ETV Bharat / bharat

কেন্দ্ৰ চৰকাৰে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদাপন্ন কৰিছে : ৰাহুল গান্ধী

author img

By

Published : Apr 19, 2021, 1:57 PM IST

Updated : Apr 19, 2021, 2:05 PM IST

কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । কেন্দ্ৰ চৰকাৰে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদাপন্ন কৰাৰ অভিযোগ উত্থাপন ৰাহুল গান্ধীৰ । লগতে চীনৰ সৈতে হোৱা আলোচনাক অসাৰ বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে ।

কেন্দ্ৰ চৰকাৰক ক্ষুৰদাৰ সমালোচনা ৰাহুল গান্ধীৰ

নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: কেন্দ্ৰ চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ । কেন্দ্ৰ চৰকাৰে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিপদাপন্ন কৰাৰ অভিযোগ উত্থাপন ৰাহুল গান্ধীৰ । লগতে চীনৰ সৈতে হোৱা আলোচনাক অসাৰ বুলিও কয় কংগ্ৰেছ নেতাগৰাকীয়ে । ভাৰতৰ ষড়যন্ত্ৰমূলক স্বাৰ্থৰ বাবে গোগ্ৰা-হট স্প্ৰিংছ আৰু ডেপচাং ভূমিত চীনে দখল কৰা ডিবিঅ' এয়াৰষ্ট্ৰিপৰ পোনপটীয়া ভাবুকি লগতে কেন্দ্ৰ চৰকাৰৰ ভিত্তিহীন আলোচনাই ৰাষ্ট্ৰীয় সুৰক্ষাক ব্যাপকভাৱে বিপদাপন্ন কৰি তুলিছে বুলি সোমবাৰে টুইটাৰযোগে এইদৰে কয় কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।

চীনে হট স্প্ৰিংছ, গোগ্ৰা আৰু ডেপচাঙৰ পৰা পূৱ লাডাখলৈ তেওঁলোকৰ সৈন্য ঘূৰাই নিবলৈ অস্বীকাৰ কৰাৰ পাচতে এইদৰে মন্তব্য কৰে ৰাহুল গান্ধীয়ে । এই সন্দৰ্ভত কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ অজয় মাকেনেও চৰকাৰক বিষয়টো স্পষ্টভাৱে প্ৰকাশ কৰিবলৈ কয় ।

ইফালে, ভাৰতীয় সেনাই এক বিবৃতিযোগে কয় যে ভাৰত আৰু চীনে পূৱ লাডাখৰ হট স্প্ৰিংছ, গোগ্ৰা আৰু ডেপচাঙৰ বাকী থকা অংশত সৈন্য ভংগ কৰাৰ বিষয়ে এক বিতং আলোচনা কৰে আৰু যুটীয়াভাৱে উক্ত ভূমিত স্থিৰতা বজাই ৰাখিবলৈ, নতুন ঘটনা পৰিহাৰ কৰিবলৈ আৰু অন্য সমস্যাবোৰ সাৱধানতাৰে সমাধান কৰিবলৈ সন্মতি প্ৰকাশ কৰে ।

লগতে পঢ়ক: কৰ'ণাৰ কালৰূপৰ বাবে দিল্লীৰ কেইবাখনো বজাৰ বন্ধ

Last Updated : Apr 19, 2021, 2:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.