ETV Bharat / bharat

Kanhaiya Lal killing case : কানহায়া হত্যাৰ আঁৰত ইছলামী সন্ত্ৰাসবাদী গোট জড়িতৰ সন্দেহ

author img

By

Published : Jun 29, 2022, 8:31 PM IST

কানহায়া হত্যাকাণ্ডৰ গোচৰৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ক অৰ্পন কৰা হৈছে (NIA takes over Udaipur Killing case) ৷ ইছলামৰ নবীৰ বিষয়ে বিতৰ্কিত টুইট কৰা বিজেপি নেত্ৰী নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে দৰ্জী কানহায়া লালক মঙলবাৰে ধনমাণ্ডি বজাৰত তেওঁৰ দোকানৰ ভিতৰত শিৰচ্ছেদ কৰা হৈছিল । অভিযুক্ত গোছ মহম্মদ আৰু ৰিয়াজ আখটাৰীয়ে জঘন্য অপৰাধটোৰ ভিডিঅ' টেপ কৰিছিল ৷ তেওঁলোকক হত্যা কৰাৰ কেইঘণ্টামান পিছতে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জেৰা আৰম্ভ হোৱাৰ লগে লগে বৰ্তমান তেওঁলোকক এক অজ্ঞাত স্থানত ৰখা হৈছে ।

NIA takes over Udaipur Killing case
NIA takes over Udaipur Killing case

নিউজ ডেস্ক, 29 জুন: ৰাজস্থানত মঙলবাৰে সংঘটিত কানহায়া হত্যাকাণ্ডৰ গোচৰৰ দায়িত্ব কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ক অৰ্পন কৰা হৈছে ৷ বুধবাৰে এই গোচৰৰ দায়িত্ব গ্ৰহণ কৰি সংস্থাটোৱে অনুসন্ধান আৰম্ভ কৰিছে (NIA takes over Udaipur Killing case) ৷ ঘটনা সংক্ৰান্তত ভাৰতীয় দণ্ডবিধি 452, 302, 153 (A), 153 (B), 295 (A), 35 আৰু বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা 16, 18 আৰু 20 ৰ অধীনত RC 27/2022/NIA/DLI নম্বৰত এটা গোচৰ ৰুজু কৰিছে NIAই ৷ দুজন যুৱকে নৃশংসভাৱে মঙলবাৰে উদয়পুৰত ডিঙি ৰেপি হত্যা কৰিছিল কানহায়া লাল তেলী নামৰ লোকজনক (Kanhaiya Lal killing)৷

ধনমাণ্ডি থানাত ইতিমধ্যে 81/2022 নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল এই ঘটনাৰ অভিযুক্তৰ বিৰুদ্ধে ৷ কিন্তু NIA ই ঘটনাটোৰ দায়িত্ব গ্ৰহণ কৰাৰ পাচত পুনৰ এটা গোচৰ ৰুজু কৰে ৷ সংস্থাটোৱে গোচৰ দাখিল কৰি এই কথা উল্লেখ কৰে যে, যি দুজন ব্যক্তিয়ে এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰিছিল, তেওঁলোকে সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজত আতংক সৃষ্টি আৰু সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে হত্যাৰ দায়িত্ব স্বীকাৰ কৰি হত্যাৰ ভিডিঅ’ চ’ছিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল ৷

গৃহ মন্ত্ৰণালয়ৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, সন্ত্ৰাসবাদীৰে সংযোগৰ তদন্ত কৰাৰ উপৰিও NIAই গোচৰটোত কোনো পি এফ আইৰ সম্পৰ্ক আছে নেকি সেয়াও তদন্ত কৰিব (Slaps UAPA act on accused as it suspects terror link)। NIA-ই দুয়োজন অভিযুক্তই প্ৰধানমন্ত্ৰীক প্ৰদান কৰা ভাবুকিৰো তদন্ত কৰিব বুলি বিষয়াজনে কয় ।

উল্লেখনীয় যে, অপৰাধ সংঘটিত কৰাৰ পিছত দুয়োজন অভিযুক্তই ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' প্ৰচাৰ কৰিছিল য'ত তেওঁলোকে প্ৰধানমন্ত্ৰীকো ভাবুকি দিছিল । ইফালে, গৃহ মন্ত্ৰালয়ে সমগ্ৰ দেশতে এক সতৰ্কবাণী জাৰি কৰিছে আৰু নিৰাপত্তা সংস্থাসমূহক সংবেদনশীল অঞ্চলসমূহৰ পৰিস্থিতি নিৰীক্ষণ কৰিবলৈ কৈছে । নিৰাপত্তা সংস্থাটোৰ সূত্ৰই ইটিভি ভাৰতক জনাইছে যে চোৰাংচোৱা সংস্থাসমূহে বাৰেলভি উগ্ৰপন্থী গোট তেহৰিক-ই-লাব্বাইকৰ সৈতে সম্পৰ্কিত পাকিস্তানৰ চুন্নী ইছলামবাদী গোট দাৱাত-ই-ইছলামীৰ সৈতে হত্যাকাৰী দুজনৰ সম্পৰ্ক সন্দৰ্ভত তদন্ত কৰি আছে ।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে বুধবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ক তদন্তৰ দায়িত্ব ল'বলৈ নিৰ্দেশ দিয়াৰ পিছত সংস্থাটোৱে এই নৃশংস হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰে ৷ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ লগতে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাৰ অধীনত এজাহাৰ দাখিল কৰে NIA ই । গৃহমন্ত্ৰীৰ কাৰ্যালয়ে আৰু এক আশ্বাস দিছে যে বিষয়টোত যিকোনো সংগঠন আৰু আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক জড়িত থকাৰ পুংখানুপুংখ তদন্ত কৰা হ'ব ।

