ETV Bharat / bharat

অসম ৰাইফলছৰ বিষয়াক হত্যাৰ অভিযুক্তক গ্ৰেপ্টাৰ এনআইএৰ

২০১৭ চনৰ ১৫ নৱেম্বৰত অসম ৰাইফলছৰ চতুৰ্থ বেটেলিয়নৰ এটা গোটৰ ওপৰত চলা আক্ৰমণৰ এগৰাকী অভিযুক্তক আটক এনআইএৰ ৷ ধৃত অভিযুক্তজন মণিপুৰৰ কাকচিং জিলাৰ ৩২ বছৰীয়া মায়াংলাম্বাম চিৰোমানি ৷

author img

By

Published : May 14, 2021, 8:50 PM IST

NIA arrests PLA lieutenant for killing Assam Rifles official in Manipur
অসম ৰাইফলছৰ বিষয়াক আক্ৰমণ কৰি হত্যা কৰা অভিযুক্তক গ্ৰেপ্টাৰ এনআইএৰ

নেছনেল ডেস্ক, 14 মে’: এনআইএয়ে মণিপুৰত অসম ৰাইফলছৰ এজন বিষয়াক আক্ৰমণ আৰু হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত অবৈধ পিপলছ লিবাৰেচন আৰ্মী/ৰিভলিউচনৰী পিপলছ ফ্ৰণ্টৰ এজন স্ব-ঘোষিত লেফটেনেণ্টক গ্ৰেপ্তাৰ কৰাৰ কথা শুকুৰবাৰে এজন এনআইএৰ বিষয়াই জানিবলৈ দিয়ে ৷

মণিপুৰৰ কাকচিং জিলাৰ ৩২ বছৰীয়া মায়াংলাম্বাম চিৰোমানিক বৃহস্পতিবাৰে অনুসন্ধান সংস্থাটোৱে গ্ৰেপ্তাৰ কৰে। ধৃত চিৰোমানিয়ে হত্যাকাণ্ডটো সংঘটিত কৰাৰ পিছতেই ভাৰতৰ পৰা পলায়ন কৰি ম্যানমাৰত আশ্ৰয় লৈ আছিল ।

ধৃত চিৰোমানি ২০১৭ চনৰ মণিপুৰৰ চান্দেলৰ চামোল-চাজিক টাম্পাক ৰোডত চতুৰ্থ অসম ৰাইফলছৰ এটা পথ মুকলিকাৰী দলৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সৈতে জড়িত য'ত অসম ৰাইফলছৰ এজন বিষয়া নিহত হৈছিল আৰু আন এজন আহত হৈছিল । ইয়াৰ লগতে একেটা ঘটনাত দুজনকৈ সন্ত্ৰাসবাদী এনকাউণ্টাৰত নিহত হৈছিল।

২০১৭ চনৰ ১৫ নৱেম্বৰত চান্দেল জিলাৰ চামোল-চাজিৰ টাম্পাক পথত অসম ৰাইফলছৰ চতুৰ্থ বেটেলিয়নৰ এটা গোটে পথ মুকলিৰ কাম চলাই থকাৰ সময়ত গোটতোৰ ওপৰত উগ্ৰপন্থীয়ে আক্ৰমণ চলাইছিল । এনআইএৰ তদন্তত প্ৰমাণিত হৈছে যে, এই উগ্ৰপন্থীসকলে ভাৰত চৰকাৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ ষড়যন্ত্ৰ ৰচিছিল আৰু এই ষড়যন্ত্ৰক এখোপ আগবঢ়াই নি তেওঁলোকে অসম ৰাইফলছৰ দলটোক আক্ৰমণ কৰিছিল ৷

এই ঘটনাৰ সৈতে জড়িত চিৰোমানি সন্দৰ্ভত লাভ কৰা প্ৰমাণৰ ভিত্তিত পলাতক অৱস্থাতে চাৰ্জ-শ্বীট দাখিল কৰা হৈছিল । লগতে, তেওঁক অপৰাধী হিচাপে ঘোষণা কৰি তেওঁৰ সম্ভেদ দিয়াৰ বাবে 2 লাখ টকাৰ পুৰস্কাৰো ঘোষণা কৰা হৈছিল বুলি এনআইএৰ বিষয়া জনে জানিবলৈ দিয়ে ৷ ম্যানমাৰত থকা সময়চোৱাত চিৰোমানি ম্যানমাৰৰ পিএলএ/আৰপিএফৰ 252 নং মবাইল বেটেলিয়নৰো সক্ৰিয় কৰ্মী আছিল।

নিজৰ সহ-অভিযুক্তৰ সৈতে ম্যানমাৰলৈ পলাই যোৱা এই অভিযুক্তজনক সম্প্ৰতি ইম্ফলৰ এখন বিশেষ এনআইএ আদালতত হাজিৰ কৰোৱা হৈছে আৰু পাঁচ দিনৰ বাবে আৰক্ষীৰ জিম্মাত ৰখা হৈছে বুলি এনআইএৰ বিষয়াজনে জানিবলৈ দি কয় যে, এই গোচৰটোৰ সন্দৰ্ভত বৰ্তমান অধিক তদন্ত চলি আছে ৷

লগতে পঢ়ক :ত্ৰিপুৰাত তিনি দুৰ্ধৰ্ষ এন এল এফটি কেডাৰৰ আত্মসমৰ্পণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.