ETV Bharat / bharat

৬০,০০০ কিল’মিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লক্ষ্য গাডকাৰীৰ

পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ মন্ত্ৰী নীতিন গাডকাৰী(Nitin Gadkari)ৰ লক্ষ্য হৈছে ২০২৪ চনৰ ভিতৰত ৬০,০০০ কিল’মিটাৰ বিশ্বমানৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা । শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে । ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰতিদিনে ৪০ কিল’মিটাৰ পথ নিৰ্মাণ কৰিব লাগিব ।

Nitin Gadkari reaction on world class national highway
২০২৪ চনৰ ভিতৰত ৬০,০০০ কিঃমিঃ বিশ্ব মানৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ লক্ষ্য গাডকাৰীৰ
author img

By

Published : Jul 10, 2021, 12:54 PM IST

নেশ্যনেল ডেস্ক, ১০ জুলাই : ভাৰতৰ পথ পৰিবহণৰ ক্ষেত্ৰত আমূল পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছে পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী(Nitin Gadkari)য়ে । শুকুৰবাৰে নিজৰ লক্ষ্যৰ বিষয়ে প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । গাডকাৰীৰ লক্ষ্য হৈছে ২০২৪ চনৰ ভিতৰত ৬০,০০০ কিল’মিটাৰ বিশ্বমানৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা । এই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰতিদিনে ৪০ কিল’মিটাৰ পথ নিৰ্মাণ কৰিব লাগিব বুলিও তেওঁ মন্তব্য কৰে ।

ভাৰতত পথ উন্নয়ন বিষয়ক ১৬ সংখ্যক বাৰ্ষিক সন্মিলনত বক্তব্য আগবঢ়াই গাডকাৰীয়ে এই মন্তব্য কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰতক বিভিন্ন দিশৰ পৰা প্ৰায় ৬৩ লাখ কিল’মিটাৰযোৰা পথে সংযোগ কৰি ৰাখিছে আৰু এয়া হৈছে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পথ সংযোগ ব্যৱস্থা । ভাৰতীয় অৰ্থনীতিৰ বিকাশত পথৰ আন্তঃগাঁথনিয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বুলিও গাডকাৰীয়ে মন্তব্য কৰে । তেওঁ লগতে জানিবলৈ দিয়ে যে, চৰকাৰে ৰাষ্ট্ৰীয় আন্তঃগাঁথনি পাইপলাইনৰ(National Infrastructure Pipeline) জৰিয়তে আন্তঃগাঁথনি উন্নয়নৰ বাবে ১১১ লাখ কোটি টকা বিনিয়োগ কৰিছে ।

চৰকাৰে প্ৰতি বছৰে এই পুঁজি বৃদ্ধি কৰি আহিছে । চলিত বিত্তীয় বৰ্ষত আন্তঃগাঁথনি উন্নয়নৰ পুঁজি ৩৪ শতাংশ বৃদ্ধি কৰি ৫.৫৪ লাখ কোটি টকা ধাৰ্য কৰা হৈছে । নীতিন গাডকাৰীয়ে লগতে কয় যে, তেওঁৰ মন্ত্ৰালয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে স্মাৰ্ট চিটি, টাউনশ্বিপ, লজিষ্টিক পাৰ্ক আদি নিৰ্মাণৰ অনুমতি দিবলৈ কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা সন্মতি বিচাৰিব ।

ইয়াৰ বাবে মন্ত্ৰী পৰিষদলৈ বিভাগৰ তৰফৰ পৰা এক প্ৰস্তাৱ আগবঢ়োৱা হৈছে । এই প্ৰস্তাৱত মন্ত্ৰী পৰিষদে অনুমোদন জনালে পৰৱৰ্তী পৰ্যায়ৰ বিষয়ে পৰিকল্পনা কৰা হ'ব । উন্নত মানৰ নিৰ্মাণকাৰ্য সম্পন্ন হোৱাতো নিশ্চিত কৰি পথৰ নিৰ্মাণ কাৰ্যত ইস্পাত আৰু চিমেণ্টৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগে । লগতে পথ নিৰ্মাণত ব্যৱহৃত যন্ত্ৰৰ বাবে চি এন জি, এল এন জি আৰু ইথানল ব্যৱহাৰ কৰিব লাগে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ।

লগতে পঢ়ক: মহামাৰীৰ ভয়াৱহতা এতিয়াও দূৰ হোৱা নাই : স্বাস্থ্য মন্ত্ৰালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.