ETV Bharat / bharat

Neiphiu Rio Takes Oath : নাগালেণ্ডৰ পঞ্চমটো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ নেফিঅ' ৰিঅ'ৰ - Union Minister of State Ramdas Athawale

এইবাৰ অনুষ্ঠিত নাগালেণ্ড বিধানসভা নিৰ্বাচনত বিজেপি-এনডিপিপি মিত্ৰজোঁটে ৩৭ খন আসন লাভ কৰি অনায়াসে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে (BJP NDPP coalition govt in Nagaland) ।

Neiphiu Rio Takes Oath
Neiphiu Rio Takes Oath
author img

By

Published : Mar 7, 2023, 4:00 PM IST

নিউজ ডেস্ক, ৭ মাৰ্চ : নাগালেণ্ডৰ শক্তিশালী নেতা নেফিঅ' ৰিঅ'ক মঙলবাৰে ৰাজ্যপাল লা গণেশনে অভিলেখ সংখ্যক পঞ্চম কাৰ্যকালৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায় (Neiphiu Rio takes oath as Nagaland Chief Minister) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপি দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে (Modi attended Neiphiu Rio oath taking ceremony) । উল্লেখ্য যে, উত্তৰ-পূবৰ এই ৰাজ্যখনত শপত গ্ৰহণ অনুষ্ঠানত কোনো কেন্দ্ৰীয় মন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰে ।

শপত গ্ৰহণ অনুষ্ঠান কঠোৰ নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে কেপিটেল কালচাৰেল হলত অনুষ্ঠিত হয় (Neiphiu Rio takes oath at Capital Cultural Hall) । উক্ত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Assam CM Himanta Biswa Sarma), অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিং, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং আৰু কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামদাস আঠৱালেও (Union Minister of State Ramdas Athawale) শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে । উল্লেখ্য যে ৰিঅ' নেতৃত্বাধীন মিত্ৰজোঁটৰ ২০১৮ চনৰ শপত গ্ৰহণ অনুষ্ঠানৰ সম্পূৰ্ণ বিপৰীত আছিল এইবাৰৰ শপত গ্ৰহণ কাৰ্যসূচী । কিয়নো যোৱাবাৰ স্থানীয় এক খেলপথাৰত এক বিশাল আয়োজনেৰে ৰাজহুৱা অনুষ্ঠানত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল নেফিঅ' ৰিঅ'ই ।

উল্লেখ্য যে এই শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে দিনটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোদীয়ে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ শপত গ্ৰহণত অংশগ্ৰহণ কৰে (Modi attended Conrad Sangma oath taking ceremony) । কনৰাড চাংমাই একেৰাহে দ্বিতীয়বাৰৰ বাবে ৰাজ্যখনৰ শাসনৰ বাঘজৰী হাতত লৈছে । দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ-পূবলৈ অহা তেওঁৰ ভ্ৰমণকালত প্ৰধানমন্ত্ৰী মোদীয়ে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত থাকিব ।

২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ৰিঅ'-গেৰুৱা মিত্ৰজোঁটে মুঠ ৬০ খন আসনৰ ভিতৰত ৩৭ খন আসন লাভ কৰিছিল । ৰিঅ'ৰ নেচনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগ্ৰেছিভ পাৰ্টীয়ে (Nationalist Democratic Progressive Party, NDPP) যোৱাবাৰৰ নিৰ্বাচনতকৈ ইয়াৰ প্ৰদৰ্শন সামান্য উন্নত কৰি ২৫ খন আসন লাভ কৰে । আনহাতে, বিজেপিয়ে ১২ খন আসন দখল কৰিবলৈ সক্ষম হয় । আনহাতে, উত্তৰ আংগামি-২ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি অহা আৰু এই সমষ্টিৰ পৰা কেতিয়াও নিৰ্বাচনত পৰাজিত নোহোৱা নেফিঅ' ৰিঅ'ই কংগ্ৰেছৰ প্ৰাৰ্থী ছেইভিলি চাচুক ১৫,৮২৪ টা ভোটৰ বৃহৎ ব্যৱধানত পৰাজিত কৰে ।

উল্লেখ্য, এনডিপিপি আৰু বিজেপি নেতাসকলে চৰকাৰ গঠন আৰু তেওঁক সমৰ্থন কৰাৰ বাবে তেওঁলোকৰ যুটীয়া ঘোষণা দাখিল কৰাৰ পিছত ৰিঅ'ই সোমবাৰে সন্ধিয়া ৰাজ্যপালক সাক্ষাৎ কৰে । আনহাতে, বিজেপি বিধায়িনী দলে সৰ্বসন্মতিক্ৰমে ইয়ান্থুংগো পেটনক ৰাজ্যিক বিধানসভাত তেওঁলোকৰ নেতা হিচাপে পুনৰ নিৰ্বাচিত কৰে । তেওঁ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ।

লগতে পঢ়ক :Prime Minister’s two day NE visit : মেঘালয় চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.