ETV Bharat / bharat

মনপ্ৰীত সিঙৰ বিৰুদ্ধে পৰিপূৰক অভিযোগ পত্ৰ দাখিল NIAৰ

author img

By

Published : Jul 31, 2021, 12:12 PM IST

পঞ্জাৱৰ মোহালিস্থিত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NATIONAL INVESTIGATION AGENCY)ৰ বিশেষ আদালতত নিচাজাতীয় দ্ৰব্যৰ অবৈধ সৰবৰাহকাৰী মনপ্ৰীত সিঙ(Manpreet Singh)ৰ বিৰুদ্ধে পৰিপূৰক অভিযোগ পত্ৰ দাখিল কৰে সন্ত্ৰাসবাদ বিৰোধী তদন্তকাৰী সংস্থাটোৱে । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, ভাৰতীয় দণ্ডবিধি, অস্ত্ৰ আইন আৰু এন ডি পি এছ(NDPS) আইনৰ কেইবাটাও ধাৰাৰ অধীনত এই অভিযোগ পত্ৰ দাখিল কৰা হৈছে ।

NIA files supplementary charge sheet in Hizbul narco terror case
মনপ্ৰীত সিঙৰ বিৰুদ্ধে পৰিপূৰক অভিযোগ পত্ৰ দাখিল NIAৰ

নেশ্যনেল ডেস্ক, ৩১ জুলাই : হিজবুল মুজাহিদীন নাৰ্ক' সন্ত্ৰাসবাদী গোচৰত নিচাজাতীয় দ্ৰব্যৰ অবৈধ সৰবৰাহকাৰী মনপ্ৰীত সিঙ(Manpreet Singh)ৰ বিৰুদ্ধে পৰিপূৰক অভিযোগ পত্ৰ দাখিল কৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (NATIONAL INVESTIGATION AGENCY)ই । শুকুৰবাৰে তদন্তকাৰী সংস্থাটোৰ এগৰাকী মুখপাত্ৰই জনায় যে, মনপ্ৰীত সিঙ ওৰফে মনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি, অস্ত্ৰ আইন আৰু এন ডি পি এছ(NDPS) আইনৰ কেইবাটাও ধাৰাৰ অধীনত এই অভিযোগ পত্ৰ দাখিল কৰা হৈছে । পঞ্জাৱৰ মোহালিস্থিত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা(NATIONAL INVESTIGATION AGENCY)ৰ বিশেষ আদালতত এই অভিযোগ পত্ৰ দাখিল কৰা হয় ।

মুখপাত্ৰগৰাকীয়ে লগতে জানিবলৈ দিয়ে যে, মনপ্ৰীত সিঙে নিচাজাতীয় দ্ৰব্যৰ অবৈধ সৰবৰাহকাৰী আৰু গোচৰটোৰ আন অভিযুক্তৰ সৈতে অস্ত্ৰ সৰবৰাহতো জড়িত হৈ আছিল । লগতে নিচাজাতীয় দ্ৰব্যৰ বিক্ৰীৰ বাবেও সন্ত্ৰাসবাদীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল মনপ্ৰীতৰ । অভিযানৰ সময়ত মনপ্ৰীতৰ পৰা পাকিস্তানী মূলৰ ৯ মিমি ক্ষমতাৰ ১৩০ জাঁই সজীৱ গুলী উদ্ধাৰ কৰা হৈছিল বুলিও তেওঁ জানিবলৈ দিছে ।

উল্লেখ্য যে, পঞ্জাৱ আৰক্ষীয়ে বিগত বৰ্ষত হিলাল আহমেদ শ্বেৰগোজৰী নামৰ এটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছিল আৰু এখন ট্ৰাকো জব্দ কৰিছিল । সন্ত্ৰাসবাদীটোৰ পৰা ২৯ লাখ টকা জব্দও কৰিছিল আৰক্ষীয়ে ।

বিগত বৰ্ষৰ যোৱা ২৫ এপ্ৰিলত এই সন্দৰ্ভত অমৃতসৰৰ সদৰ আৰক্ষী চকীত এটা গোচৰো পঞ্জীয়ন কৰা হৈছিল । শ্বেৰগোজৰী এজন অভাৰগ্ৰাউণ্ড কৰ্মী আৰু কাশ্মীৰৰ হিজবুল মুজাহিদীনৰ তদানীন্তন কমাণ্ডাৰ ৰিয়াজ আহমেদ নাইকুৰ ঘনিষ্ঠ সহযোগী আছিল । জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ আগবঢ়াই নিয়াৰ বাবে নিচাজাতীয় সামগ্ৰী বিক্ৰীৰ জৰিয়তে লাভ কৰা পুঁজি সংগ্ৰহ কৰিবলৈ অমৃতসৰলৈ আহিছিল ।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই যোৱা বছৰৰ ৮ মে'ত এই গোচৰৰ তদন্তৰ দায়িত্ব গ্ৰহণ কৰে । ইয়াৰ পূৰ্বে, এই গোচৰটো সন্দৰ্ভত ১১ জন অভিযুক্তৰ বিৰুদ্ধে অভিযোগ পত্ৰ দাখিল কৰা হৈছিল ।

লগতে পঢ়ক:স্বৰ্গীয় স্বামী ৰাজ কৌশলৰ স্মৃতিত পূজা আয়োজন মন্দিৰা বেদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.