ETV Bharat / bharat

NEET UG 2023 : শিক্ষাৰ্থীসকলক মেইলযোগে OMR শ্বীটৰ স্কেন প্ৰতিলিপি প্ৰেৰণ

author img

By

Published : Jun 4, 2023, 4:25 PM IST

শিক্ষাৰ্থীসকলক নেশ্যনেল টেষ্টিং এজেন্সিয়ে OMR শ্বীটৰ স্কেন প্ৰতিলিপি মেইলযোগে প্ৰেৰণ কৰিছে (OMR sheet scanned copy sent to Examinee)। ইয়াৰ পাছতে ৰেকৰ্ড ৰেচপঞ্চ শ্বীটো জাৰী কৰিব । অহা ৬ জুনত মণিপুৰত হ'ব NEET UG 2023 পৰীক্ষা ।

NEET UG 2023
শিক্ষাৰ্থীসকলক মেইলযোগে OMR শ্বীটৰ স্কেন প্ৰতিলিপি প্ৰেৰণ

নেশ্যনেল ডেস্ক,৪ জুন : দেশৰ সৰ্ববৃহৎ চিকিৎসা প্ৰৱেশ পৰীক্ষা নেশ্যনেল এলিজিবিলিটি এণ্ট্ৰেঞ্চ টেষ্টৰ (NEET UG 2023) এক গুৰুত্বপূৰ্ণ আপডেট । নেশ্যনেল টেষ্টিং এজেন্সিয়ে শিক্ষাৰ্থীসকলৰ OMR শ্বীটৰ স্কেন প্ৰতিলিপি মেইলযোগে প্ৰেৰণ কৰা আৰম্ভ কৰিছে (NTA sent OMR sheet scanned copy)।

দেওবাৰে নিশা বা সোমবাৰে পুৱালৈ মেইলবোৰ লাভ কৰিব । কোটাৰ এটা ব্যক্তিগত প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ কেৰিয়াৰ পৰামৰ্শ বিশেষজ্ঞ পাৰিজাত মিশ্ৰাই এই সন্দৰ্ভত কয় যে, শিক্ষাৰ্থীসকললৈ আজিৰ পৰা OMR স্কেন প্ৰতিলিপি মেইল কৰা আৰম্ভ কৰিছে । এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'বলৈ এক বা দুই দিনৰ প্ৰয়োজন হ'ব ।

মিশ্ৰাই সকলো শিক্ষাৰ্থীক তেওঁলোকৰ পঞ্জীভুক্ত ইমেইল আইডি পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে । যিসকল শিক্ষাৰ্থীয়ে মেইলত এই প্ৰতিলিপি লাভ কৰা নাই, তেওঁলোকে অপেক্ষা কৰা উচিত । কাৰণ নেশ্যনেল টেষ্টিং এজেন্সিয়ে সকলো শিক্ষাৰ্থীক একেলগে মেইল কৰিব নোৱাৰে । শিক্ষাৰ্থীসকলে কিছু সময়ৰ ব্যৱধানত স্কেন প্ৰতিলিপিসমূহ লাভ কৰিব ।

নেশ্যনেল টেষ্টিং এজেন্সিৰ দ্বাৰা পৰিচালিত NEET UG 2023 পৰীক্ষাৰ বাবে প্ৰায় ২০.৮৯ লাখ শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল । ইয়াৰে প্ৰায় ৯৭ শতাংশ শিক্ষাৰ্থীয়ে পৰীক্ষা দিছিল । পৰীক্ষাত বহা শিক্ষাৰ্থী আছিল প্ৰায় ২০.২৫ লাখ ।

নেশ্যনেল টেষ্টিং এজেন্সিয়ে স্কেন প্ৰতিলিপি মুকলি কৰিছে । ইয়াৰ পাচত, শিক্ষাৰ্থীসকলক তেওঁলোকৰ ৰেকৰ্ড ৰেচপঞ্চ শ্বীট জাৰী কৰা হ'ব । শিক্ষাৰ্থীসকলে স্কেন প্ৰতিলিপি আৰু ৰেকৰ্ড ৰেচপঞ্চ শ্বীটৰ সৈতে মিলাব পাৰিব । যদি দুয়োটাৰ মাজত পাৰ্থক্য থাকে তেন্তে তেওঁলোকে আপত্তি দাখিল কৰিব পাৰিব । আনহাতে, নেশ্যনেল টেষ্টিং এজেন্সিয়ে প্ৰশ্নকাকত আৰু উত্তৰ কীও মুকলি কৰিব ।

এনে পৰিস্থিতিত, প্ৰাৰ্থীসকলে প্ৰশ্নকাকতত আপত্তি দাখিল কৰিব পাৰিব আৰু উত্তৰ কী দিব পাৰিব । বিশেষজ্ঞ পৰিজাত মিশ্ৰাই কয় যে, এই সকলোবোৰ অহা ৪ ৰ পৰা ৫ দিনৰ ভিতৰত মুকলি কৰা হ'ব ।

ইফালে মণিপুৰত হিংসাত্মক পৰিস্থিতিৰ বাবে, NEET UG 2023 পৰীক্ষা ৭ মে'ত অনুষ্ঠিত হোৱা নাছিল । কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি, নেশ্যনেল টেষ্টিং এজেন্সিয়ে পৰীক্ষা স্থগিত ৰাখিছিল । নেশ্যনেল টেষ্টিং এজেন্সিয়ে ৩ ৰ পৰা ৫ জুনৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি জাননী জাৰি কৰিছিল । জানিব পৰা মতে এই পৰীক্ষা ৬ জুনত অনুষ্ঠিত হ'ব (NEET UG 2023 in Manipur)।

পৰিজাত মিশ্ৰাই কোৱা মতে ইয়াৰ বাবে শিক্ষাৰ্থীসকলক অনলাইনত কোনোধৰণৰ তথ্য জাৰি কৰা হোৱা নাই । নেশ্যনেল টেষ্টিং এজেন্সিয়ে পৰীক্ষা কেন্দ্ৰৰ বিষয়ে তথ্য সংগ্ৰহ কৰিছিল । আনহাতে, হাতেৰে নিৰ্মিত এডমিট কাৰ্ড জাৰী কৰা হৈছে ।

লগতে পঢ়ক :Balasore train accident : ভুৱনেশ্বৰলৈ ৰাওনা এইমছৰ বিশেষজ্ঞ চিকিৎসকৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.