ETV Bharat / bharat

ছত্তীশগড়ৰ সুকমাত নক্সালবাদীয়ে জ্বলালে যাত্ৰীবাহী বাছসহ কেবাখনো বাহন

Naxal violence in Bastar: ছত্তীশগড়ৰ বস্তাৰত অব্যাহত আছে নক্সালবাদীৰ হিংসা । বুধবাৰে সন্ধিয়া নক্সালবাদীয়ে সুকমাত কেবাখনো বাহনত অগ্নিসংযোগ কৰে । আনহাতে বিজাপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰা হৈছে । ভাৰত বন্ধৰ দুদিন পূৰ্বে নক্সালবাদীয়ে এনে ঘটনা সংঘটিত কৰি অঞ্চলটোত সন্ত্ৰাস বিয়পাবলৈ চেষ্টা কৰিছে ।

Naxal violence in Bastar
Naxal violence
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 10:53 PM IST

নিউজ ডেস্ক, ২০ ডিচেম্বৰ: ছত্তীশগড়ত নতুন চৰকাৰ গঠন হোৱাৰ পাছত নক্সালবাদীয়ে অহৰহ অপৰাধ সংঘটিত কৰি আহিছে । বস্তাৰত সৰ্বাধিক সন্ত্ৰাসৰ সৃষ্টি কৰিছে মাওবাদীয়ে। বুধবাৰে বস্তাৰৰ সুকমাত নক্সালবাদীয়ে বহু বাহনত অগ্নিসংযোগ কৰে । যাৰ বাবে অঞ্চলটোত আতংকৰ পৰিৱেশ বিৰাজ কৰিছে ।

নক্সালবাদীয়ে সন্ধিয়া ৭.৩০ বজাত সুকমাৰ সমীপৰ ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথত বাহনত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰে । ইয়াত মাওবাদীয়ে দুখন ট্ৰেইলাৰ বাহনত অগ্নিসংযোগ কৰে । ইয়াৰ পিছতে জাগৰগুণ্ডা থানাৰ অন্তৰ্গত কমাৰগুদাত নক্সালবাদীয়ে এখন পিকআপ গাড়ীত অগ্নিসংযোগ কৰে । এখন যাত্ৰীবাহী বাছ, দুখন ট্ৰেইলাৰ আৰু এখন পিকআপ গাড়ীত অগ্নিসংযোগ কৰিছে নক্সালবাদীয়ে । ইয়াৰ উপৰিও মাওবাদীয়ে বিজাপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ চেষ্টা কৰিছে । কোৱা হৈছে যে এই অগ্নিকাণ্ডত কোনো লোকৰ প্ৰাণ হানি হোৱা নাই । বাছখনত থকা আটাইকেইজন যাত্ৰী নিৰাপদ বুলি কোৱা হৈছে ।

নক্সালবাদীৰ এই হিংসাৰ বাবেই সুকমাৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে যান-জঁটৰ সৃষ্টি হয় । গাড়ীৰ দীঘলীয়া শাৰী দেখা যায় । অগ্নিসংযোগৰ পিছতে নিৰাপত্তা বাহিনীক সেই স্থানলৈ প্ৰেৰণ কৰা হয় । জোৱানসকলে সেই স্থানত উপস্থিত হৈ পথটো মোকলাবলৈ চেষ্টা কৰে । জুই নিৰ্বাপনৰ বাবেও প্ৰচেষ্টা হাতত লোৱা হয় । চাৰিওফালৰ অঞ্চলত অনুসন্ধান অভিযান চলোৱা হৈছে । জানিব পৰা মতে দুবছৰ পূৰ্বেও নক্সালবাদীয়ে এই অঞ্চলত সাতখন বাহনত জুই লগাইছিল ।

ইয়াৰ পূৰ্বে বুধবাৰে দিনৰ প্ৰায় ১২ বজাত চুকমাৰ কোট্টাপল্লী আৰু নগৰমৰ অৰণ্যত নিৰাপত্তা বাহিনী আৰু নক্সালবাদীৰ মাজত সংঘৰ্ষ হয় । ইয়াৰ মাজতে নিৰাপত্তা বাহিনীয়ে দাবী কৰিছে যে পাঁচজন নক্সালবাদীক গুলীয়াই হত্যা কৰা হৈছে । ইয়াৰ পিছত সন্ধিয়া নক্সালবাদীয়ে ঘাইপথত বাহনত অগ্নিসংযোগ কৰে ।

২২ ডিচেম্বৰত ভাৰত বন্ধৰ আহ্বান কৰিছে নক্সালবাদীয়ে । এই বন্ধ সফল কৰিবলৈ নক্সালবাদীয়ে বস্তাৰত বেনাৰ আৰু পোষ্টাৰ লগোৱাৰ কাম অহৰহ কৰি আছে । ইয়াৰ মাজতে নক্সালবাদীয়ে সুকমাত যান-বাহনত অগ্নিসংযোগৰ ঘটনা সংঘটিত কৰিছে ।

লগতে পঢ়ক: ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে নক্সালবাদীৰ সংঘৰ্ষ; কেইবাটাও নক্সালবাদীক গুলীয়াই হত্যাৰ দাবী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.