নেশ্যনেল ডেস্ক, 20 জুলাই: ৰাষ্ট্ৰীয় মহিলা আয়োগে বৃহস্পতিবাৰে টুইটাৰ ইণ্ডিয়াক মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰা ভিডিঅ’ আঁতৰাবলৈ আনুষ্ঠানিকভাৱে নিৰ্দেশনা প্ৰদান কৰিছে ৷ ৰাষ্ট্ৰীয় মহিলা আয়োগে কয় যে ভিডিঅ’টোত মহিলা ভুক্তভোগীৰ পৰিচয় প্ৰকাশ পাইছে আৰু এয়া শাস্তিযোগ্য অপৰাধ ৷
‘‘NCWয়ে আনুষ্ঠানিকভাৱে টুইটাৰ ইণ্ডিয়াৰ ৰাজহুৱা নীতিৰ মুৰব্বীক মণিপুৰৰ দুগৰাকী মহিলাক উলংগ কৰি পেৰেড কৰাৰ লাঞ্ছনাজনক কাৰ্য দেখুওৱা ভিডিঅ'টো আঁতৰাবলৈ নিৰ্দেশ দিছে । এই ভিডিঅ'টোৱে ভুক্তভোগীসকলৰ পৰিচয়ৰ সৈতে আপোচ কৰে আৰু ই এক শাস্তিযোগ্য অপৰাধ,’’ NCWয়ে টুইট কৰি এই কথা উল্লেখ কৰে ৷
-
NCW has formally directed the Head, Public Policy at @TwitterIndia to remove the video showing the disgraceful act of two women being paraded naked. This video compromises the victims' identities and is a punishable offense.@sharmarekha @MinistryWCD @TwitterSupport @Twitter
— NCW (@NCWIndia) July 20, 2023 " class="align-text-top noRightClick twitterSection" data="
">NCW has formally directed the Head, Public Policy at @TwitterIndia to remove the video showing the disgraceful act of two women being paraded naked. This video compromises the victims' identities and is a punishable offense.@sharmarekha @MinistryWCD @TwitterSupport @Twitter
— NCW (@NCWIndia) July 20, 2023NCW has formally directed the Head, Public Policy at @TwitterIndia to remove the video showing the disgraceful act of two women being paraded naked. This video compromises the victims' identities and is a punishable offense.@sharmarekha @MinistryWCD @TwitterSupport @Twitter
— NCW (@NCWIndia) July 20, 2023
বুধাবাৰে মণিপুৰৰ দুগৰাকী কুকি মহিলাক উলংগ কৰি সমদল কৰা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পাচতে দেশজুৰি সৃষ্টি হৈছে আলোড়নৰ ৷ জানিব পৰা মতে বিগত মে’ মাহৰ 4 তাৰিখে সংঘটিত হৈছিল এই ঘটনা ৷ উল্লেখ্য যে বৃহস্পতিবাৰে ৰাষ্ট্ৰীয় মহিলা আয়োগে টুইটযোগে এই ঘটনাক গৰিহনা দি মণিপুৰৰ আৰক্ষী সঞ্চালক প্ৰধানক তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছিল ৷
ইয়াৰ লগতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ মুৰব্বী ৰেখা শৰ্মাই কয়, ‘‘ঘটনাটোৰ এজন মুখ্য অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সন্ধিয়ালৈকে অধিক অপৰাধীক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে । আমি টুইটাৰক তেওঁলোকৰ প্লেটফৰ্মত এনে ভিডিঅ' প্ৰচাৰ কৰিবলৈ অনুমতি দিয়াৰ বিৰুদ্ধে এখন জাননীও দিছো । এইটো সঁচাকৈয়ে আচৰিত আৰু এনচিডব্লিউয়ে ঘটনাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । ৰাজস্থান আৰু মণিপুৰৰ পৰা এনে ধৰণৰ বহুতো ঘটনা পোহৰলৈ আহিছে । মই প্ৰশাসনৰ সৈতে নিৰন্তৰ যোগাযোগত আছো আৰু অভিযুক্তক শাস্তি প্ৰদান কৰা হ’ব ৷’’
মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙে সদৰী কৰা অনুসৰি মণিপুৰ আৰক্ষীয়ে ঘটনাটোৰ সন্দৰ্ভত প্ৰথমজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ উল্লেখ্য যে এই ঘটনাই এতিয়া কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