ETV Bharat / bharat

NIA files charge sheet: পশ্চিমবংগৰ সাম্প্ৰদায়িক হিংসাৰ গোচৰত ১৪ জনৰ বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট - NIA files charge sheet

২০২২ চনত পশ্চিমবংগত সংঘটিত হৈছিল এক সাম্প্ৰদায়িক হিংসাৰ ঘটনা । সেই হিংসাৰ ঘটনাৰে জড়িত থকাৰ অভিযোগত ১৪ জনৰ বিৰুদ্ধে NIA ই দাখিল কৰিছে চাৰ্জশ্বীট (NIA files charge sheet against 14 in WB communal violence case) । তদন্ত প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ NIA ই লৈছে বিশেষ পদক্ষেপ ।

NIA files charge sheet against 14 in WB communal violence case
পশ্চিমবংগত ১৪ জন বিৰুদ্ধে NIA ৰ চাৰ্জশ্বীট
author img

By

Published : Jan 9, 2023, 11:19 AM IST

নেশ্যনেল ডেস্ক,৯ জানুৱাৰী: ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই (National Investigation Agency) বিগত বছৰত পশ্চিম বংগত দুটা সম্প্ৰদায়ৰ সদস্যৰ মাজত সংঘটিত হোৱা সংঘৰ্ষ সম্পৰ্কীয় এটা গোচৰত ১৪ জন লোকৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছে । ফেডাৰেল এজেঞ্চীৰ এজন মুখপাত্ৰই কয় যে ভাৰতীয় দণ্ডবিধিৰ বিস্ফোৰক পদাৰ্থ আইনৰ বিভিন্ন ধাৰাৰ অধীনত শনিবাৰে কলকাতাৰ NIA ৰ এখন আদালতত অভিযোগনমা দাখিল কৰা হৈছিল ।

১০ অক্টোবৰ, ২০২২ তাৰিখে একবলপুৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা আৰু আঠ দিনৰ পিছত NIA ৰ দ্বাৰা পুনৰ পঞ্জীয়ন কৰা এই গোচৰটো আছিল ইটা, শিল নিক্ষেপ আৰু ইটো সম্প্ৰদায়ে সিটো সম্প্ৰদায়লৈ বোমা নিক্ষেপ কৰাৰ দৰে দুটা সম্প্ৰদায়ৰ সদস্যৰ মাজত হোৱা সংঘৰ্ষৰ সৈতে সম্পৰ্কীয়(Communal violence in West Bengal) । তেওঁলোকে আৰক্ষীক শাৰীৰিকভাৱে আক্ৰমণ কৰি, ওচৰত ৰখাই থোৱা বাহনসমূহৰ ক্ষতি সাধন কৰাৰ লগতে একবালপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলত আৰক্ষী কৰ্মীসকলক আক্ৰমণ কৰি তেওঁলোকক চৰকাৰী দায়িত্ব পালন কৰাত বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছিল ।

ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাটোৱে ফকৰুদ্দিন ছিদ্দিক, তেওঁৰ ভাতৃ ছালাউদ্দিন, চাহাবুদ্দিন, ইদুল আৰু জিয়াউদ্দিন, বদ্ৰুল হোছেইন আৰু তেওঁৰ ভাতৃ ওহাব হোছেইন, ঘোলাম এমডি ইজাৰ, মুস্তাফা হুছেইন, জাকিৰ হোছেইন, ফৈয়াজ, ছানি, ৰাজু আৰু ইমামুল হকৰ বিৰুদ্ধে দাখিল কৰিছে এজাহাৰ । আনহাতে NIA ৰ অনুসন্ধানত প্ৰকাশ পাইছে যে অভিযুক্ত কেইটাই এক অপৰাধমূলক ষড়যন্ত্ৰ ৰচনা কৰিছিল । কলকাতাৰ ভূ-কৈলাশ ৰোডত এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ লোকৰ বাসগৃহ তথা দোকানত অশোধিত ইন্ধনজাত সামগ্ৰীৰে তৈয়াৰী বোমা, পেট্ৰ'ল বোমা, কাঠৰ লাঠি, ইটাৰ আৰু শিল ব্যৱহাৰ কৰি আক্ৰমণ কৰাৰ উদ্দেশ্যৰে বেআইনীভাৱে এক সমাৱেশত একত্ৰিত হৈছিল ।

লগতে পঢ়ক: Teacher attacked by miscreants in Barpeta: বৰপেটাৰোডত শিক্ষকক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.