ETV Bharat / bharat

প্ৰসৱৰ 24 ঘণ্টাৰ ভিতৰত সদ্যজাত সন্তানক লৈ খোজকাঢ়ি ঘৰমুৱা প্ৰসুতি

author img

By

Published : Dec 22, 2020, 4:06 PM IST

প্ৰসৱৰ 24 ঘণ্টা সম্পূৰ্ণ নোহোৱাৰ আগতে এগৰাকী মহিলাক কোনো সহায়তা অবিহনেই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এৰিবলৈ কোৱা হয় ৷ মহিলাগৰাকীৰ ওচৰত কোনো বিকল্প নথকাৰ ফলত প্ৰসুতি গৰাকীয়ে এখন পাহাৰ বগাবলৈ বাধ্য হয় ৷

negligence-of-health-department-revealed-in-umaria-after-shahdol
প্ৰসৱৰ 24 ঘণ্টাৰ ভিতৰত সদ্যজাত সন্তানকলৈ খোজকাঢ়ি ঘৰলৈ উভতিবলৈ বাধ্য মহিলা

নিউজ ডেস্ক, 22 ডিচেম্বৰ : মধ্যপ্ৰদেশৰ শাহডোল জিলা হাস্পতালত এক সপ্তাহৰ ভিতৰত দুই ডজনতকৈ অধিক শিশুৰ মৃত্যুৰ ঘটনাই সমগ্ৰ ৰাজ্যখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ উক্ত ঘটনাৰ চাঞ্চল্য এতিয়াও শাম কটা নাই যদিও ৰাজ্যখনত পুনৰ পোহৰলৈ আহিছে স্বাস্থ্যকৰ্মীৰ অৱহেলাৰ আন এক ঘটনা ৷

প্ৰসৱৰ 24 ঘণ্টা সম্পূৰ্ণ নোহোৱাৰ আগতে এগৰাকী প্ৰসুতিক কোনো সহায়তা অবিহনেই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এৰিবলৈ কোৱা হয় ৷ প্ৰসুতি গৰাকীৰ ওচৰত কোনো বিকল্প নথকাৰ ফলত এখন পাহাৰ বগাবলৈ বাধ্য হয় ৷ সদ্য প্ৰসৱ হোৱা মহিলাগৰাকীয়ে নিজৰ গাঁৱলৈকে যাবলৈ এনেদৰেই প্ৰায় তিনি কিলোমিটাৰ পথ অতিক্ৰম কৰিবলগীয়া হয় ৷

ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, ৰাজ্যখনৰ পাহাৰীয়া গাঁও মৰদৰী গাঁৱৰ বাসিন্দা বিষাৰতী বাইয়ে ওমৰিয়া জিলাৰ নৌৰজাবাদ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এটি সন্তান জন্ম দিছিল ৷ যেতিয়া মহিলাগৰাকীয়ে ঘৰলৈ উভতিবলৈ জননী এক্সপ্ৰেছৰ সহায় বিচাৰে, তেতিয়া হাস্পতালখনত উপস্থিত স্বাস্থ্যকৰ্মী সকলে মহিলাগৰাকীৰ উক্ত অনুৰোধক কোনো সঁহাৰি প্ৰদান নকৰে ৷ জননী এক্সপ্ৰেছৰ বাহনখন বেয়া হৈ থকাৰ বাবে মহিলাগৰাকীয়ে ঘৰলৈ খোজকাঢ়ি যাবলৈ বাধ্য হয় ৷ এই ঘটনাৰ পাছতে পুনৰ এবাৰ ৰাজ্যখনৰ স্বাস্থ্যখণ্ডৰ ফোঁপোলা স্বৰূপ পোহৰলৈ আহিছে ৷ এই ঘটনাই ৰাজ্যখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ঘটনা সন্দৰ্ভত শীৰ্ষ চিকিৎসা স্বাস্থ্য বিষয়াৰ প্ৰতিক্ৰিয়া বিচাৰি ইটিভি ভাৰতে তেওলোকৰ সৈতে যোগাযোগৰ চেষ্টা চলাইছিল যদিও তেওলোকৰ সৈতে ফোনত সংযোগ লাভ কৰিবলৈ সক্ষম নহল ৷ এই বাতৰি যেতিয়াই জিলা উপায়ুক্তই লাভ কৰে তেতিয়াই তেখেতে তৎকালীন ভাৱে বি.এম.অ. আৰু চি.এম.এইচ.অ. ৰ সৈতে ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈ বৈঠকত মিলিত হয় ৷ তেখেতে পৰৱৰ্তী সময়ত ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপ কৰি কয় যে,চৰকাৰে চিকিৎসা সেৱা নামত বৃহৎ পুঁজি খৰচ কৰাৰ পাছতো উক্ত মহিলাগৰাকীয়ে খোজকাঢ়ি ঘৰলৈ যাবলগীয়া হোৱা ঘটনাটো অতিকৈ দূৰ্ভাগ্যজন ৷

লগতে পঢ়ক: ছিংগাপুৰে লাভ কৰিলে ফাইজাৰ প্ৰতিষেধকৰ প্ৰথমলানি চিটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.