নেশ্যনেল ডেস্ক, ১৮ আগষ্ট : সন্ত্ৰাসবাদৰ পুঁজি সম্পৰ্কীয় এক গোচৰত ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এনআইএ-ৰ গুৰুত্বপূৰ্ণ অভিযান আৰম্ভ কৰিছে । জম্মু-কাশ্মীৰত সংস্থাটোৱে এই অভিযান চলোৱাৰ সময়তে আৰক্ষীয়ে দুটা সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । সোপোৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ।
জানিব পৰা মতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই জম্মু আৰু কাশ্মীৰৰ বাথিন্দি অঞ্চলত অভিযান আৰম্ভ কৰিছে । অভিযান চলি থকাৰ মাজতে নিষিদ্ধ পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ দুই অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰক আৰক্ষীয়ে জম্মু-কাশ্মীৰৰ সোপোৰত গ্ৰেপ্তাৰ কৰে । ধৃত সন্ত্ৰাসবাদী কেইটাৰ পৰা কাৰ্ট্ৰিজ আৰু গ্ৰেণেড উদ্ধাৰ কৰা হয় । সোপোৰ আৰক্ষীয়ে এই গ্ৰেপ্তাৰ সন্দৰ্ভত এজাহাৰ পঞ্জীয়ন কৰি তদন্ত চলাই আছে ।
-
Jammu & Kashmir | Sopore Police arrested two LeT (Lashkar-e-Toiba) OGWS (Over Ground Workers). 8 rounds of pistols & grenades were recovered from their possession. An FIR has been registered & investigation is underway: Sopore Police pic.twitter.com/nHqJyzHRty
— ANI (@ANI) August 18, 2023 " class="align-text-top noRightClick twitterSection" data="
">Jammu & Kashmir | Sopore Police arrested two LeT (Lashkar-e-Toiba) OGWS (Over Ground Workers). 8 rounds of pistols & grenades were recovered from their possession. An FIR has been registered & investigation is underway: Sopore Police pic.twitter.com/nHqJyzHRty
— ANI (@ANI) August 18, 2023Jammu & Kashmir | Sopore Police arrested two LeT (Lashkar-e-Toiba) OGWS (Over Ground Workers). 8 rounds of pistols & grenades were recovered from their possession. An FIR has been registered & investigation is underway: Sopore Police pic.twitter.com/nHqJyzHRty
— ANI (@ANI) August 18, 2023
তথ্য অনুসৰি জম্মু-কাশ্মীৰ আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ সহযোগীসকলৰ বিষয়ে চোৰাংচোৱাৰ তথ্য লাভ কৰিছিল । আৰক্ষীয়ে তেওঁলোকৰ কাৰ্যকলাপৰ ওপৰত দৃষ্টি ৰাখিছিল । অৱশেষত শুকুৰবাৰে সন্দেহজনক লোককেইটাক গ্ৰেপ্তাৰ কৰে । তেওঁলোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদ সম্পৰ্কীয় বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে ধৃত দুয়োটাকে জেৰা কৰি আছে আৰু তেওঁলোকৰ সৈতে জড়িত আন লোকসকলক বিচাৰি উলিয়াবলৈ চেষ্টা কৰি আছে ।
অৱশ্যে আৰক্ষীয়ে এই সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰা নাই । তেওঁলোকে কিমান দিন ধৰি সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত আছে সেই বিষয়ে জানিবলৈও আৰক্ষীয়ে চেষ্টা কৰি আছে । একে সময়তে, নিষিদ্ধ পাকিস্তানী সন্ত্ৰাসবাদী সংগঠনটোৰ সৈতে জড়িত কিমান লোক জম্মু-কাশ্মীৰত আছে সেই বিষয়েও তদন্ত কৰি থকা হৈছে । তেওঁলোকে সন্ত্ৰাসবাদী সংগঠনবোৰক কেনেদৰে সহায় কৰিছিল, শেহতীয়া ঘটনাবোৰত তেওঁলোকৰ ভূমিকা কি ? সেই কথা জনাৰো চেষ্টা চলোৱা হৈছে ।
-
#WATCH | J&K: NIA (National Investigation Agency) raids underway in Shopian area pic.twitter.com/IBqU6heskq
— ANI (@ANI) August 18, 2023 " class="align-text-top noRightClick twitterSection" data="
">#WATCH | J&K: NIA (National Investigation Agency) raids underway in Shopian area pic.twitter.com/IBqU6heskq
— ANI (@ANI) August 18, 2023#WATCH | J&K: NIA (National Investigation Agency) raids underway in Shopian area pic.twitter.com/IBqU6heskq
— ANI (@ANI) August 18, 2023
আনহাতে অনুসন্ধানকাৰী সংস্থা এনআইএয়ে বাথিন্দি অঞ্চলত ব্যাপক অভিযান আৰম্ভ কৰিছে । সন্ত্ৰাসবাদৰ পুঁজি সম্পৰ্কীয় গোচৰটোত এই অভিযান চলোৱা হৈছে । এই অভিযানৰ সময়ত কি নথিপত্ৰ আৰু আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰা হৈছে সেয়া এতিয়ালৈ জানিব পৰা হোৱা নাই ।
লগতে পঢ়ক :Crime Journalist shot dead: বিহাৰত দুৰ্বৃত্তৰ গুলীত নিহত সাংবাদিক