ETV Bharat / bharat

থানেলৈ অনা হ‘ল শচীন ৱেজক - এণ্টিলিয়া বোমাতংক

এণ্টিলিয়া বোমাতংক আৰু মনছুখ হীৰেন হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত শচীন ৱেজক ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ (চিএছএমটি)ৰ পৰা থানেলৈ নিয়ে নিয়াই ৷

NIA takes Vaze from CSMT to Thane by local train
স্থানীয় ৰে'লৰ সহায়ত থানেলৈ অনা হ‘ল শচীন ভাজেক
author img

By

Published : Apr 7, 2021, 4:59 PM IST

নেশ্যনেল ডেস্ক,7 এপ্ৰিল: মুম্বাইৰ ব্যৱসায়ী মনছুখ হীৰেন হত্যাকাণ্ডৰ তদন্ত কৰি থকা ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই নিলম্বিত আৰক্ষী বিষয়া শচীন ৱেজক ছত্ৰপতি শিৱাজী মহাৰাজ টাৰ্মিনাছৰ পৰা থানেলৈ এখন স্থানীয় ৰে’লত লৈ যায় ৷ ঘটনাস্থলীত পুনৰ অনুসন্ধান চলাবলৈ শচীন ৱেজক লগত লৈ যাত্ৰা কৰে নিয়াৰ দলটোৱে ৷ এণ্টিলিয়া বোমাতংক আৰু মনছুখ হীৰেন হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত আছিল শচীন ৱেজ ৷

এনআইএয়ে দাবী কৰিছে যে, ৱেজে উদ্যোগপতি মুকেশ আম্বানীৰ বাসগৃহৰ চৌহদত জিলেটিন ষ্টিক ভৰ্তি বাহনখন ৰখাই থৈছিল । পৰৱৰ্তী সময়ত জানিব পৰা গৈছিল যে, উক্ত জিলেটিন ষ্টিক ভৰ্তি বাহনখন হীৰেনৰ আছিল, যাক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল । নিয়াই লগতে কয় যে, হীৰেনক হত্যা কৰাৰ দিনা ৱেজে চিএছএমটিৰ পৰা থানেলৈ যাত্ৰা কৰিছিল ।

ইফালে এনআইএয়ে সোমবাৰে নিশা ১১-১১.৪৫ বজালৈ তদন্ত প্ৰক্ৰিয়া চলাবলৈ ঘটনাস্থলীত উপস্থিত হয় । উক্ত সময়ছোৱাত আৰক্ষী পৰিদৰ্শক বিক্ৰম খলাটে আৰু কেন্দ্ৰীয় ফৰেনচিক বিজ্ঞানৰ গৱেষণাগাৰৰ (চিএফএছএল) এটা দল উপস্থিত আছিল ।

লগতে পঢ়ক: ৰঙিয়া নিৰ্বাচনৰ দায়িত্বত থকা সুৰক্ষা কৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.