ETV Bharat / bharat

ছত্তিশগড়ৰ চুকমাত অপহৃত ৭ জনক মুক্তি মাওবাদীৰ

author img

By

Published : Jul 21, 2021, 9:44 PM IST

চুকমা জিলাৰ ৭ জন লোকক মুকলি কৰি দিয়ে মাওবাদীয়ে । মাওবাদী সদস্যসকলে অপহৃত গাঁৱবাসীক মুক্তি দিবলৈ তোলাৱৰতি অঞ্চলত এক ৰাজহুৱা আদালতৰ আয়োজন কৰিছিল ৷ তাৰপিছতে মঙলবাৰে তেওঁলোকক মুক্ত কৰি দিয়া হয় ।

Naxals free 7 abducted villagers
ছট্টিশগড়ৰ চুকমাত অপহৃত ৭ জনক মুক্তি দিলে মাওবাদীয়ে

নেশ্যনেল ডেস্ক, ২১ জুলাই : ছত্তিশগড়ৰ ভিন্ন প্ৰান্তত মাওবাদীৰ কাৰ্য-কলাপ অব্যাহত আছে । কিন্তু ইয়াৰ মাজতে ৰাজ্যখনৰ চুকমা জিলাৰ ৭ জন লোকক মুকলি কৰি দিয়ে মাওবাদীয়ে । মাওবাদী সদস্যসকলে অপহৃত গাঁৱবাসীক মুক্তি দিবলৈ তোলাৱৰতি অঞ্চলত এক ৰাজহুৱা আদালতৰ আয়োজন কৰিছিল ৷ তাৰপিছতে মঙলবাৰে তেওঁলোকক মুক্ত কৰি দিয়া হয় ।

উল্লেখ্য যে, চুকমা জিলাৰ জাগৰগুণ্ডা আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত কুণ্ডেদ গাঁৱৰ পৃথক অঞ্চলৰ পৰা অজ্ঞাত কাৰণত মাওবাদীসকলে শেহতীয়াকৈ সেই সাতজন লোকক উঠাই নিছিল । আৰক্ষীৰ প্ৰাথমিক অনুসন্ধানত এই কথা পোহৰলৈ আহিছিল । চুকমাৰ আৰক্ষী অধীক্ষক সুনীল শৰ্মাই জনোৱা মতে স্থানীয় লোকে দাবী কৰিছে যে, তেওঁলোকে বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আৰু কৃষি কৰ্মৰ উদ্দেশ্যে আন ঠাইলৈ গৈছিল ।

ইফালে লোক কেইজন নিৰুদ্দেশ হোৱাৰ পিছতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল । গাঁৱবাসীয়ে মাওবাদীসকলক লোককেইজনক মুক্তি দিবলৈ আবেদন জনাইছিল । আনকি ৩৪ গৰাকী লোকে আলোচনাৰ বাবে মাওবাদীসকলক সাক্ষাৎ কৰিছিল ৷

মাওবাদীয়ে তেওঁলোকক গুপ্তচৰ হিচাপে সন্দেহ কৰি অপহৰণ কৰি লৈ গৈছিল আৰু শেষ সকীয়নি দি অৱশেষত মুক্তি দিছে ৷ আৰক্ষীৰ সূত্ৰই পূৰ্বে সন্দেহ কৰা মতে মাওবাদীসকলে হয়তো গাঁৱবাসীক এক বিশেষ সভাৰ বাবে লৈ গৈছিল । এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে মাওবাদী পীড়িত বিজাপুৰ জিলাত স্বাভাৱিক জীৱন-যাপন কৰি থকা ৰাজু ভেঞ্জাম নামৰ তেওঁলোকৰ সহকৰ্মীক মাওবাদীয়ে হত্যা কৰিছিল । কোতৱালী আৰক্ষী থানাৰ সীমাৰ অন্তৰ্গত পাডেদা গাঁৱত পথাৰত কাম কৰি থকা অৱস্থাত মাওবাদীয়ে তেওঁক অপহৰণ কৰিছিল ।

আনহাতে তেওঁৰ মৃতদেহ গাঁৱৰ ওচৰৰে এটা ৰাস্তাত পৰি থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল । তেওঁৰ শৰীৰত তীক্ষ্ণ অস্ত্ৰৰ দাগও স্পষ্ট আছিল । ইয়াৰ পূৰ্বে নাৰায়ণপুৰ অঞ্চলত নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হৈছিল, য'ত আইটিবিপিৰ ৪৫ তম বেটালিয়নত নিয়োজিত এজন সৈনিক আৰু এজন কনিষ্টবল শ্বহীদ হৈছিল । এই সংঘৰ্ষ অৰ্ছা পথৰ আমদাই শিৱ মন্দিৰৰ ওচৰৰ ৰাস্তাত সংঘটিত হৈছিল ।

লগতে পঢ়ক : আফগান ৰাষ্ট্ৰদূতৰ কন্যাৰ অপহৰণত ভাৰতক সাঙুৰিলে পাকিস্তানে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.