ETV Bharat / bharat

আৰক্ষী বিষয়া শচীন ৱেজৰ বাহন জব্দ

author img

By

Published : Apr 3, 2021, 1:21 PM IST

এণ্টিলিয়া বোমাতংক ঘটনাৰ তদন্তৰ মাজতে অভিযুক্ত নিলম্বিত আৰক্ষী বিষয়া শচীন ৱেজে ব্যৱহাৰ কৰা এখন বগা ৰঙৰ মাৰ্চিডিজ বাহন জব্দ কৰিছে নিয়াই । ঘটনা সন্দৰ্ভত জব্দ কৰা বাহনৰ ভিতৰত এইখন ৮ম বাহন ।

এণ্টিলিয়া ঘটনা: অভিযুক্ত আৰক্ষী বিষয়া শচীন ভাজে ব্যৱহাৰ কৰা বাহন জব্দ

নেশ্যনেল ডেস্ক,৩ এপ্ৰিল: এণ্টিলিয়াৰ বোমাতংকৰ তদন্তৰ মাজতে বহু তথ্য লাভ কৰিছে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই ৷ তদন্তৰ মাজতে এগৰাকী অভিযুক্ত মনসুখ হিৰেনৰ মৃত্যুৰ গোচৰৰো তদন্ত চলাই গৈছে নিয়াই । ঘটনা সন্দৰ্ভত নিলম্বিত আৰক্ষী বিষয়া শচীন ৱেজে ব্যৱহাৰ কৰা এখন বগা ৰঙৰ মাৰ্চিডিজ জব্দ কৰিছে নিয়াই । ঘটনা সন্দৰ্ভত জব্দ কৰা বাহনসমূহৰ ভিতৰত এইখন ৮ম বাহন ।

নিয়াই ইয়াৰ পূৰ্বে ৭ খন বাহন ক্ৰমে এখন সেউজীয়া স্ক'ৰপিঅ', বগা ইন’ভা, দুখন ক'লা মাৰ্চিডিজ বেঞ্জৰ বাহন, এখন লেণ্ড ক্ৰুইজাৰ প্ৰড’, এখন ক'লা ভলভ’ আৰু এখন বগা মিৎসুবিশি আউটলেণ্ডাৰ জব্দ কৰিছে ।

ইয়াৰে স্কৰপিঅ' বাহনখন হৈছে মূল বাহন, যিখন বিস্ফোৰক সামগ্ৰীৰ সৈতে আম্বানিৰ ঘৰৰ ওচৰৰ পৰা উদ্ধাৰ কৰা হৈছিল । ইন’ভাখন আম্বানিৰ বাসগৃহৰ বাহিৰত স্কৰপিঅ’ৰ পিছফালে আছিল আৰু আশংকা কৰা হৈছিল যে গাড়ীখন চিআইইউৰ । এখন মাৰ্চিডিজ ১৬ মাৰ্চত চিএছএমটি ষ্টেচন অঞ্চলৰ পৰা জব্দ কৰা হৈছিল আৰু আনখন একেটা স্থানতে উদ্ধাৰ কৰা হৈছিল, যিখন ৱেজ আৰু মনসুখে ১৭ ফেব্ৰুৱাৰীত ব্যৱহাৰ কৰিছিল । প্ৰডো বাহনখন মনসুখ আৰু শচীন ৱেজে আৰক্ষী আয়ুক্তৰ কাৰ্যালয়লৈ লৈ গৈছিল । আউটলেণ্ডাৰখন নতুন মুম্বাইৰ কামোথে চেক্টৰ ৭ ৰ পৰা উদ্ধাৰ কৰা হৈছিল ।

উদ্যোগপতি আম্বানিৰ ঘৰৰ ওচৰত বিস্ফোৰক সামগ্ৰীসহ এখন বাহন উদ্ধাৰ হোৱাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত শচীন ৱেজে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ বাবে অন্যতম তদন্তৰ আওতাত আছে । ৱেজক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত যোৱা ১৩ মাৰ্চত গ্ৰেপ্তাৰ কৰিছে অনুসন্ধানকাৰী সংস্থাটোৱে । আনহাতে এটিএছৰ অভিযানকাৰী দলে দমনৰ পৰা ভলভ' বাহনখন জব্দ কৰাৰ লগতে দুজন অভিযুক্ত নৰেশ গোৰ আৰু বিনায়ক শিণ্ডেক গ্ৰেপ্তাৰ কৰিছিল ।

এনআইএয়ে এতিয়ালৈকে এগৰাকী সহকাৰী আৰক্ষী আয়ুক্তকে ধৰি অপৰাধ শাখাৰ সাতজন বিষয়াৰ ভাষ্য ৰেকৰ্ড কৰিছে । সংস্থাটোৱে চিআইইউৰ সহকাৰী আৰক্ষী পৰিদৰ্শক (এপিআই) ৰিয়াজুদ্দিন কাজিকো সোধ-পোছ কৰিছে ।

উল্লেখ্য যে কাজিয়ে সাকেত অঞ্চলৰ হাউচিং চ'চাইটিৰ পৰা চিচিটিভিৰ ডিজিটেল ভিডিঅ' ৰেকৰ্ড (ডিভিআৰ) সংগ্ৰহ কৰিছিল ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে ৱেজক ৰক্ষা কৰিবলৈ প্ৰমাণ ধ্বংস কৰাৰ বাবে বিষয়াজনে ফুটেজ সংগ্ৰহ কৰিছিল । ইতিমধ্যে তদন্তৰ সময়ত ডিভিআৰটো জব্দ কৰিছে সংস্থাটোৱে ।

লগতে পঢ়ক: ৰাকেশ টিকেইটৰ কনভয়ত আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী গেহলটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.