বিজেপিয়ে বিষয়টোত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজস্থান চৰকাৰৰ অক্ষমতাৰ বাবে ঘটনাটোক দোষাৰোপ কৰে । যোৱা চাৰে তিনি বছৰত ৰাজস্থানৰ ৰাজ্য চৰকাৰে যিধৰণে কাম কৰিছে, সেয়া এই সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে সম্পূৰ্ণৰূপে দায়ী । এইটো এটা বিচ্ছিন্ন ঘটনা নহয়, ৰাজস্থানত এনে ধৰণৰ ঘটনাপুনৰাবৃত্তি হৈছে, আৰু এনে সন্ত্ৰাসবাদী সংগঠন ইয়াত বিকশিত হৈ আছে বুলি বিজেপিৰ ফালৰ পৰা কোৱা হৈছে ৷

কানহায়া লালৰ শোকবিহ্বল পত্নীয়ে কয় যে, মানুহজনে যোৱা ১০-১৫ দিন ধৰি ছ'চিয়েল মিডিয়াত নিৰন্তৰ ভাবুকি লাভ কৰি আহিছে আৰু সেয়েহে তেওঁ দোকানলৈ যাবলৈও ভয় খাইছিল । মৃত স্বামীৰ হত্যাকাৰীসকলৰ বাবে মৃত্যুদণ্ড দাবী কৰি তেওঁ কয়, ‘‘অভিযুক্তজনক ফাঁচী দিয়ক । আজি তেওঁলোকে আমাৰ এজনক হত্যা কৰিছে, কাইলৈ তেওঁলোকে আনকো হত্যা কৰিব’’ ৷

ইছলামৰ পয়গম্বৰ সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰাৰ বাবে বিজেপি দলে বহিষ্কাৰ কৰা নবীন কুমাৰ জিন্দালেও শিৰচ্ছেদ কৰি হত্যা কৰাৰ ভাবুকি পোৱা বুলি দাবী কৰিছে । তেওঁ দাবী কৰে যে, কানহায়াৰ শিৰচ্ছেদ কৰা ভিডিঅ'ৰ সৈতে এটা ইমেইল পাইছিল, যাৰ অৰ্থ হৈছে জিন্দালকো একেধৰণে হত্যা কৰা হ'ব পাৰে ।

ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । হত্যাৰ পিছত, যোৱা নিশা উদয়পুৰৰ স্পৰ্শকাতৰ অঞ্চলত কাৰ্ফিউ জাৰি কৰা হৈছিল ৷ চহৰখনত প্ৰায় 600 জন নিৰাপত্তা বাহিনীৰ জোৱান মোতায়েন কৰা হৈছে । ইণ্টাৰনেট সেৱাও কৰ্তন কৰা হয় নিশাটোৰ বাবে । উদয়পুৰৰ ধনমাণ্ডি বজাৰৰ স্থানীয় ব্যৱসায়ীসকলেও প্ৰতিবাদ সাব্যস্ত কৰে, দোকানবোৰ দিনটোৰ বাবে বন্ধ ৰাখে ।

ভুক্তভোগী কানহায়া লালৰ নশ্বৰ দেহ সৎকাৰৰ বাবে তেওঁৰ জন্মস্থান উদয়পুৰৰ মালদা পথ অঞ্চললৈ অনা হয় । অসহায় পৰিয়ালটোৰ লগতে সেই ঠাইত সমবেত লোকসকলে এই হত্যাৰ উপযুক্ত ন্যায়ৰ বাবে দাবী তোলে ৷

ইছলামৰ নবীৰ বিষয়ে বিতৰ্কিত টুইট কৰা বিজেপি নেত্ৰী নুপুৰ শৰ্মাক সমৰ্থন কৰাৰ বাবে দৰ্জী কানহায়া লালক মঙলবাৰে ধনমাণ্ডি বজাৰত তেওঁৰ দোকানৰ ভিতৰত শিৰচ্ছেদ কৰা হৈছিল । অভিযুক্ত গোছ মহম্মদ আৰু ৰিয়াজ আখটাৰীয়ে জঘন্য অপৰাধটোৰ ভিডিঅ'টেপ কৰিছিল ৷ হত্যাৰ কেইঘণ্টামান পিছতে তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু জেৰা আৰম্ভ হোৱাৰ লগে লগে বৰ্তমান তেওঁলোকক এক অজ্ঞাত স্থানত ৰখা হৈছে । আখটাৰীৰ পাকিস্তানস্থিত দাৱাত-ই-ইছলামীৰ সৈতে সম্পৰ্ক থকা বুলি জানিব পৰা গৈছে(Pakistan based Islamist group) ৷

লগতে পঢ়ক : কাপোৰ চিলোৱাবলৈ আহি দৰ্জীক ডিঙি ৰেপি হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.