ETV Bharat / bharat

NIA arrests suspected terrorist : হিংসাত্মক পৰিস্থিতিৰ মাজতে মণিপুৰত সন্দেহজনক সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

মণিপুৰৰ বৰ্তমানৰ অশান্ত পৰিস্থিতিৰ মাজতে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এটা সন্দেহজনক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰিছে ৷ আদালতে অভিযুক্তক ২৭ ছেপ্টেম্বৰলৈকে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷

author img

By ETV Bharat Assamese Team

Published : Sep 23, 2023, 10:16 PM IST

NIA arrests suspected terrorist in Manipur
ণিপুৰত সন্দেহজনক সন্ত্ৰাসবাদী গ্ৰেপ্তাৰ

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ : ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ সৈতে সম্পৰ্ক থকা আৰু মণিপুৰৰ বৰ্তমানৰ অশান্ত পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ভাৰতৰ বিৰুদ্ধে যুদ্ধ চলোৱাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত এটা সন্দেহজনক সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা বুলি শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই প্ৰকাশ কৰে ৷

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ এগৰাকী মুখপাত্ৰই কয় যে মণিপুৰৰ বৰ্তমানৰ অশান্ত পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ ম্যানমাৰৰ সন্ত্ৰাসবাদী সংগঠনৰ নেতৃত্বই আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰ কৰা এই গোচৰত মইৰাংথেম আনন্দ সিঙক গ্ৰেপ্তাৰ কৰা হৈছে ৷ মুখপাত্ৰগৰাকীয়ে জনোৱা মতে, ১৯.৭.২০২৩ তাৰিখে নতুন দিল্লীত এন আই এয়ে এই গোচৰটো পঞ্জীয়ন কৰিছিল ৷

আৰক্ষীৰ অস্ত্ৰাগাৰৰ পৰা লুণ্ঠন কৰা অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বাবে মণিপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা পাঁচজন ব্যক্তিৰ ভিতৰত সিং এজন আছিল ৷ গ্ৰেপ্তাৰৰ ফলত সংখ্যাগৰিষ্ঠ সম্প্ৰদায়ৰ দ্বাৰা আন্দোলন কৰা হৈছিল, যিসকলে তেওঁলোকক গাওঁৰ প্ৰতিৰক্ষা কৰ্মী বুলি দাবী কৰিছিল ৷

মুখপাত্ৰগৰাকীয়ে কয় যে, "তদন্তত প্ৰকাশ পাইছে যে ম্যানমাৰক ভিত্তি কৰি বিদ্ৰোহী গোটসমূহৰ নেতৃত্বই ৰচনা কৰা ষড়যন্ত্ৰক আগুৱাই নিয়াৰ বাবে নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠনসমূহে নিৰাপত্তা বাহিনী আৰু বিৰোধী জনগোষ্ঠীসমূহৰ ওপৰত আক্ৰমণ চলাবলৈ শক্তি বৃদ্ধি কৰিবলৈ অভাৰ গ্ৰাউণ্ড ৱৰ্কাৰ (অ'জিডব্লিউ), কেডাৰ আৰু সমৰ্থকসকলক নিযুক্তি দিছে ৷ মণিপুৰ ৰাজ্যৰ বৰ্তমানৰ অশান্ত পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰিছে বিদ্ৰোহীসমূহে ৷ এই উদ্দেশ্যে নিষিদ্ধ সংগঠনসমূহে চৰকাৰী সা-সুবিধা আৰু সম্পদ লুণ্ঠনকে ধৰি অবৈধ উপায়েৰে অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ আৰু বিস্ফোৰক সংগ্ৰহ কৰি আছে ৷"

অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ পিছত নতুন দিল্লীলৈ আনি শনিবাৰে জুৰিচিডিকচনেল কোৰ্টত হাজিৰ কৰা হয় বুলি ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই জনায়। আদালতে অভিযুক্তক ২৭ ছেপ্টেম্বৰলৈকে পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক : Assam Gas Company Home guard detained:অসম গেছ কোম্পানীৰ নিৰাপত্তা বিভাগত নিয়োজিত গৃহৰক্ষী জোৱানক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.