ETV Bharat / bharat

Bihar Professor Gandhigiri: শিক্ষাৰ্থী নাই বাবে অধ্যাপকে উভতাই দিলে দৰমহা

author img

By

Published : Jul 7, 2022, 10:38 AM IST

সততাৰ আজিও অভাৱ হোৱা নাই । ইয়াৰে নিদৰ্শন দাঙি ধৰিছে বিহাৰৰ এগৰাকী হিন্দী বিষয়ৰ সহকাৰী অধ্যাপকে । নীতিশৱাৰ মহাবিদ্যালয়ৰ হিন্দী বিষয়ৰ সহকাৰী অধ্যাপক ড০ লালন কুমাৰে ২ বছৰ ৯ মাহৰ দৰমহা ২৩ লাখ টকা ঘূৰাই দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক( Assistant Professor of Hindi in Nitishwar College Dr Lalan Kumar)। কাৰণ শিক্ষাৰ্থীয়ে তেওঁৰ হিন্দী বিষয়ত নামভৰ্তি কৰিছে যদিও উপস্থিতি প্ৰায় শূন্য।

bihar
Bihar Professor Gandhigiri:শিক্ষাৰ্থী নাই বাবে অধ্যাপকে উভতাই দিলে দৰমহা

নেচনেল ডেস্ক,৭ জুলাই: বিহাৰৰ নীতিশৱাৰ মহাবিদ্যালয়ৰ হিন্দী বিষয়ৰ সহকাৰী অধ্যাপক ড০ লালন কুমাৰে এনে এক নজিৰ স্থাপন কৰিছে যাৰ বিষয়ে আজি সকলোতে চৰ্চা হৈছে( Assistant Professor of Hindi in Nitishwar College Dr Lalan Kumar)। ড০ লালন কুমাৰে তেওঁৰ ২ বছৰ ৯ মাহৰ দৰমহা ২৩ লাখ টকা ঘূৰাই দিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষক । ড০ লালন কুমাৰে পোনপটীয়াকৈ বিশ্ববিদ্যালয়ত উপস্থিত হৈ দৰমহাখিনি ঘূৰাই দি কয়,'মই মহাবিদ্যালয়খনত ২ বছৰ আৰু ৯ মাহ ধৰি এজনো ছাত্ৰক পঢ়ুওৱা নাই।'

সহকাৰী অধ্যাপকগৰাকীৰ এই সিদ্ধান্তই বিশ্ববিদ্যালয়খনত এক আলোড়নৰ সৃষ্টি কৰে । বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড০ আৰ কে ঠাকুৰে তেওঁক এনে সিদ্ধান্ত নল'বলৈ কয় যদিও লালন কুমাৰ তেওঁৰ সিদ্ধান্তত অটল থাকে । দৰাচলতে নীতিশৱাৰ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপস্থিতিৰ বাবে সহকাৰী অধ্যাপক ড০ লালন কুমাৰে মঙলবাৰে বিআৰএ বিহাৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড০ আৰ কে ঠাকুৰক এই ধন ওভতাই দিয়ে । অৱশ্য়ে পঞ্জীয়নকৰ্তাই প্ৰথমে চেকখন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল ।

'নীতিশৱাৰ মহাবিদ্যালয়ত মোৰ শিক্ষকতাৰ কামৰ বাবে মই কৃতজ্ঞ অনুভৱ কৰা নাই । সেয়েহে মই নিযুক্তিৰ তাৰিখৰ পৰা এতিয়ালৈকে সমগ্ৰ দৰমহাৰ পৰিমাণ ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীয়ে দিয়া বিবেকৰ জ্ঞান আৰু কণ্ঠস্বৰৰ ওপৰত উৎসৰ্গা কৰিছো । মোক নিযুক্তি দিয়াৰ পিছৰে পৰা মই মহাবিদ্যালয়ত পঢ়াৰ পৰিৱেশ দেখা নাছিলো । ১,১০০গৰাকী শিক্ষাৰ্থীয়ে হিন্দীত নামভৰ্তি কৰিছে যদিও উপস্থিতি প্ৰায় শূন্য । মই মোৰ শৈক্ষিক দায়িত্ব পালন কৰিবলৈ সক্ষম নহয় । এনে পৰিস্থিতিত দৰমহা লোৱাটো অনৈতিক ।' নীতিশৱাৰ মহাবিদ্যালয়ৰ হিন্দী বিষয়ৰ সহকাৰী অধ্যাপক ড০ লালন কুমাৰে ধন ওভতাই এনেদৰে কয় ।

উল্লেখ্য় যে ড০ লালন কুমাৰক ২০১৯ৰ ২৪ ছেপ্টেম্বৰত উক্ত পদত নিযুক্তি দিয়া হৈছিল। তেওঁ ইয়াত পঢ়াৰ পৰিৱেশ দেখা নাছিল বাবে বিশ্ববিদ্যালয়ক তেনে এখন মহাবিদ্যালয়লৈ বদলি কৰিবলৈ অনুৰোধ কৰিছিল য'ত তেওঁ শৈক্ষিক কাম কৰাৰ সুযোগ পাব । কিন্তু বিশ্ববিদ্যালয়খনে এই সময়ছোৱাত ৬ বাৰ বদলিৰ নিৰ্দেশ দিছিল যদিও ড০ লালন কুমাৰে মানি লোৱা নাছিল ।

সাধাৰণ কৃষক পৰিয়ালৰ পৰা অহাৰ পাছতো বৈশালীনিবাসী ড০ লালন কুমাৰে পিছত উচ্চ অধ্যয়নৰ বাবে দিল্লীলৈ গৈছিল । তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক, জেএনইউৰ পৰা স্নাতকোত্তৰ আৰু তাৰ পিছত পি এইচ ডি তথা দিল্লী বিশ্ববিদ্যালয়ৰ পৰা এম ফিল ডিগ্ৰী লাভ কৰে( Graduation from Delhi University, PG from JNU and PhD, MPhil from Delhi University)। স্বৰ্ণ পদক বিজয়ী ড০ লালনে একাডেমিক এক্সিলেন্স প্ৰেচিডেণ্ট এৱাৰ্ডো লাভ কৰিছে ।

লগতে পঢ়ক: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক দুৰ্যোগত পাঁচ মাহত ভাৰতীয় সেনাৰ 40 জন জোৱান শ্বহীদ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.