ETV Bharat / bharat

উত্তৰ-পূৱত উদ্ধাৰ হৈছে এক নতুন প্ৰকাৰৰ বিষাক্ত সৰ্প - নতুন প্ৰজাতিৰ এক বিষাক্ত সৰ্প উদ্ধাৰ

সৰীসৃপ আৰু উভচৰ প্ৰাণীৰ অধ্যয়নত আন এক সফলতা । উত্তৰ-পূৱত উদ্ধাৰ হৈছে এক নতুন প্ৰকাৰৰ বিষাক্ত সৰ্প (New venomous snake found in Northeast)। এগৰাকী সেনাৰ মাতৃৰ স্মৃতিত ৰখা হৈছে সৰ্পটোৰ নাম । ক'ত আৰু কোনে উদ্ধাৰ কৰিছে এই সৰ্প ? উত্তৰ-পূৱৰ ক'ত ক'ত এই সৰ্পৰ অৱস্থিতি পোৱা গৈছে ? পঢ়ক সবিশেষ...

venomous snake
নতুন প্ৰজাতিৰ এক বিষাক্ত সৰ্প উদ্ধাৰ
author img

By

Published : May 22, 2022, 7:17 PM IST

আগৰতলা,২২ মে' : উত্তৰ-পূৱত এক নতুন প্ৰজাতিৰ সৰ্প উদ্ধাৰ হৈছে (New species of venomous snake recovered in Northeast)। সেউজীয়া ৰঙৰ বিষাক্ত এই সৰ্পটোৰ নাম হৈছে গ্ৰীণ পিটভাইপাৰ বা ত্ৰিমেৰেচুৰাছ মায়া (Maya’s Pit Viper)। এগৰাকী সেনা বিষয়াৰ মাতৃৰ স্মৃতিত এই নামটো ৰখা হৈছে । হেল্প আৰ্থৰ এগৰাকী বিশেষজ্ঞ জয়দিত্য পুৰকায়স্থই কোৱা মতে এই প্ৰজাতিটো যুগ যুগ ধৰি ধৰাৰ বুকুত আছিল যদিও উদ্ধাৰ কৰা হোৱা নাছিল ৷ কিয়নো আন এটা প্ৰজাতিৰ সৈতে ইয়াৰ সাদৃশ্য থকা বাবে ইয়াক সেই প্ৰজাতিৰ বুলি ধৰি লোৱা হৈছিল ।

তেওঁ উল্লেখ কৰা মতে এই নতুন প্ৰজাতিটো পূৰ্বে সচৰাচৰ মেঘালয় আৰু মিজোৰামত দেখা গৈছিল । অসমৰ গুৱাহাটীতো ইয়াৰ অৱস্থিতি ধৰা পৰিছে । কিন্তু ইয়াক পোপৰ পিট ভাইপাৰ (ত্ৰিমেৰেচুৰাছ পোপিঅৰাম) বা গুমপ্ৰেক্টৰ গ্ৰীণ পিটভাইপাৰ (ত্ৰিমেৰেচুৰাছ গাম্প্ৰেক্টি) বুলিহে কোৱা হৈছিল ।

শেহতীয়াকৈ, তেওঁ মেঘালয়ৰ উমৰোই সামৰিক কেন্দ্ৰৰ কৰ্ণেল যশপাল সিং ৰাথিৰ সৈতে এই গৱেষণা আৰম্ভ কৰিছিল । উল্লেখ্য যে এই নতুন প্ৰজাতিৰ সাপটো প্ৰথমবাৰৰ বাবে উমৰোই সামৰিক কেন্দ্ৰত দেখা গৈছিল । প্ৰথমতে সাপটো পোপৰ পিট ভাইপাৰ বুলি সন্দেহ কৰা হৈছিল যদিও চকুৰ ৰং বেলেগ আছিল ।

পৰৱৰ্তী সময়ত মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অধ্যাপক এইচ টি লালৰেমচাঙ্গাৰ নেতৃত্বৰ এটা দলেও মিজোৰামত একে প্ৰজাতিৰ সৰ্প ধৰা পেলাইছিল । আনুবংশিক বিশ্লেষণ কৰিবলৈ এনচিবিএছৰ জিশান মিৰ্জাই এক উন্নত ছবি সংগ্ৰহ কৰিছিল আৰু ইয়াৰ ফলাফলে সাপটো এটা নতুন প্ৰজাতিৰ বুলি প্ৰমাণ কৰিছিল । বিশেষজ্ঞ জয়দিত্য পুৰকায়স্থই কোৱা মতে কৰ্ণেল যশপাল সিং ৰাথীৰ স্বৰ্গীয় মাতৃৰ স্মৃতিত এই প্ৰজাতিটোৰ নাম ত্ৰিমেৰেচুৰাছ মায়া বা মায়াৰ পিট ভাইপাৰ ৰখা হয় ।

জানিব পৰা মতে এই প্ৰজাতিটো অতি বিষাক্ত । যিহেতু ইয়াৰ মানৱ স্বাস্থ্যত প্ৰভাৱ আছে সেয়েহে এই অনুসন্ধান অতি গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে । ইফালে দেশত যোৱা দুটা দশকত প্ৰায় ১.২ নিযুত লোকৰ সৰ্পদংশনৰ ফলত মৃত্যু হৈছে আৰু বহুতো লোক ঘূণীয়া হ'বলগীয়া হৈছে । সেয়েহ এটা নতুন প্ৰজাতিৰ বিষাক্ত সাপ উদ্ধাৰ হোৱাটো সঁচাকৈ গৱেষক তথা সাধাৰণ লোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

নতুন প্ৰজাতিৰ উদ্ভাৱনত অৱদান আগবঢ়োৱা আন ব্যক্তিসকল হৈছে মিজোৰাম বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ লাল বিয়াকজুয়ালা আৰু লাল মুয়ানচাংগে আৰু উমৰোইৰ সিদ্ধাৰ্থ দালাল ।

লগতে পঢ়ক :মছজিদৰ ভিতৰত শিৱলিংগ উদ্ধাৰৰ পোষ্ট দি গ্ৰেপ্তাৰ হিন্দু মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.