নেশ্যনেল ডেস্ক, 22 মাৰ্চ: বিহাৰৰ জেহানাবাদ অঞ্চলৰ এটা শিশু পুনৰ্বাসন কেন্দ্ৰত আজৱ ঘটনা (Child reform home in jehanabad) ৷ কেন্দ্ৰটোৰ পৰা পলায়ন 9 নাবালক কয়দীৰ ৷ কেন্দ্ৰটোৰ এখন খিৰিকি ভাঙি মঙলবাৰে নিশা পলায়ন কৰে নাবালককেইটাই ৷ চৰকাৰী তথ্য মতে, ৰাজ্যখনৰ বিভিন্ন স্থানত সংঘটিত হোৱা অপৰাধজনিত ঘটনাত গ্ৰেপ্তাৰ হৈছিল নাবালককেইটা ৷
সূত্ৰ অনুসৰি, কেন্দ্ৰটোৰ খিৰিকি ভঙাৰ পাচত দেৱাল পাৰ হৈ নিশা পলায়ন কৰে কিশোৰকেইটাই ৷ পলাতক কিশোৰকেইটাৰ ভিতৰত আছে বিহাৰৰ বৈশালী জিলাৰ 6 টা, আৰৱাল জিলাৰ দুটা আৰু এটা জেহানাবাদৰ স্থানীয় কিশোৰ ৷ অৱশ্যে এই পৰ্যন্ত সন্ধান লাভ কৰা নাই পলাতক নাবালককেইটাৰ (Child escaped from child reform home) ৷
বুধবাৰে পুৱাৰ ভাগতহে শিশু পুনৰ্বাসন কেন্দ্ৰটোৰ কৰ্তৃপক্ষই অৱগত হয় এই কথা ৷ নাবালককেইটা পলায়ন কৰাৰ কথা নিশ্চিত হোৱাৰ পাচতেই কেন্দ্ৰটোৰ কৰ্মচাৰীসকলৰ মাজত সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ কেন্দ্ৰটোৰ তত্বাৱধানত থকা বিষয়াগৰাকীয়ে বিষয়টো স্থানীয় আৰক্ষীক অৱগত কৰাৰ পাচতেই ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াই আৰম্ভ কৰিছে তদন্ত ৷
ইতিমধ্যেই পলাতক নাবালককেইটাক বিচাৰি এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান ৷ ইফালে, কেন্দ্ৰটোত কৰ্তব্যৰত নিৰাপত্তাৰক্ষীসকল কৰ্তব্যৰ পৰা আঁতৰি থকাৰ অৱস্থাতেই এই ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ বন্দী নাবালককেইটা কেনেকৈ পলায়ন কৰিবলৈ সক্ষম হ’ল সেই বিষয়ে অজ্ঞাতা প্ৰকাশ কৰিছে দায়িত্বত থকা নিৰাপত্তাৰক্ষীয়ে (Prisoners escaped from child reform home) ৷
আনহাতে, শিশু পুনৰ্বাসন কেন্দ্ৰৰ পৰা শিশু বা নাবালক পলায়ন কৰা ঘটনা ৰাজ্যখনত এয়াই প্ৰথম নহয় ৷ পূৰ্বেও বহুকেইটা শিশু পুনৰ্বাসন কেন্দ্ৰ পৰা কিশোৰ পলায়ন কৰাৰ ঘটনা সংঘটিত হৈছে ৷ এই ঘটনাই পুনৰ উদঙাই দিলে ৰাজ্যখনৰ নিৰাপত্তাব্যৱস্থাৰ ফোপোলা স্বৰূপটো ৷ নিৰাপত্তাৰ বাবে এক প্ৰণালীবদ্ধ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই এনেসমূহ ঘটনা সঘনাই যে সংঘটি হৈছে সেয়া নিশ্চিত (Child prisoners break out from reform home) ৷
লগতে পঢ়ক: Selfie accident in Haryana: হাৰিয়ানাৰ কোটলা হ্ৰদত চেলফি লোৱাৰ সময়তে নাৱৰ পৰা পৰি চাৰিজনৰ মৃত্যু