM IST

নিউজ ডেস্ক , ১৫ জানুৱাৰী : দেশৰ বিভিন্ন প্ৰান্তত শুকুৰবাৰৰ দিনটোত আয়োজন কৰা হৈছে সৈনিক দিৱসৰ । এই বিশেষ দিনটোতে বিৰোধী দেশ চীনক সকীয়নি ভাৰতীয় সেনাৰ সেনাধ্য়ক্ষ জেনেৰেল এম এম নৰৱানেৰ । তেওঁৰ মতে ভাৰতৰ ধৈৰ্য পৰীক্ষা লোৱাৰ ভুল কোনেও কৰিব নালাগে । সৈনিক দিৱসৰ পেৰেডত অংশ লৈ সেনাধ্য়ক্ষ গৰাকীয়ে কয় যে সীমান্তত একপক্ষীয় পৰিৱৰ্তনৰ বাবে কৰা ষড়যন্ত্ৰক ইতিমধ্য়ে প্ৰতিক্ৰিয়া কৰা হৈছে আৰু পূব লাডাখৰ গলৱান বীৰৰ ত্য়াগ অথলে যাবলৈ নিদিয়ে ভাৰতীয় সেনাই ।

অতি ধৈৰ্য সহকাৰে আলোচনা আৰু ৰাজনৈতিক হস্তক্ষেপৰে সংঘাট দূৰ কৰাৰ চেষ্টা অব্য়াহত ৰাখিছে ভাৰতে কিন্তু এই ধৈৰ্যৰ পৰীক্ষা লোৱাৰ ভুল নকৰিবলৈ দাবী জনাই সেনাধ্য়ক্ষজনে । তেওঁ লগতে দেশবাসীক উদ্দেশ্য়ি কয় যে গলবানত সেনাৰ বলিদান কেতিয়াও অথলে যাবলৈ নিদিয়ে আৰু ভাৰতীয় সেনাই দেশৰ সাৰ্বভৌমত্ব আৰু সুৰক্ষাৰ ক্ষতি হ'বলৈ নিদিয়ে ।

উল্লেখ যে যোৱা বছৰ ১৫ জুনত গলবান ঘাটিত চীন আৰু ভাৰতীয় সেনাৰ সংঘৰ্ষত ভাৰতীয় সেনাৰ ২০ গৰাকী জোৱানে প্ৰাণ হেৰুৱাইছিল । কিন্তু এই সংঘৰ্ষত চীনৰ কিমান সেনাৰ মৃত্য়ু বা আঘাট প্ৰাপ্ত হৈছে সেয়া এতিয়াও স্বীকাৰ কৰা নাই চীনে । এটা আমেৰিকাৰ চোৰাংচোৱাৰ এক তথ্য় অনুসৰি চীনৰ প্ৰায় ৩৫ সেনা হতাহত হৈছে এই ঘটনাত । এই সংঘৰ্ষৰ প্ৰসংগক্ৰমে সেনাধ্যক্ষ গৰাকীয়ে কয় যে চীন আৰু ভাৰতৰ সেনাৰ মাজত এতিয়ালৈ প্ৰায় ৮ বাৰকৈ আলোচনা হৈছে । সমান সুৰক্ষা আৰু অধিকাৰৰ বাবে ভাৰতে বৰ্তমান পৰিস্থিতিৰ সমাধানৰ বাবে চেষ্টা অব্য়াহত ৰাখিব বুলিও কয় সেনাধ্যক্ষ এম এম নৰৱানে ।

ইফালে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া পাকিস্তানৰ প্ৰসংগটো তেওঁ কয় যে কুচক্ৰান্ত ৰচনা কৰা বিৰোধীক সীমান্তত উচিত প্ৰত্যুত্তৰ দি থকা হৈছে । লগতে তেওঁ কয় যে পাকিস্তানে নিয়ন্ত্ৰণ ৰেখাৰ পিছফালে প্ৰায় তিনিশৰ পৰা চাৰিশ সন্ত্ৰাসবাদীক প্ৰশিক্ষণ দি সংঘৰ্ষৰ বাবে সাজু কৰিছে আনকি বিগত বছৰত পূৰ্বতকৈ অধিকবাৰ পাকিস্তানে যুদ্ধ বিৰতি উলংঘন কৰি গুলীবৰ্ষনো কৰা দেখা গৈছে ।

লগতে পঢ়ক :মহাৰাষ্ট্ৰত বাৰ্ড ফ্লুৰ ভয়ংকৰ ৰূপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.