ETV Bharat / bharat

গেলেকী থানাত নগা যুৱকৰ মৃত্য়ুৰ প্ৰতিবেদন বিচাৰিছে মানৱ অধিকাৰ আয়োগে

যোবা ২১ আগষ্টত শিৱসাগৰ জিলাৰ গেলেকী থানাত আৰক্ষীৰ জিম্মাত এজন নাগা যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছে । উক্ত অভিযোগৰ পিছতে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (National Human Rights Commission) শিৱসাগৰ আৰক্ষী অধীক্ষকৰ পৰা ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিচাৰিছে । এই বিষয়ে সদৰি কৰিছে ভাৰতীয় খিলঞ্জীয়া আইনজীৱী সংস্থাই ।

author img

By

Published : Aug 29, 2022, 7:04 PM IST

National Human Rights Commission
গেলেকী থানাত আৰক্ষীৰ জিম্মাত নগা যুৱকৰ মৃত্য়ু

নেশ্য়নেল ডেস্ক, ২৯ আগষ্ট: ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (National Human Rights Commission) আৰক্ষীৰ জিম্মাত এজন নগা যুৱকৰ মৃত্য়ু সন্দৰ্ভত শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ পৰা ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন বিচাৰিছে । উল্লেখ্য় যে, যোৱা ২১ আগষ্টত অসমৰ শিৱসাগৰ জিলাৰ গেলেকী আৰক্ষী থানাত আৰক্ষীৰ নিৰ্যাতনৰ ফলত ই হেনভেইহ ফম(৩৫) নামৰ এজন নাগা যুৱকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপিত হৈছিল ।

ইয়াৰ পিছতেই মানৱ অধিকাৰ আয়োগে উক্ত ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ পৰা ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন (Action taken report)বিচাৰিছে । মানৱ অধিকাৰ আয়োগৰ নিৰ্দেশনা অনুসৰি অহা চাৰি সপ্তাহৰ ভিতৰত ব্যৱস্থা গ্ৰহণৰ প্ৰতিবেদন দাখিল কৰিব লাগিব ।

উল্লেখ্য় যে যোৱা ২৫ আগষ্টত ভাৰতীয় খিলঞ্জীয়া আইনজীৱী সংস্থাই (Indigenous Lawyers Association of India) এই ঘটনাটো সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত এক অভিযোগ দাখিল কৰিছিল । ইয়াৰ পিছতেই এই বিষয়ে ৩০১/৩/১৫/২০২২এডি নম্বৰত এক গোচৰ ৰুজু কৰা হয় । উক্ত গোচৰটোৰ গুৰুত্ব বিবেচনা কৰি মানৱ অধিকাৰ আয়োগে বিষয়টো সন্দৰ্ভত হস্তক্ষেপ কৰি প্ৰতিবেদন বিচাৰিছে । এই বিষয়ে সদৰি কৰিছে আইএলএআইৰ কাৰ্যসূচী সমন্বয়ক তেজাং চাকমাই ।

আৰক্ষীৰ জিম্মাত মৃত্য়ু হোৱা ই হেনভেইহ ফম নগালেণ্ডৰ মোকোকচুং জিলাৰ অন্তৰ্গত আনাকী-চি গাঁৱৰ বাসিন্দা আছিল । যোৱা ১৬ আগষ্টত অসম আৰক্ষীয়ে তেওঁক গেলেকীত এগৰাকী মহিলাৰ সৈতে গ্ৰেপ্তাৰ কৰিছিল । আইএলএআইৰ কাৰ্যসূচী সমন্বয়ক তেজাং চাকমাই কয় যে ইয়াৰ পিছত ই হেনভেইহ ফমক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল । অৱশ্যে পাঁচ দিনৰ পিছত সন্দেহজনক পৰিস্থিতিত তেওঁৰ মৃত্যু হয় ।

আনহাতে, যুৱকজনৰ পৰিয়ালৰ সদস্যসকলে অভিযোগ কৰি কয় যে, গেলেকী আৰক্ষী থানাত আৰক্ষীৰ জিম্মাত অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হৈছিল বাবেই ই হেনভেইহ ফমৰ মৃত্যু হৈছিল। পৰিয়ালটোৱে কয় যে, গ্ৰেপ্তাৰ হোৱাৰ সময়ত ই হেনভেইহ শাৰীৰিকভাৱে সুস্থ আছিল ।

ইপিনে,আইএলআইয়ে মানৱ অধিকাৰ আয়োগক অসম চৰকাৰক চিআৰপিচিৰ ধাৰা ১৭৬(১এ)ৰ(Section 176(1A) of CrPC) অধীনত জিম্মাত মৃত্যুৰ ন্যায়িক তদন্ত কৰিবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে ।

উল্লেখ্য় যে, এই ধাৰাৰ অধীনত মৃত্যু,ধৰ্ষণ আৰু নিৰুদ্দেশ হোৱাৰ ক্ষেত্ৰত বাধ্যতামূলক ন্যায়িক অনুসন্ধানৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি আইএলআইয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন(post mortem report)আৰু আৰক্ষী থানাৰ চিচিটিভি ফুটেজসহ(CCTV footage of police station) এক বিতং প্ৰতিবেদন দাখিল কৰাৰো দাবী জনাইছে । আনহাতে,মৃতকৰ নিকটাত্মীয়ক ১০ লাখ টকাৰ অন্তৱৰ্তীকালীন ক্ষতিপূৰণ প্ৰদান কৰাৰো দাবী জনাইছে আইএলআইয়ে ।

লগতে পঢ়ক:পত্নী, সন্তান আৰু মাতৃক ডিঙি ৰেপি হত্যা কৰিলে মহেশে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.