ETV Bharat / bharat

সুৰাৰ হোম ডেলিভাৰী: স্থিতি স্পষ্ট দিল্লী চৰকাৰৰ - Delhi government statement on home delivery of liquor

দিল্লী চৰকাৰে সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি দিয়াৰ কেইঘণ্টামান পিছতে স্পষ্ট কৰিলে নিজৰ স্থিতি ৷ চৰকাৰখনে এই সন্দৰ্ভত কোনো বিশেষ অনুজ্ঞাপত্ৰ জাৰি নকৰাৰ কথা সদৰী কৰে ৷ ইয়াৰ বিপৰীতে অনুজ্ঞাপত্ৰ সংশোধন কৰাৰ কথাহে ব্যক্ত কৰে ৷

সুৰাৰ হোম ডেলিভাৰী: স্থিতি স্পষ্ট দিল্লী চৰকাৰৰ

author img

By

Published : Jun 2, 2021, 9:11 AM IST

নেশ্যনেল ডেস্ক,2 জুন: দিল্লী চৰকাৰে মঙলবাৰে স্পষ্ট কৰি দিয়ে যে তেওঁলোকে অনলাইন বা কোনো ম’বাইল এপৰ জৰিয়তে ৰাজধানী চহৰখনত সুৰাৰ হোম ডেলিভাৰীৰ বাবে কোনো অনুজ্ঞাপত্ৰ জাৰি কৰা নাই ৷ ইয়াৰ বিপৰীতে আবকাৰী নীতি-নিয়মৰ অধীনতহে ইয়াৰ সংশোধন কৰা হৈছে ৷ মঙলবাৰে সন্ধিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে জাৰি কৰা এক নতুন বিবৃতিত কোৱা হৈছে যে, এল-১৩ হৈছে এক অনুজ্ঞাপত্ৰ, যাক সংশোধন কৰা হৈছে ৷ এল-13 বা হোম ডেলিভাৰীৰ লাইচেঞ্চৰ বাবে কোনো অনুজ্ঞাপত্ৰ জাৰি কৰা নাই দিল্লী চৰকাৰে ৷

দিল্লী চৰকাৰে এই বিষয়ত স্পষ্টীকৰণ দিয়াৰ কেইঘণ্টামান পূৰ্বে নতুন আবকাৰী নীতিৰ অধীনত অৰবিন্দ কেজৰিৱাল চৰকাৰে দিল্লীত সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি দিয়াৰ খবৰ প্ৰচাৰ হৈছিল ৷ বিবৃতিটোত উল্লেখ কৰা অনুসৰি, এল-১৩ ৰ অধীনত ভাৰতীয় সুৰাৰ খুচুৰা বিক্ৰী আৰু হোম ডেলিভাৰীৰ লগতে অনুজ্ঞাপত্ৰ থকাসকলক বিদেশী সুৰাৰ খুচুৰা বিক্ৰীৰ অনুমতি দিয়া হয় ৷

বিগত সোমবাৰে জাৰি হোৱা এক অধিসূচনাত প্ৰকাশিত দিল্লী আবকাৰী (সংশোধনী) নিয়ম, 2021 অনুসৰি, "এল-13 অনুজ্ঞাপত্ৰ থকা লোকসকলক ঘৰে ঘৰে সুৰা বিতৰণ কৰিবলৈ অনুমতি দিয়া হ'ব"। দিল্লী চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছিল যে, ৰাজ্যৰ প্ৰশাসনে ইয়াৰ নতুন আবকাৰী নীতি ২০২১ ৰ অধীনত এল-১৩ শ্ৰেণীৰ বিক্ৰেতাসকলৰ বাবে অনলাইন সুৰা যোগানৰ ব্যৱস্থা কৰিছিল ৷ কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে কোনো অনুজ্ঞাপত্ৰ জাৰি কৰা নাই ৷

বিষয়টোৰ সন্দৰ্ভত মঙলবাৰে দিল্লীৰ এগৰাকী চৰকাৰী বিষয়াই এয়া এক অপব্যাখ্যা বুলি স্পষ্ট কৰি দিয়ে ৷ চৰকাৰী অধিসূচনাৰ আধাৰত দিল্লী চৰকাৰে ভাৰতীয় আৰু বিদেশী সুৰাৰ হোম ডেলিভাৰীৰ অনুমতি দিছে, কিয়নো সম্প্ৰতি চহৰখনত ক’ভিড-19 ৰ নিষেধাজ্ঞা অব্যাহত আছে ৷

লগতে চাওকঃ অমানৱীয় লংকাকাণ্ড: চিকিৎসক প্ৰহাৰৰ ঘটনাক লৈ দেশজুৰি প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.