নেশ্যনেল ডেস্ক,৩০ জুলাই: 'ড্ৰাগছ সৰবৰাহ আৰু ৰাষ্ট্ৰীয় সুৰক্ষা'(Drug Trafficking and National Security) সন্দৰ্ভত ৰাষ্ট্ৰীয় সন্মিলন চলি থকাৰ সময়চোৱাতে শনিবাৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ ভাৰ্চুৱেল উপস্থিতিত সমগ্ৰ দেশৰ চাৰিটা পৃথক স্থানত NCB(Narcotics Control Bureau) ৰ দলে নিষ্কাশন কৰিব ৩০,০০০ কিলোগ্ৰামৰো অধিক ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী(NCB to dispose off over 30000 kg drugs) । শ্বাহে চণ্ডিগড়ত এক ভিডিঅ' কনফাৰেন্সযোগে উক্ত অনুষ্ঠানটোত সম্বোধন কৰিব ।
অনুষ্ঠানটোত হাৰিয়ানা, হিমাচল প্ৰদেশ আৰু পঞ্জাৱৰ মুখ্যমন্ত্ৰী, চণ্ডীগড়ৰ প্ৰশাসক, বিএছএফ, এনআইএ আৰু এনচিবিৰ বিষয়াসকলৰ লগতে সংশ্লিষ্ট ৰাজ্যসমূহৰ এএনটিএফৰ মুৰব্বী আৰু এনচিআৰডিৰ সদস্যসকলও সন্মিলনত উপস্থিত থাকিব । এনেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী,বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিভিন্ন ড্ৰাগছ এনফৰ্চমেণ্ট এজেঞ্চী সকলো একেখন মঞ্চত উপস্থিত থকা প্ৰথম ৰাষ্ট্ৰীয় সন্মিলন হিচাপে বিবেচিত হৈছে । NCB দলে ঔষধবোৰ নিষ্কাশন কৰিব লগীয়া চাৰিটা স্থানৰ ভিতৰত আছে দিল্লীত ১৯,৩২০ কিলোগ্ৰাম ড্ৰাগছ, চেন্নাইত ১,৩০৯.৪০ কিলোগ্ৰাম, গুৱাহাটীত ৬,৭৬১.৬৩ কিলোগ্ৰাম ড্ৰাগছ আৰু কলকাতাত ৩,০৭৭.৭৫ কিলোগ্ৰাম ।
মুঠতে NCB দলে ৩০,০০০ কিলোগ্ৰামৰো অধিক ড্ৰাগছ ধ্বংস কৰিব । NCBয়ে স্বাধীনতাৰ ৭৫ বছৰত ৭৫,০০০ কিলোগ্ৰাম ঔষধ ধ্বংস কৰাৰ প্ৰতিশ্ৰুতি লৈছে । NCBয়ে এই বছৰৰ ১ জুনত ঔষধ নিষ্কাশন অভিযান আৰম্ভ কৰিছিল । ২৯ জুলাইলৈকে ১১ খন বিভিন্ন ৰাজ্যত NCB দলে প্ৰায় ৫১,০০০ কিলোগ্ৰাম ড্ৰাগছ নিষ্কাশন কৰিছে । শনিবাৰে ৩০,৪৬৮.৭৮ কিলোগ্ৰাম ড্ৰাগছ নিষ্কাশনৰ সৈতে, মুঠ ৮১,৬৮৬.৬২ কিলোগ্ৰাম ড্ৰাগছ নিষ্কাশন কৰা হ'ব ।
লগতে পঢ়ক: Encounter begins in JK : জম্মু কাশ্মীৰৰ বাৰামুলাত প্ৰচণ্ড গুলীয়াগুলী, সন্ত্ৰাসবাদী নিহত