ETV Bharat / bharat

ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান পৰীক্ষা আঁচনি স্থগিত

author img

By

Published : Oct 8, 2022, 2:23 PM IST

ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান পৰীক্ষা আঁচনি (National Talent Search Examination scheme) স্থগিত হৈছে । এক চৰকাৰী নিৰ্দেশ অনুসৰি এনচিইআৰটিয়ে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই আঁচনি স্থগিত ৰখা বুলি সদৰি কৰিছে ।

National Talent Search Examination scheme
ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান পৰীক্ষা আঁচনি স্থগিত

নেশ্য়নেল ডেস্ক, ৮ অক্টোবৰ: এক চৰকাৰী নিৰ্দেশ অনুসৰি এনচিইআৰটিয়ে পৰৱৰ্তী নিৰ্দেশ নিদিয়ালৈকে ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান পৰীক্ষা আঁচনি (National Talent Search Examination scheme)স্থগিত ৰাখিছে । উল্লেখ্য় যে এই জনপ্ৰিয় বৃত্তি পৰীক্ষাটোৰ বাবে শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা পুঁজি যোগান ধৰা হয় । এই বৃত্তি কাৰ্যসূচী ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (NCERT)আয়োজন কৰে । বৃত্তি পৰীক্ষা বাৰ্ষিক দুটা পৰ্যায়ত অনুষ্ঠিত কৰা হয় । ইয়াৰে প্ৰথম পৰ্যায় হৈছে ৰাজ্যিক স্তৰ আৰু দ্বিতীয় পৰ্যায় ৰাষ্ট্ৰীয় পৰ্যায় ।

এনচিইআৰটিয়ে এক চৰকাৰী নিৰ্দেশত কয়,"ৰাষ্ট্ৰীয় প্ৰতিভা অনুসন্ধান আঁচনি হৈছে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা (Ministry of Education) সম্পূৰ্ণৰূপে পুঁজি যোগান ধৰা এক কেন্দ্ৰীয় খণ্ডৰ আঁচনি । এনচিইআৰটি হৈছে এনটিএছ আঁচনিৰ বাবে এক কাৰ্যকৰী সংস্থা । আঁচনিখন ২০২১ চনৰ ৩১ মাৰ্চলৈকে অনুমোদিত হৈছিল ।"

এনচিইআৰটিয়ে পুনৰ উল্লেখ কৰিছে যে আঁচনিখনৰ বৰ্তমান ৰূপটো পৰৱৰ্তী ৰূপৰ বাবে অনুমতি দিয়া হোৱা নাই । পৰিষদৰ জ্যেষ্ঠ বিষয়াসকলৰ মতে,মন্ত্ৰালয়ে উক্ত আঁচনিখন পুনৰ গঠন কৰাৰ লক্ষ্যৰে পৰ্যালোচনা কৰি আছে । এই প্ৰসংগত এনচিইআৰটিৰ এজন জ্যেষ্ঠ বিষয়াই কয়,"এনটিএছই পৰীক্ষাৰ পুনৰ গঠনৰ বাবে আলোচনা চলি আছে । ইয়াৰ ভিতৰত আছে অধিক শিক্ষাৰ্থীক লাভান্বিত কৰাৰ বাবে বৃত্তিৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে বৃত্তিৰ পৰিমাণ বৃদ্ধি কৰা ।"

তেওঁ অৱশ্যে ইয়াৰ সময়সীমাৰ বিষয়ে কোনো মন্তব্য কৰা নাই । এই পৰীক্ষাটো হিন্দী, ইংৰাজী আৰু আন ১১ টা ভাৰতীয় ভাষাত প্ৰদান কৰা হয় । বিজ্ঞান আৰু সামাজিক বিজ্ঞানৰ পাঠ্যক্ৰম সমূহ ডক্টৰেট পৰ্যায়লৈকে আৰু দ্বিতীয় ডিগ্ৰী পৰ্যায়লৈকে ঔষধ আৰু অভিযান্ত্ৰিকৰ দৰে পেছাদাৰী পাঠ্যক্ৰমত প্ৰাৰ্থীসকলক বৃত্তি প্ৰদান কৰা হয় ।

আনহাতে,একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলক প্ৰতি মাহে ১,২৫০ টকাৰ বৃত্তি প্ৰদান কৰা হয় । তদুপৰি স্নাতক আৰু স্নাতকোত্তৰ শিক্ষাৰ্থীসকলক প্ৰতি মাহে ২,০০০ টকা প্ৰদান কৰা হয় । অনুসূচীত জাতিৰ বাবে ১৫ শতাংশ, অনুসূচীত জনজাতিৰ বাবে ৭.৫ শতাংশ আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে ২৭ শতাংশ আৰু বেঞ্চমাৰ্ক বিকলাঙ্গতা (benchmark disabilities) থকা শিক্ষাৰ্থীৰ এটা গোটৰ বাবে ৪ শতাংশ সংৰক্ষণসহ দেশত ২,০০০ বৃত্তি প্ৰদান কৰা হয় ।

লগতে পঢ়ক:উত্তৰকাশী হিমস্খলনত আৱদ্ধ হৈ থকা পৰ্বতাৰোহী দীপশিখা হাজৰিকাৰ মৃতদেহ উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.