ETV Bharat / bharat

Nagaland firing : কেন্দ্ৰ, নাগালেণ্ড চৰকাৰীলৈ জাননী প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

author img

By

Published : Dec 7, 2021, 11:51 AM IST

নাগালেণ্ডৰ মন জিলাত সেনাৰ গুলীত সাধাৰণ নগা যুৱকৰ মৃত্যুৰ ঘটনা (Nagaland Firing Incident)ৰ 6 দিনৰ ভিতৰত বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, কেন্দ্ৰীয় গৃহ সচিব, মুখ্য সচিব, নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ (NHRC notices Centre, Nagaland Govt) ৷

Nagaland firing: NHRC notices Centre, Nagaland Govt
Nagaland firing: কেন্দ্ৰ, নাগালেণ্ড চৰকাৰীলৈ জাননী প্ৰেৰণ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

নিউজ ডেস্ক, 7 ডিচেম্বৰ : যোৱা 4 ডিচেম্বৰত নাগালেণ্ডৰ মন জিলাত সেনাৰ গুলীত সাধাৰণ নগা যুৱকৰ মৃত্যুৰ ঘটনা (Nagaland Firing Incident) সন্দৰ্ভত সংবাদ মাধ্যমৰ প্ৰতিবেদত স্ব-প্ৰণোদিতভাৱে বিবেচনা কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ৷ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ দ্বাৰা প্ৰকাশিত এক বিবৃতিত কোৱা হৈছে যে, আয়োগে ইতিমধ্যে ঘটনা সন্দৰ্ভত 6 দিনৰ ভিতৰত বিস্তৃত প্ৰতিবেদন দাখিল কৰিবলৈ কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী, কেন্দ্ৰীয় গৃহ সচিব, মুখ্য সচিব, নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধানলৈ জাননী প্ৰেৰণ কৰিছে (NHRC notices Centre, Nagaland Govt) ৷

উল্লেখ্য যে, যোৱা 4 ডিচেম্বৰত উগ্ৰপন্থীৰ সন্দেহত সেনাৰ পেৰা কমাণ্ডোৰ এটা দলে এখন বাহনলৈ লক্ষ্য কৰি গুলীচলনা কৰিছিল ৷ এই ঘটনাত 6 জনকৈ শ্ৰমিকে প্ৰাণ হেৰুৱায় ৷ এই ঘটনাৰ পিছতে উত্তপ্ত ৰাইজে সেনাৰ কেম্পৰ লগতে বাহনত অগ্নিসংযোগ কৰে ৷ যাৰ ফলশ্ৰুতিত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় ৷ অৱশেষত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনাই কৰা গুলীচালনাত 7 জনকৈ লোকৰ লগতে এজন সেনা জোৱান নিহত হয় ৷

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগলৈ প্ৰেৰণ কৰিবলগীয়া প্ৰতিবেদনখনত বিশেষ অনুসন্ধান দলৰ (Special Investigation Team) দ্বাৰা চলোৱা তদন্তৰ স্থিতি, ভুক্তভোগীসকলৰ আত্মীয়লৈ প্ৰদান কৰা সাহায্য, আহতসকলক প্ৰদান কৰা চিকিৎসাৰ স্থিতি আৰু ঘটনাটোৰ বাবে দায়ী ব্যক্তি আৰু বিষয়াসকলৰ বিৰুদ্ধে পঞ্জীয়ন কৰা গোচৰ অন্তৰ্ভুক্ত থাকিব বুলি আশা কৰা হৈছে । এই জাননীখন জাৰি কৰি আয়োগে এই কথা লক্ষ্য কৰিছে যে, উগ্ৰপন্থী সদস্য জড়িত থাকিলেও মানৱীয় দৃষ্টিভংগীৰে সঠিক সাৱধানতা নিশ্চিত কৰাটো সেনাৰ দায়িত্ব ৷

আনহাতে, সংবাদ মাধ্যমৰ ৰিপ’ৰ্টৰ উদ্ধৃতি দি আয়োগে লক্ষ্য কৰিছে যে নাগালেণ্ড চৰকাৰে বিষয়টোৰ তদন্তৰ বাবে এক বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছে ৷ ইয়াৰ উপৰিও সেনাই উগ্ৰপন্থী সংগঠনৰ সদস্য বুলি ভুলৱশতঃ চলোৱা নিৰ্বিচাৰ গুলীচালনাৰ ফলত ঘটা কৰুণ পৰিণামৰ অনুসন্ধান চলোৱাৰ বাবে ইতিমধ্যে তদন্ত আদালত গঠন কৰিছে ৷

6 ডিচেম্বৰত এই বিষটোক লৈ উত্তপ্ত হৈ পৰিছিল লোকসভাৰ মজিয়াও ৷ এই সন্দৰ্ভত শোক প্ৰকাশ কৰাৰ লগতে মন্তব্য প্ৰকাশ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এই ঘটনাক ‘ভুল পৰিচয়ৰ ঘটনা' অৰ্থাৎ case of mistaken identity আখ্যা দিয়ে ৷

লগতে পঢ়ক : NSCN Peace Talks: ম'ন জিলাৰ ঘটনাই প্ৰভাৱ পেলাব নগা শান্তি আলোচনাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.