ETV Bharat / bharat

Teenagers Died Due To Drowning : কৈল নদীত গা ধুবলৈ গৈ চাৰি কিশোৰৰ অকাল মৃত্যু

কৈল নদীত গা ধুবলৈ গৈ চাৰি কিশোৰৰ সলিল সমাধি (Teenagers drowning in Uttarakhand) ৷ শুকুৰবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল চাৰি কিশোৰ । অৱশেষত শনিবাৰে পুৱা কালশিৰি গাঁৱৰ কৈল নদীত কিশোৰকেইজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে (Teenagers died due to drowning) ।

mysterious-death-of-four-teenagers-due-to-drowning-in-river-in-tharali-uttarakhand

author img

By

Published : Nov 19, 2022, 8:33 PM IST

নেশ্যনেল ডেস্ক, 19 নৱেম্বৰ : উত্তৰাখণ্ডত অঘটন ৷ ৰাজ্যখনৰ দেৱাল ব্লক এলেকাৰ কালশিৰি গাঁৱৰ অন্তৰ্গত কৈল নদীত গা ধুবলৈ গৈ চাৰি কিশোৰৰ সলিল সমাধি (Teenagers drowning in river in Uttarakhand) ৷ পানীত পৰি মৃত্যু হৈছিল যদিও চাৰি কিশোৰৰ মৃত্য়ু বৰ্তমান ৰহস্যৰ আৱৰ্তত ৷ কিয়নো নদীৰ পানী পৰিষ্কাৰ আছিল আৰু গভীৰতাও নাছিল ।

উল্লেখ্য যে, শুকুৰবাৰে বিয়লিৰ পৰা সন্ধানহীন হৈ আছিল চাৰি কিশোৰ । শুকুৰবাৰে বিয়লিৰ পৰা চাৰিওজন কিশোৰে ঘৰৰ পৰা একেলগে ওলাই গৈছিল । সন্ধিয়ালৈকে ঘৰ উভতি নহাত চিন্তিত হৈ পৰিছিল পৰিয়ালবৰ্গ ৷

তাৰ পিছত বহু বিচাৰ-খোঁচাৰ কৰিও পৰিয়ালবৰ্গই কোনো সন্ধান পোৱা নাছিল কিশোৰ চাৰিজনৰ । অৱশেষত শনিবাৰে পুৱা হাট কল্যাণী সাবাদ মটৰৱেৰ কালশিৰি গাঁৱৰ কৈল নদীত কিশোৰকেইজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে স্থানীয় লোকে (Teenagers died due to drowning)। তাৰ পিছতেই স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷

খবৰৰ ভিত্তি পৰিয়ালৰ লোকৰ সৈতে আৰক্ষীয়েও সেই স্থানত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত চাৰি কিশোৰৰ মৃতদেহ নদীৰ পৰা উদ্ধাৰ কৰে । মৃত কিশোৰ কেইজন ৰঘুবীৰ সিং বয়স (১৬), অংশুলৰ পুত্ৰ হৰেন্দ্ৰ সিং (১৭), ধৰ্মেন্দ্ৰৰ পুত্ৰ ভাৰত সিং (১৫) আৰু ৰাকেশ মিশ্ৰ (১৬) ।

ইফালে থাৰালীৰ মহকুমাধিপতি ৰবীন্দ্ৰ জুনৱাথাইয়ে কয় যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে এই ৰহস্যজনক মৃত্যুৰ তথ্য পোহৰলৈ আহিব ৷

লগতে পঢ়ক: পানীখাইতিত পানীত পৰি মৃত্যু এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.