ETV Bharat / bharat

মানি লণ্ডাৰিং গোচৰ সন্দৰ্ভত ED য়ে ভাষ্য সংগ্ৰহ কৰিব শচীন ৱাজেৰ

প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে থকা মানি লণ্ডাৰিং গোচৰ সন্দৰ্ভত তালোজা কাৰাগাৰত বন্দী মুম্বাই আৰক্ষীৰ নিলম্বিত বিষয়া শচীন ৱাজেৰ ভাষ্য সংগ্ৰহৰ বাবে NIA আদালতে ED ক অনুমতি দিয়ে ।

ED to record Sachin Wazes statement
মানি লণ্ডাৰিং গোচৰ সন্দৰ্ভত কাৰাগাৰাত EDয়ে ভাষ্য সংগ্ৰহ কৰিব শচীন ৱাজেৰ
author img

By

Published : Jul 10, 2021, 8:17 AM IST

নেশ্যনেল ডেস্ক, 10 জুলাই : মুম্বাইৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে থকা মানি লণ্ডাৰিং গোচৰৰ (money laundering case) নতুন মোৰ । এই গোচৰ সন্দৰ্ভত এনফ’ৰ্চমেণ্ট ডিৰেক্টৰেটক (ED) ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA) আদালতে বিশেষ অনুমতি প্ৰদান কৰে । গোচৰটো সন্দৰ্ভত তালোজা কাৰাগাৰত বন্দী মুম্বাই আৰক্ষীৰ নিলম্বিত বিষয়া শচীন ৱাজেৰ ভাষ্য সংগ্ৰহৰ বাবে NIA আদালতে অনুমতি দিয়ে । ইফালে ED ৰ বিষয়াসকলে নিশ্চিত কৰে যে তেওঁলোকৰ এটা দলে শনিবাৰে ৱাজেৰ ভাষ্য সংগ্ৰহৰ বাবে তালোজা কাৰাগাৰলৈ যাব ।

তদন্ত সংস্থাটোৱে পূৰ্বে আদালতক জনোৱা মতে, বিভিন্নবাৰ মালিকক সোধা-পোছাৰ বাবে মাতি অনা হৈছিল ৷ তেওঁলোকে সংস্থাটোক স্পষ্টকৈ কৈছে যে ২০২০ চনৰ ডিচেম্বৰত শচীন ৱাজেক গুড লাক মানি (Good luck money) হিচাপে ৪০ লাখ টকা দিছিল ৷ যেতিয়া ৱাজে অপৰাধ অনুসন্ধান গোটৰ (CIU) মুৰব্বী আছিল । ED য়ে আদালতক লগতে কৈছিল যে বাৰৰ মালিকসকলে মুম্বাই আৰক্ষীৰ জ'ন (Zone) ১-৭ আৰু জ'ন ৮-১২ লৈ ক্ৰমে ১.৬৪ কোটি আৰু ২.৬৬ কোটি টকা দিছিল ।

শচীন ৱাজেয়ে ইতিমধ্যে স্বীকাৰ কৰিছে যে ২০২০ চনৰ ডিচেম্বৰৰ পৰা ২০২১ চনৰ ফেব্ৰুৱাৰী মাহৰ ভিতৰত ৪.৭৭ কোটি টকা সংগ্ৰহ কৰি ধনখিনি কুন্দন চিন্দেক হস্তান্তৰ কৰিছে ।

দুজন আৰক্ষী বিষয়াৰ ভাষ্য সংগ্ৰহৰ সময়ত কৈছিল যে, সঞ্জীৱ পালাণ্ডেকো (Sanjeev Palande) টকা দিয়া হৈছিল । শচীন ৱাজে সঞ্জীৱ পালাণ্ডেৰ বিষয়ে আৰক্ষী বিষয়াসকলৰ এই মন্তব্যৰ সত্যাসত্য স্বীকাৰ কৰে । উল্লেখ্য যে, প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখৰ বিৰুদ্ধে ১১ মে'ত এক গোচৰ পঞ্জীয়ন কৰা হৈছিল ।

মুম্বাইত মুকেশ আম্বানীৰ ঘৰৰ সন্মুখত এখন গাড়ীৰ পৰা বিস্ফোৰক উদ্ধাৰৰ ঘটনাৰ তদন্ত সন্দৰ্ভত NIA ই মাৰ্চত ৱাজেক গ্ৰেপ্তাৰ কৰিছিল । ২৫ ফেব্ৰুৱাৰীত মুম্বাইত ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ (Reliance Industries) অধ্যক্ষ মুকেশ আম্বানীৰ ঘৰ এণ্টিলিয়াৰ (Antilia) ওচৰত বিস্ফোৰক ভৰ্তি বাহন ৰখাই থোৱাৰ মূল অভিযুক্ত হৈছে ৱাজে । ৱাজেৰ বিৰুদ্ধে এণ্টিলিয়াৰ বাহিৰত বিস্ফোৰক সামগ্ৰী ভৰ্তি বাহনখনৰ গৰাকী মনসুখ হীৰেণৰ হত্যাৰ অভিযোগ আৰোপ কৰা হৈছিল ।

লগতে পঢ়ক : দেশৰ অক্সিজেন নাটনিক লৈ প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বিশেষ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.