নিউজ ডেস্ক,13 : ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIAই মুম্বাই মহানগৰীৰ পশ্চিম উপনগৰীৰ পৰা গ্ৰেপ্তাৰ কৰিছে গেংষ্টাৰ ছোটা শ্বাকিলৰ দুই সহযোগীক (NIA arrests Chhota Shakeel's two aides)৷ পলাতক আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ দ্বাৰা নিয়ন্ত্ৰিত অপৰাধ চিণ্ডিকেটৰ অবৈধ কাৰ্যকলাপ আৰু বিত্তীয় লেনদেন চম্ভালি থকাৰ অভিযোগত আটক কৰা হৈছে লোক দুজনক ৷ NIA ৰ এক সূত্ৰই প্ৰকাশ কৰিছে এই কথা ৷
সূত্ৰটোৱে জনোৱা অনুসৰি, দুয়োজন লোকক পশ্চিম উপনগৰীৰ পৰা NIA ৰ এটা দলে গ্ৰেপ্তাৰ কৰিছে ৷ দাউদৰ অপৰাধ চিণ্ডিকেটৰ বিৰুদ্ধে তদন্ত চলাই আছে এই দলটোৱে ৷ গ্ৰেপ্তাৰ কোৱা লোকদুজন ছোটা শ্বাকিলৰ সহযোগী হোৱাৰ লগতে দাউদে চলাই থকা অপৰাধমূলক কাৰ্যতো জড়িত ৷ মুম্বাই আৰু থানেত চলোৱা এলানি অভিযানত NIA ৰ দলটোৱে বহুকেইজন সন্দেহজনক লোকক তদন্তৰ বাবে আটক কৰিছে ৷
ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা আৰিফ আৰু শ্বাব্বিৰ হৈছে এই সন্দেহজনক লোকসকলৰ মাজৰ দুজন (NIA arrests Arif Abubakar Shaikh)৷ দাউদ কোম্পানীক সহযোগিতা আগবঢ়োৱাৰ অভিযোগত দুয়ো গ্ৰেপ্তাৰ হয় (NIA arrests Shabbir Abubakar Shaikh ) ৷
দুয়োকে জেৰা চলোৱা কালত NIA ৰ দলে জানিব পাৰে যে, আৰিফ আৰু শ্বাব্বিৰে ছোটা শ্বাকিলৰ সৈতে কিছুমান ধনৰ লেনদেন কৰিছিল ৷ যাৰ বাবে দুয়োকে গ্ৰেপ্তাৰ কৰা হয় ৷ ছোটা শ্বাকিল পাকিস্তানৰ পৰা এটা আন্তঃৰাষ্ট্ৰীয় অপৰাধ চিণ্ডিকেট চলাই আছে ৷ ইন্টাৰপ’লে ইতিমধ্যে ছোটা শ্বাকিলৰ বিৰুদ্ধে ৰেড কৰ্ণাৰ জাননী জাৰী কৰিছে ৷
ধনদাবী, নিচাযুক্ত সামগ্ৰীৰ সৰবৰাহ আৰু সন্ত্ৰাবাদমূলক কাৰ্যৰ সৈতে শ্বাকিল জড়িত বুলি জানিবলৈ দিছে সূত্ৰটোৱে ৷ গ্ৰেপ্তাৰ কৰা আৰিফ আৰু শ্বাব্বিৰক NIAৰ বিশেষ আদালতত হাজিৰ কৰোৱা হ’ব ৷
লগতে পঢ়ক : অস্তিত্ব সংকটত কংগ্ৰেছ: শীঘ্ৰেই আহিব নতুন ৰূপত