ETV Bharat / bharat

দেশৰ পৰম্পৰাগত উদ্যাগৰ বিকাশৰ বাবে বিশেষ আঁচনি মুকলি - এমএছএমই

'স্ফুৰ্টি' আঁচনিৰ অধীনত দেশত ৫০ টাকৈ ক্লাষ্টাৰ মুকলি । ক্লাষ্টাৰ যেনে খাদী, কয়ৰ, হস্তশিল্প, হস্ততাঁত, কাঠশিল্প, চামৰা, মৃৎশিল্প আদিৰ উন্নয়নৰ বাবে প্ৰায় ৮৫ কোটি টকাৰ পুঁজি আবন্টন দিছে চৰকাৰে ।

দেশৰ পৰম্পৰাগত উদ্যাগৰ বিকাশৰ বাবে বিশেষ আঁচনি মুকলি

author img

By

Published : Feb 23, 2021, 3:38 PM IST

নিউজ ডেস্ক,২৩ ফেব্ৰুৱাৰী: কেন্দ্ৰীয় ক্ষুদ্ৰ আৰু মধ্যম উদ্যোগ (এমএছএমই) আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে সোমবাৰে ১৮ খন ৰাজ্যক সামৰি পৰম্পৰাগত উদ্যোগৰ পুনৰুত্থানৰ বাবে ৫০ টা শিল্পৰ লগত জড়িত শিল্পীৰ উন্নয়নৰ বাবে বিশেষ পুঁজিৰ আঁচনি 'স্ফুৰ্টি' উদ্বোধন কৰে। ৫০ টা ক্লাষ্টাৰ যেনে মছলিন, খাদী, কয়ৰ, হস্তশিল্প, হস্ততাঁত, কাঠশিল্প, চামৰা, মৃৎশিল্প, কাৰ্পেট বয়ন, বাঁহ, কৃষি-প্ৰক্ৰিয়াকৰণ, চাহ আদিৰ পৰম্পৰাগত খণ্ডত ৪২ হাজাৰৰো অধিক শিল্পীক উৎসাহিত কৰাৰ উদ্দেশ্যে এই আঁচনিৰ মুকলি কৰা বুলি এক প্ৰেছ বিবৃতিত প্ৰকাশ কৰা হৈছে । এমএছএমই মন্ত্ৰালয়ে এই ৫০ টা ক্লাষ্টাৰৰ বিকাশৰ বাবে প্ৰায় ৮৫ কোটি টকাৰ পুঁজি আবন্টন দিছে ।

এমএছএমই মন্ত্ৰালয়ে পৰম্পৰাগত উদ্যোগ আৰু শিল্পীসকলৰ মাজত প্ৰতিযোগিতা বৃদ্ধি কৰিবলৈ আৰু তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰাৰ বাবে ক্লাষ্টাৰত সংগঠিত কৰাৰ লক্ষ্যৰে 'স্ফুৰ্টি' ৰূপায়ণ কৰিছে । বিশেষ আঁচনি উদ্বোধন কৰি মন্ত্ৰী নীতিন গাডকাৰীয়ে গাৱঁত প্ৰস্তুত কৰা সামগ্ৰীবোৰ কেনেদৰে আকৰ্ষণীয় কৰি বজাৰত ইয়াৰ ছাহিদা বৃদ্ধি কৰিব পাৰি তাক লৈ অধিক গৱেষণাৰ প্ৰয়োজন বুলি মন্তব্য কৰে । তেওঁ লগতে পৰম্পৰাগত সামগ্ৰীৰ ডিজাইন আৰু আকৰ্ষণীয়কৈ নিৰ্মাণ কৰিবলৈ আহমেদাবাদৰ ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠানৰ সহায় ল'বলৈও পৰামৰ্শ প্ৰদান কৰে । লগতে ভাৰত আৰু বিদেশত এই সামগ্ৰীবোৰৰ এখন বজাৰ সৃষ্টিৰ বাবে আমাজন বা আলিবাবাৰ দৰে এটা ৱেব পোৰ্টেলৰ প্ৰয়োজন বুলি স্বীকাৰ কৰে মন্ত্ৰী গৰাকীয়ে । মন্ত্ৰীজনে এনে ক্লাষ্টাৰ গঠনৰ গতি বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তা আছে বুলিও উল্লেখ কৰি কয় যে এতিয়ালৈকে ঘোষণা কৰা ৩৭১ টা ক্লাষ্টাৰৰ ভিতৰত এতিয়া মাত্ৰ ৮২ টাহে প্ৰকৃততে কাৰ্যকৰী হৈছে ।

এমএছএমই ৰাজ্যিক মন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰংগীসহ বিভাগৰ বহু শীৰ্ষ বিষয়াৰ উপস্থিতিত মুকলি কৰা হয় ক্লাষ্টাৰৰ এই বিশেষ আঁচনিখন । উল্লেখ যে অন্ধ্ৰপ্ৰদেশ, অৰুণাচল প্ৰদেশ, অসম, ছত্তীশগড়, গুজৰাট, হাৰিয়ানা, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, মণিপুৰ, নাগালেণ্ড, উৰিষ্যা, ৰাজস্থান, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগ ৰাজ্যৰ বাবে এই ক্লাষ্টাৰবোৰ উদ্বোধন কৰা হৈছে ।

লগতে পঢ়ক:'অতি বেয়া' শ্ৰেণীৰ অন্তৰ্ভূক্ত দিল্লীৰ বায়ুৰ গুণগত মান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.