ETV Bharat / bharat

মিজোৰামত NIAৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

মিজোৰামত NIAৰ সফল অভিযান । ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ নামত সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক জব্দ কৰে অভিযানকাৰী দলটোৱে (Explosives seized in NIA raid in Mizoram)। শুকুৰবাৰে মিজোৰামৰ আইজল, চম্ফাই আৰু কোলাচিব জিলাত চলিছিল এই অভিযান ।

author img

By

Published : Jun 26, 2022, 5:21 PM IST

Mizoram
মিজোৰামত NIAৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী

নেশ্যনেল ডেস্ক, ২৬ জুন : উত্তৰ-পূৱত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA-ৰ আন এক বৃহৎ অভিযান । শুকুৰবাৰে মিজোৰামত অভিযান চলায় সংস্থাটোৱে (NIA raids in Mizoram)। চলিত বৰ্ষৰ জানুৱাৰী মাহত ৰাজ্যখনত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী জব্দ কৰা ঘটনা সম্পৰ্কত NIAই ৰাজ্যখনৰ আইজল, চম্ফাই আৰু কোলাচিব জিলাত এই অভিযান চলায় ।

NIAই শনিবাৰে এই সন্দৰ্ভত এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰে । বিজ্ঞপ্তিত উল্লেখ কৰা মতে মিজোৰামৰ চাইহা জিলাৰ টিপা আৰক্ষী থানাৰ অন্তৰ্গত জাৱনলিং অঞ্চলৰ এখন বাহনৰ পৰা ১,০০০ ডিটোনেটৰ আৰু ৪,৫০০ মিটাৰ ডিটোনেটিং ফিউজসহ ২,৪২১.১২ কিলোগ্ৰাম বিস্ফোৰক জব্দ কৰে অভিযানকাৰী দলটোৱে (Explosives seized in NIA raid in Mizoram)। এই বৃহৎ সামগ্ৰী ম্যানমাৰস্থিত সংগঠন চিন নেচনেল ফ্ৰণ্টৰ (CNF) আছিল । যিটো সংগঠনে ম্যানমাৰ চৰকাৰক আঘাত কৰিবলৈ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদ সৰবৰাহ কৰি আহিছে ।

উল্লেখ্য যে, মিজোৰামত চুবুৰীয়া ম্যানমাৰৰ চিন ৰাজ্যৰ পৰা অহা প্ৰায় ৫০,০০০ শৰণাৰ্থী আছে । আনহাতে, যোৱা ফেব্ৰুৱাৰীৰ পৰা ম্যানমাৰত সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰাৰ পিছৰে পৰা মিজোৰামৰ নিৰাপত্তা বাহিনীয়ে এনেধৰণৰ বিস্ফোৰক সামগ্ৰী যথেষ্ট পৰিমাণে জব্দ কৰিছে ।

ভাৰতৰ নিৰাপত্তাৰ দায়িত্বত থকা সংস্থাসমূহে সন্দেহ কৰিছে যে কিছুমান চিএনএফ বিদ্ৰোহী শৰণাৰ্থীসকলৰ ভিতৰত আছে আৰু তেওঁলোকে উত্তৰ-পূবৰ কিছুমান জিলালৈ বিস্ফোৰক সামগ্ৰী সৰবৰাহ কৰি আছে । এগৰাকী বিষয়াই জনোৱা মতে শেহতীয়াকৈ ৰাজ্যখনত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰী ম্যানমাৰলৈ চোৰাংকৈ সৰবৰাহৰ কথা আছিল । ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট যে বিদ্ৰোহী সংগঠনটোৱে উত্তৰ-পূৱক টাৰ্গেট হিচাপে লৈছে ।

উল্লেখ্য যে যোৱা মাহতো ৰাজ্যখনত ধাৰাবাহিক অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হৈছিল । জব্দ কৰা সামগ্ৰীবোৰৰ ভিতৰত আছে ১১,০০০ তকৈও অধিক জিলেটিন ৰড, বৃহৎ সংখ্যক ডিটোনেটৰ, সুৰক্ষা ফিউজৰ বাকচ, এয়াৰ গান আৰু অন্যান্য সামগ্ৰী ।

লগতে পঢ়ক :Operation against Drugs : বোকাখাত-কলিয়াবৰত ড্ৰাগছ মাফিয়া আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.