নেশ্যনেল ডেস্ক, ১২ মাৰ্চ: বাংগালুৰুৰ মডেল হিতেশা চন্দ্ৰানীয়ে শেহতীয়াকৈ ছ'চিয়েল মিডিয়াযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰি জমেট'ৰ এগৰাকী ডেলিভাৰী বয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল । মডেলগৰাকীয়ে ভিডিঅ' শ্বেয়াৰ কৰাৰ পিছতে জমেট'ৰ ডেলিভাৰী বয়গৰাকীয়েও টুইটযোগে যুক্তি প্ৰদৰ্শন কৰে ।
ডেলিভাৰী বয়গৰাকীয়ে কয় যে, "তেওঁ মহিলাগৰাকীৰ ঘৰত উপস্থিত হোৱাৰ লগে লগে মহিলাগৰাকীক কৈছিল যে, তেওঁ আন এঠাইত খাদ্য দিবলগীয়া আছিল আৰু যানজঁটত আবদ্ধ হৈ আছিল । পলম হোৱাৰ বাবে তেওঁ ক্ষমাও বিচাৰিছিল । কিন্তু মহিলাগৰাকীয়ে অতি অভদ্র আচৰণ কৰিছিল । তেওঁ কৈছিল যে তেওঁ কোনো অজুহাত মানি নলয় আৰু লগতে কয় যে, ডেলিভাৰী বয়গৰাকীয়ে নিৰ্ধাৰিত সময়ৰ ভিতৰত খাদ্য প্ৰদান কৰা নাছিল ।
তাৰ পিছত মহিলাগৰাকীয়ে তেওঁৰ পৰা খাদ্য লৈছিল আৰু খাদ্যৰ বাবদ পাবলগীয়া মূল্য পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছিল । ডেলিভাৰী বয়গৰাকীয়ে উত্থাপন কৰা অভিযোগ অনুসৰি, তেওঁ মহিলাগৰাকীক ১৯৮ টকা পৰিশোধ কৰিবলৈ কৈছিল, কিয়নো মহিলাগৰাকীয়ে এই ধন পৰিশোধ নকৰিলে তেওঁ নিজে পৰিশোধ কৰিব লাগিব । লগতে ডেলিভাৰী বয়জনে কৈছিল যে, তেওঁ মহিলাগৰাকীৰ দাস নহয় আৰু সেয়ে তেওঁৰ সৈতে অভব্য আচৰণ কৰা উচিত নহয় । ইয়াৰ পিছতে মহিলাগৰাকীয়ে চিঞৰিবলৈ আৰম্ভ কৰিছিল ।
ডেলিভাৰী বয়গৰাকীয়ে দাবী কৰিছিল যে, তেওঁ খাদ্য প্ৰদান কৰিবলৈ যোৱাৰ সময়ত, মহিলাগৰাকীয়ে জমেট' গ্ৰাহক সেৱাৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰিছিল আৰু অৰ্ডাৰটো বাতিল কৰিছিল । যিহেতু অৰ্ডাৰ বাতিল কৰা হৈছিল সেয়ে, জমেট'ৰ তৰফৰ পৰা ডেলিভাৰী বয়গৰাকীক খাদ্য ঘূৰাই আনিবলৈ কোৱা হৈছিল । ইয়াৰ পিছতে ডেলিভাৰী বয়জনে মহিলাগৰাকীৰ পৰা পাৰ্চেলটো খুজিছিল । কিন্তু মহিলাগৰাকীয়ে পাৰ্চেলটো অস্বীকাৰ কৰে ।
ডেলিভাৰী বয়জনে অভিযোগ উত্থাপন কৰা অনুসৰি, খাদ্যখিনি জোৰ কৰি লৈ আনিব বিচৰাত মহিলাগৰাকীয়ে অশ্লীল ভাষাত গালি-গালাজ কৰে আৰু তেওঁলৈ চেণ্ডেল দলিয়াই দিয়ে । কেৱল এয়াই নহয়, মহিলাগৰাকীয়ে শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে । এই সময়ত ডেলিভাৰী বয়জনে মহিলাগৰাকীক বাধা দিয়াৰ চেষ্টা কৰোতে মহিলাগৰাকীয়ে আঙুলিত পিন্ধি থকা আঙুঠিটোৰ বাবে নিজৰ নাকত আঘাত পায় ।
ডেলিভাৰী বয়জনে আৰক্ষীকো এই বিষয়ে অৱগত কৰিছিল । আনহাতে, ডেলিভাৰী বয়জনে খাদ্য দিওতে পলম হোৱা বুলি স্বীকাৰ কৰাৰ লগতে ক্ষমা বিচাৰিছে । উল্লেখ্য যে, মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি বুধবাৰে ডেলিভাৰী বয়জনক আটক কৰে যদিও একেদিনাই জামিন প্ৰদান কৰা হৈছিল । এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।
:সৱৰমতী আশ্ৰমত ‘আজাদী কা অমৃত মহোৎসৱ’ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে