ETV Bharat / bharat

ধনদাবীৰ গোচৰত গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী অনিল দেশমুখ - মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে

সোমবাৰে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছতে প্ৰাক্তন মন্ত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হয় । তেওঁৰ বিৰুদ্ধে প্ৰায় ১০০ কোটি টকাৰ ধন দাবীৰ এক গোচৰ ৰুজু হৈ আছে । ইয়াৰ পূৰ্বে ইডিয়ে দেশমুখৰ প্ৰাক্তন ঘনিষ্ঠ সহায়ক সঞ্জীৱ পালাণ্ডে আৰু কুন্দন চিন্দেক গ্ৰেপ্তাৰ কৰিছিল ।

NCP leader
ধনদাবীৰ গোচৰত গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী অনিল দেশমুখ
author img

By

Published : Nov 2, 2021, 11:23 AM IST

নেশ্যনেল ডেস্ক, ২ নৱেম্বৰ : অৱশেষত ইডিৰ (ED) হাতত গ্ৰেপ্তাৰ হ'ল মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ । এক কথিত ধন দাবীৰ ঘটনাৰ অভিযোগত সোমবাৰে গ্ৰেপ্তাৰ হয় নেতাগৰাকী । নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টীৰ জ্যেষ্ঠ নেতাগৰাকীক সোমবাৰে জেৰা চলোৱা হৈছিল আৰু জেৰাৰ অন্তত ইডিয়ে গ্ৰেপ্তাৰ কৰে নেতাগৰাকীক ।

উল্লেখ্য যে, মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে তেওঁৰ বিৰুদ্ধে ১০০ কোটি টকাৰ ধন দাবীৰ অভিযোগ উত্থাপন কৰিছিল । সেই গোচৰৰ অনুসন্ধান কৰি থকা ইডিয়ে অনিল দেশমুখক তদন্তকাৰী সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হ'বলৈ জাননী জাৰি কৰিছিল । দুৰ্নীতিৰ বিৰুদ্ধে কেন্দ্ৰীয় অনুসন্ধান ব্যুৰ'য়ে (CBI) এগৰাকী মধ্যস্থতাকাৰী সন্তোষ জগতাপকক আটক কৰাৰ এদিন পাছতে এই ঘটনা পোহৰলৈ আহিছে ।

নেতাগৰাকীয়ে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পূৰ্বে আদালতক সন্মান কৰাৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত হোৱা বুলি সদৰী কৰে । অভিযোগকাৰীৰ বিৰুদ্ধে প্ৰশ্ন কৰি তেওঁ কয় যে তেওঁৰ বিৰুদ্ধে মিছা অভিযোগ কৰা পৰমবীৰ সিং ক'ত আছে তেওঁ জানিব বিচাৰিছে ।

নেতাগৰাকীয়ে জনোৱা মতে ইয়াৰ পূৰ্বে ইডিয়ে তেওঁৰ বিৰুদ্ধে কেইবাবাৰো চমন জাৰি কৰিছিল আৰু লগে লগে তেওঁ ইডিৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই কাৰ্যালয়ত উপস্থিত হৈছিল । আনকি চিবিআইৰ দুখন জাননীৰো তাৎক্ষণিকভাৱে তেওঁ উত্তৰ দিছিল ।

উল্লেখ্য যে, শেহতীয়াকৈ নেতাগৰাকী পলাতক হৈ থকা বুলি এক বাতৰি প্ৰচাৰ হৈছিল । তেওঁৰ ঘৰত আৰু আত্মীয়ৰ ঘৰত ইডি আৰু চিবিআয়ে অভিযান চলোৱা পাছৰে পৰা নেতাগৰাকী পলাতক বুলি বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল । এই খবৰ সম্পূৰ্ণ মিছা বুলিও কয় নেতাগৰাকীয়ে । কিয়নো তেওঁ নিজে ইডিৰ কাৰ্যালয়লৈ আহিছে সেয়ে তেওঁৰ মতে পলাতকৰ বাতৰি সম্পূৰ্ণ ভুৱা ।

এনচিপিৰ নেতাগৰাকীৰ বিৰুদ্ধে ২০২০ চনৰ এপ্ৰিলত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেলৈ মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে অভিযোগ তুলি এক পত্ৰ প্ৰেৰণ কৰিছিল । ইয়াৰ পাছতে দেশমুখে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও মুখথেকেচা খাবলগীয়া হৈছিল । গোচৰটো সম্প্ৰতি উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে ।

তদন্তকাৰী সংস্থাবোৰে নেতাগৰাকীৰ পত্নী আৰু পুত্ৰকো জেৰা চলাইছিল । আনহাতে ইডিয়ে নেতাগৰাকীৰ প্ৰায় ৪.২০ কোটি টকাৰ সম্পত্তিৰ কিছু অংশ জব্দ কৰিছে বুলি জানিব পৰা গৈছে । পূৰ্বে ইডিয়ে দেশমুখৰ প্ৰাক্তন ঘনিষ্ঠ সহায়ক সঞ্জীৱ পালাণ্ডে আৰু কুন্দন চিন্দেক গ্ৰেপ্তাৰ কৰিছিল । বিজেপিৰ ৰাজ্যিক সভাপতি চন্দ্ৰকান্ত পাটিলে ইডিৰ এই পদক্ষেপক আদৰণি জনাই কয় যে প্ৰকৃততে দেশমুখৰ ওচৰত ইডিৰ সন্মুখত হাজিৰ হোৱাৰ বাহিৰে কোনো বিকল্প নাছিল ।

লগতে পঢ়ক : ইডিৰ কাৰ্যালয়ত উপস্থিত মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.