ETV Bharat / bharat

আগ্ৰাত ট্ৰাক আৰু স্কপি'অৰ মুখামুখি সংঘৰ্ষত নিহত ৯ - স্কৰপি'অ

বৃহস্পতিবাৰে পুৱাই ইতমাদপুৰ অঞ্চলত এখন স্কৰপি'অ বাহন আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নজন লোক মৃত্যু হোৱাৰ লগতে চাৰিজন গুৰুতৰভাৱে আহত হয় । আহত লোকসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

আগ্ৰাত ট্ৰাক আৰু স্কপি'অৰ মুখামুখি সংঘৰ্ষত নিহত ৯

author img

By

Published : Mar 11, 2021, 1:22 PM IST

নিউজ ডেস্ক, ১৩ মাৰ্চ: বৃহস্পতিবাৰে পুৱাই আগ্ৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । আগ্ৰাৰ ইতমাদপুৰ অঞ্চলত এখন স্কৰপি'অ বাহন আৰু এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ সংঘটিত হয় । দুৰ্ঘটনাটোত স্কৰপি'অ বাহনখন পথৰ দাঁতিৰ দ খাৱৈত বাগৰি পৰে । ফলত দুৰ্ঘটনাস্থলীত থিতাতে নিহত হয় নজনকৈ লোক আৰু গুৰুত্বৰভাৱে আহত হয় আঠজন লোক । আহতসকলক ইতিমধ্যে স্থানীয় লোকে ততাতৈয়াকৈ এচ এন চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । নিহত লোকসকলক বৰ্তমানেও চিনাক্ত কৰা হোৱা নাই । প্ৰাতঃভ্ৰমণলৈ অহা লোকসকলে প্ৰথমে দুৰ্ঘটনাতো প্ৰত্যক্ষ কৰে । পাচত এম্বুলেন্সক ফোন কৰি আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰি আৰক্ষীক খবৰ দিয়ে । পাচত দুৰ্ঘটনাটোত ক্ষতিগ্ৰস্ত স্কৰপি'অ বাহনখনৰ পৰা মৃতদেহবোৰ উদ্ধাৰ কৰে ।

ঘটনা সন্দৰ্ভত আৰক্ষী বিষয়া এগৰাকী জনোৱা অনুসৰি, নম্বৰবিহীন স্কৰপি'অ বাহনখনত থকা আটাইকেইগৰাকী যাত্ৰী ঝাৰখণ্ড অভিমুখে গৈ থকাৰ সময়তে এই দুৰ্ঘটনাতো সংঘটিত হয় । ইফালে ট্ৰাকখন নাগালেণ্ডৰ বুলি জানিব পৰা গৈছে । সম্প্ৰতি নিহত আৰু আহত লোকসকলৰ পৰিয়ালক যোগাযোগ কৰিবলৈ আৰক্ষীয়ে প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: মণিপুৰৰ সীমান্তত আছাম ৰাইফলছৰ সুৰক্ষা বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.