ETV Bharat / bharat

দিপীকাৰ প্ৰাক্তন মেনেজাৰ কৰিশ্মা প্ৰকাশলৈ এনচিবিৰ চমন - অন্তৱৰ্তীকালীন জামিন আবেদন

বিগত শনিবাৰেই মুম্বাইৰ এখন বিশেষ আদালতে অভিনেত্ৰী দিপীকা পাডুকোনৰ প্ৰাক্তন মেনেজাৰ কৰিশ্মা প্ৰকাশৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি অহা 10 নৱেম্বৰত গ্ৰহণ কৰিবলৈ চমন জাৰী কৰে ৷ NDPSৰ বিশেষ আদালতে আবেদনৰ শুনানিৰ ম্যাদ বৃদ্ধি কৰি এই সন্দৰ্ভত সংস্থাৰ সৈতে যেতিয়াই কোৱা হয় তেতিয়াই সহযোগিতা কৰিবলৈ কোৱা হৈছে ৷

দিপীকাৰ প্ৰাক্তন মেনেজাৰলৈ এনচিবিৰ চমন
দিপীকাৰ প্ৰাক্তন মেনেজাৰলৈ এনচিবিৰ চমন
author img

By

Published : Nov 9, 2020, 10:40 AM IST

নিউজ ডেস্ক, 9 নৱেম্বৰ : অভিনেত্ৰী দিপীকা পাডুকোনৰ প্ৰাক্তন মেনেজাৰ কৰিশ্মা প্ৰকাশৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি অহা 10 নৱেম্বৰলৈ বৃদ্ধি কৰিছে নাৰ্কটিক্ছ নিয়ন্ত্ৰণ ব্যুৰোৰ এখন বিশেষ আদালতে ৷ নিষিদ্ধ ড্ৰাগছৰ গোচৰত অভিযুক্ত হোৱা দিপীকা পাডুকোনৰ মেনেজাৰ হোৱাৰ উত্তৰসূৰীতেই এইদৰে কৰিশ্মাক ন্যায়িক কাৰ্যকলাপৰ সান্নিধ্যলৈ অনা হৈছে ৷

বিগত শনিবাৰেই মুম্বাইৰ NDPSৰ বিশেষ আদালতে কৰিশ্মা প্ৰকাশৰ জামিন আবেদনৰ শুনানি অহা 10 নৱেম্বৰত অনুষ্ঠিত কৰাৰ বিষয়ে উল্লেখ কৰে ৷

অৱশ্যে আদালতে প্ৰকাশক অন্তৱৰ্তীকালীনভাৱে ত্ৰাণ প্ৰদান কৰিছে যদিও জামিনৰ ক্ষেত্ৰত মঙলবাৰেহে শুনানি ল'ব ৷ এইখিনি সময়ত প্ৰকাশক সংস্থাৰ সৈতে সংস্থাই যেতিয়াই বিচাৰে তেতিয়াই সহযোগিতা কৰিবলৈ কোৱা হৈছে ৷

এই সন্দৰ্ভত NCBএ প্ৰকাশক সোধা-পোচা কৰিছিল আৰু গ্ৰেপ্তাৰৰ ভয়তে এইদৰে জামিন আবেদন দাখিল কৰিছিল প্ৰকাশে ৷ কিছুদিন পূৰ্বেই NCBএ কৰিশ্মা প্ৰকাশৰ বাসগৃহত অভিযান চলাই নিষিদ্ধ ড্ৰাগছৰ লগতে বহুখিনি অবৈধ সামগ্ৰী জব্দ কৰিছিল ৷

বিগত ছেপ্টেম্বৰ মাহত এনচিবিৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ উপ-মহানিৰ্দেশক মুথা অশোক জৈনে প্ৰকাশ কৰা অনুসৰি অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰত সাঙোৰ খাই পৰা অবৈধ ড্ৰাগছৰ চোৰাং বেহা সন্দৰ্ভত 18জনৰো অধিক লোকক সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক : অসম চিকিৎসা মহাবিদ্যালয়ত অগ্নিকাণ্ডঃ সদ্যোজাত শিশুৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.