ETV Bharat / bharat

Demand to Repeal AFSPA: দিল্লীলৈ ৰাওনা হিমন্ত বিশ্ব শৰ্মা - Himanta Biswa Sarma

nagaland-cabinet-meets-urgently-to-discuss-afspa-repeal
AFSPA বাতিলৰ দাবীত নাগালেণ্ড কেবিনেটৰ জৰুৰী বৈঠক
author img

By

Published : Dec 7, 2021, 1:10 PM IST

Updated : Dec 7, 2021, 3:15 PM IST

12:51 December 07

AFSPA বাতিলৰ দাবীত নাগালেণ্ড কেবিনেটৰ জৰুৰী বৈঠক ৷ মঙলবাৰে পুৱাই অনুষ্ঠিত হয় এই বৈঠক ৷

নিউজ ডেস্ক, 7 ডিচেম্বৰ: এক জৰুৰী কেবিনেট বৈঠকত নাগালেণ্ড চৰকাৰে AFSPA বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ নাগালেণ্ড চৰকাৰে ক’হিমাত চলি থকা হৰ্ণবিল উৎসৱো বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

অসমৰ মুখ্যমন্ত্ৰী তথা নেদা (NEDA)ৰ আহ্বায়ক ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই দিল্লীলৈ উৰা মাৰিছে আৰু বিয়লি ৪ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব ৷ এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ আইন-শৃংখলা জনিত পৰিস্থিতি আৰু বিশেষকৈ ম'ন জিলাৰ ঘটনাৰ পাছত সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত সৃষ্টি হোৱা AFSPA বাতিলৰ শেহতীয়া যি দাবী, তাৰ ওপৰত আলোচনা হোৱাৰ সম্ভাৱনা আছে ৷

এই সিদ্ধান্ত সমূহ বিগত শনিবাৰে ৰাজ্যখনৰ ম’ন জিলাত সংঘটিত হোৱা নৰসংহাৰৰ প্ৰতিবাদত গ্ৰহণ কৰা হয় ৷

শনিবাৰে নিশা নাগালেণ্ডৰ ম'ন জিলাৰ তিৰু গাঁৱত নিৰাপত্তাৰক্ষীয়ে উগ্ৰপন্থী সংগঠন এনএছচিএনৰ সদস্য বুলি কেইজনমান নগা যুৱকক অতৰ্কিতে আক্ৰমণ কৰাৰ পাছতেই নাগালেণ্ডৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল । নিৰাপত্তাৰক্ষীৰ দ্বাৰা সংঘটিত হোৱা এই গুলীচালনাত ১৪ জনকৈ নগা যুৱকে প্ৰাণ হেৰুৱাইছিল ৷ এই ঘটনাত ১ জন নিৰাপত্তাৰক্ষী মৃত্যু হোৱাৰ লগতে 13 জন নিৰাপত্তাবাহিনীৰ লোক আহত হয় ।

লগতে পঢ়ক : AASU Demand to Repeal AFSPA : AFSPA প্ৰত্যাহাৰৰ দাবী আছুৰ

Last Updated : Dec 7, 2021, 3:15 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.