ETV Bharat / bharat

Myanmar refugees in Mizoram: শৰণাৰ্থীলৈ প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি মিজো নেচনেল ফ্ৰণ্টৰ

author img

By ANI

Published : Nov 4, 2023, 10:41 AM IST

মিজোৰামে ম্যানমাৰৰ সৈতে 510 কিলোমিটাৰ দৈৰ্ঘৰ অমীমাংসিত সীমান্ত ভাগ কৰাৰ লগে লগে 33 হাজাৰতকৈ অধিক লোকে মিজোৰামত আশ্ৰয় বিচাৰিছে । 7 নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মিজোৰামৰ আগন্তুক বিধানসভা নিৰ্বাচনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব শৰণাৰ্থীসকলে ৷

Myanmar refugees in Mizoram
শৰণাৰ্থীলৈ প্ৰাক নিৰ্বাচনী প্ৰতিশ্ৰুতি মিজো নেচনেল ফ্ৰণ্টৰ

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ: শৰণাৰ্থীৰে ভৰিছে মিজোৰাম ৷ লগতে ৰাজ্যখনৰ সমাগত বিধানসভাৰ নিৰ্বাচনত ই অন্যতম এক ৰাজনৈতিক ইচ্ছ্যু হৈ পৰা পৰিলক্ষিত হৈছে ৷ মিজোৰামে ম্যানমাৰৰ সৈতে 510 কিলোমিটাৰ দৈৰ্ঘৰ অমীমাংসিত সীমান্ত ভাগ কৰাৰ লগে লগে 33 হাজাৰতকৈ অধিক লোকে মিজোৰামত আশ্ৰয় বিচাৰিছে । এই শৰণাৰ্থীসকলে ম্যানমাৰত সামৰিক অভ্যুত্থানৰ পিছত হিংসাত্মক পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ সীমান্ত অতিক্ৰম কৰিছিল । বৰ্তমান শৰণাৰ্থীসকলে বাঁহৰ বেৰযুক্ত টিনৰ চালযুক্ত অস্থায়ী ঘৰত দিন কটাবলগীয়াত পৰিছে ৷ ইয়াৰোপৰি পানী আৰু বিদ্যুতৰ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে বুলি জানিব পৰা গৈছে ।

নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহে প্পৰস্তুত কৰিছে দলীয় ইস্তাহাৰ ৷ ইস্তাহাৰত শৰণাৰ্থীসকলৰ প্ৰতি প্ৰতিশ্ৰুতি আগবঢ়াইছে ৰাজ্যৰ দলবোৰে ৷ শাসকীয় মিজো নেচনেল ফ্ৰণ্টে ইস্তাহাৰত জোফা বা জো সম্প্ৰদায়ৰ লোকক যদিহে দলটোৱে নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ সক্ষম হয় তেন্তে তেওঁলোকৰ প্ৰশাসনৰ অধীনত শৰণাৰ্থীসকলক সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে ইস্তাহাৰ যোগে । ম্যানমাৰৰ পৰা মিজোৰামত আশ্ৰয় বিচাৰি পলায়ন কৰা শৰণাৰ্থীসকলে নিৰ্বাচনমুখী ৰাজ্যখনৰ নতুন চৰকাৰে তেওঁলোকৰ সমস্যাৰ কথা শুনিব লগতে তেওঁলোকৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি আশা প্ৰকাশ কৰিছে ।

7 নৱেম্বৰত অনুষ্ঠিত হ’ব মিজোৰামৰ আগন্তুক বিধানসভা নিৰ্বাচন ৷ সমাগত মিজোৰামৰ বিধানসভাৰ নিৰ্বাচনত শৰণাৰ্থী বিষয়টো অন্যতম মূল বিষয় হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্যখনৰ ৰাজনৈতিক প্ৰেক্ষাপটত । শাসকীয় মিজো নেচনেল ফ্ৰণ্টে নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি দিছে যে যদিহে দলটোৱে মিজোৰামত একেৰাহে দ্বিতীয়বাৰৰ বাবে পৰৱৰ্তী চৰকাৰ গঠন কৰে তেন্তে জোফা বা জো সম্প্ৰদায়ৰ লোকসকলক এটা প্ৰশাসনৰ অধীনত একত্ৰিত কৰিব বুলি ।

লগতে পঢ়ক: Hamas israel war : যুদ্ধ বন্ধ কৰিবলৈ আগ্ৰহী নহয় ইজৰাইল, বন্ধু ৰাষ্ট্ৰ আমেৰিকাৰ আহ্বান নাকচ ইজৰাইলী প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.