ETV Bharat / bharat

পঞ্জাৱ, জম্মু-কাশ্মীৰৰ ৬টা স্থানত NIAৰ অভিযান

বৃহস্পতিবাৰে পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ ৬টা স্থানত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ অভিযান । সংস্থাটোৱে প্ৰকাশ কৰা মতে, ২০২০ চনত অস্ত্ৰ-শস্ত্ৰ আৰু নিচাযুক্ত দ্ৰব্য মজুত ৰখাৰ অভিযোগত সন্ত্ৰাসবাদ বিৰোধী তদন্ত সংস্থাই ৰুজু কৰিছিল এটা গোচৰ । এই গোচৰ সংক্ৰান্ততে বৃহস্পতিবাৰে পঞ্জাৱ আৰু জম্মু-কাশ্মীৰত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই অভিযান চলায় ।

author img

By

Published : Jan 7, 2021, 2:09 PM IST

পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ ৬টা স্থানত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ অভিযান

নেশ্যনেল ডেস্ক, ৭ জানুৱাৰী: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই বৃহস্পতিবাৰে পঞ্জাৱ আৰু জম্মু-কাশ্মীৰত অভিযান চলায় । ২০২০ চনতে সন্ত্ৰাসবাদবিৰোধী তদন্ত সংস্থাই ৰুজু কৰা এটা গোচৰৰ সংক্ৰান্ততে অভিযান চলায় ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই । অভিযানকাৰী দলটোত থকা ৰাষ্ট্ৰীয় সংস্থাটোৰ তদন্তকাৰী বিষয়াই প্ৰকাশ কৰিছে যে, সংস্থাটোৱে পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ ৬টা স্থানত বৃহস্পতিবাৰে পুৱাৰে পৰা তালাচী অভিযান আৰম্ভ কৰিছে আৰু এতিয়াও অভিযান অব্যাহত আছে ।

কিন্তু বিষয়াসকলে অভিযান সন্দৰ্ভত বিস্তৃত তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । অভিযান চলোৱা স্থান আৰু ব্যক্তিৰ নাম ৰাজহুৱা কৰা নাই সংস্থাটোৱে । সন্ত্ৰাসবাদ বিৰোধী তদন্ত সংস্থাই ২০২০ চনত অস্ত্ৰ-শস্ত্ৰ আৰু নিচাযুক্ত দ্ৰব্য মজুত ৰখাৰ অভিযোগত এটা গোচৰ ৰুজু কৰিছিল । পূৰ্বে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই শ্ৰীনগৰ আৰু নতুন দিল্লীৰ কেইবাটাও স্থানত তালাচী অভিযান চলাইছিল ।

একাংশ স্বেচ্ছাসেৱী সংগঠন আৰু ট্ৰাষ্টে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী সংগঠনক ধন যোগান ধৰাৰ সন্দেহত এই অভিযান চলোৱা হৈছিল । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এগৰাকী মুখপাত্ৰই এই কথা প্ৰকাশ কৰিছিল । সংস্থাটোৱে ফালাহ-ই-ট্ৰাষ্ট, দিল্লীৰ চেৰিটি এলায়েন্স, হিউমেন ৱেলফেয়াৰ ফাউণ্ডেছন, ছেলভেছন মুভমেণ্ট আৰু জম্মু-কাশ্মীৰ ভইচ অৱ ভিক্টিম নামৰ স্বেচ্ছাসেৱী সংগঠন আৰু ট্ৰাষ্টৰ কাৰ্যালয়ত অভিযান চলাইছিল । এই কাৰ্যালয়সমূহৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ, বৈদ্যুতিক যন্ত্ৰ জব্দ কৰা হৈছিল বুলিও মুখপাত্ৰগৰাকীয়ে প্ৰকাশ কৰে ।

লগতে পঢ়ক:মধ্য প্ৰদেশত গ্ৰেপ্তাৰ চিৰিয়েল কিলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.