ETV Bharat / bharat

প্ৰতিষেধক প্ৰেৰণৰ বাবে ভাৰতক ধন্য়বাদ নেপালৰ প্ৰধানমন্ত্ৰীৰ - ১ লাখ ৫০ হাজাৰ কোভিশ্বিল্ড প্ৰতিষেধক ভূটানলৈ আৰু ১ লাখ মালদ্বীভছলৈ পঠিয়াইছে

আন কেইবাখনো দেশৰ লগতে এক নিযুত কোভিশ্বিল্ড প্ৰতিষেধক চুবুৰীয়া দেশ নেপাললৈ প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে । ভাৰত চৰকাৰৰ এই মহান পদক্ষেপক কৃতজ্ঞতা জ্ঞাপন কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কে পি অ'লীয়ে ।

প্ৰতিষেধক প্ৰেৰণৰ বাবে ভাৰতক ধন্য়বাদ নেপালৰ প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Jan 22, 2021, 3:14 PM IST

নিউজ ডেস্ক , ২২ জানুৱাৰী : সমগ্ৰ ভাৰতত চলি আছে কৰ'ণাৰ প্ৰতিষেধক প্ৰদানৰ প্ৰক্ৰিয়া । তাৰ মাজতে ভাৰত চৰকাৰে কেইবাখনো বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ দেশলৈ প্ৰেৰণ কৰিছে কৰ'ণাৰ প্ৰতিষেধক । শেহতীয়াকৈ বাংলাদেশলৈ ২ নিযুত প্ৰতিষেধক প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে । লগতে ভাৰত চৰকাৰে ১ লাখ ৫০ হাজাৰ কোভিশ্বিল্ড প্ৰতিষেধক ভূটানলৈ আৰু ১ লাখ মালদ্বীপলৈ প্ৰেৰণ কৰিছে ।

বিশেষ কাৰ্যসূচীৰ জৰিয়তে এক নিযুত কোভিশ্বিল্ড প্ৰতিষেধক চুবুৰীয়া দেশ নেপাললৈও প্ৰেৰণ কৰিছে ভাৰত চৰকাৰে । ইয়াৰ পাছতে ভাৰত চৰকাৰৰ এই মহান পদক্ষেপক কৃতজ্ঞতা জ্ঞাপন কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী কে পি অ'লীয়ে । নেপালক এই জটিল পৰিস্থিতিৰ মাজতে ভাৰত চৰকাৰে প্ৰতিষেধক প্ৰদান কৰাৰ বাবে টুইট যোগে নৰেন্দ্ৰ মোডী, ভাৰত চৰকাৰ লগতে ভাৰতবাসীক ধন্য়বাদ জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী অ'লীয়ে ।

নেপালৰ প্ৰধানমন্ত্ৰী গৰাকীৰ কৃতজ্ঞতা স্বীকাৰ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও টুইটৰ প্ৰতিক্ৰিয়া কৰে । মোডীয়ে কয় যে নেপালৰ লোকসকলক মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ । কেৱল নেপাল বুলিয়ে নহয় বিশ্ববাসীক মহামাৰীৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতে সহযোগীতা আগবঢ়াব ।

  • Thank you PM @kpsharmaoli. India remains committed to assist the people of Nepal in fighting the Covid-19 pandemic. The vaccines being made in India will also contribute to the global efforts to contain the pandemic. https://t.co/d6LpcbvKHg

    — Narendra Modi (@narendramodi) January 21, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ যে মহামাৰীৰ সৈতে যুজিবলৈ ভাৰতে ইয়াৰ পূৰ্বে নেপালক যথেষ্ট পৰিমাণে সহযোগীতা আগবঢ়াইছে । তেওঁলোকৰ সহায়ৰ বাবে বিভিন্ন প্ৰকাৰৰ মেডিচিন, ভেন্টিলেটৰ, মাস্ক, গ্লোভছ আদি বৃহৎ পৰিমাণৰ চিকিৎসাৰ সা-সৰঞ্জাম নেপাললৈ ৰপ্তানি কৰিছিল ভাৰতে ।

লগতে পঢ়ক :তামিলনাডুৰ কৃষক,শিপিনী, শ্ৰমিকৰ লগত মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.