ETV Bharat / bharat

হিন্দী নহয়; আমাক মিজো ভাষা জনা বিষয়া দিয়ক : অমিত শ্বাহলৈ জোৰামথাংগাৰ পত্ৰ - ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁট

মুখ্যমন্ত্ৰী জোৰামথাংগা নেতৃত্বাধীন ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নতুন ৰাজ্যিক মুখ্য সচিব ৰেণু শৰ্মাৰ নিযুক্তিৰ ক্ষেত্ৰত কৰিছে বিৰোধিতা ৷ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই এখন পত্ৰ প্ৰেৰণ কৰে ৷

my-minister-dont-understand-hindi-mizoram-cm-pens-to-hm-seeks-mizo-speaking-official-for-top-post
গৃহমন্ত্ৰী অমিত শ্বাহলৈ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাঙ্গাৰ পত্ৰ
author img

By

Published : Nov 9, 2021, 5:18 PM IST

আইজল , 9 নৱেম্বৰ : বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মিজোৰামৰ এম এন এফ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ মাজত সৃষ্টি হৈছে সংঘাত ৷ মিজোৰাম ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত আৰম্ভ হৈছে এক শীতল যুদ্ধ ৷ ৰাজ্য খনত সদ্য নিযুক্ত মুখ্য সচিব ৰেণু শৰ্মাৰ নিযুক্তিক লৈ আৰম্ভ হৈছে এই বিৰোধিতা ৷

ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই এখন পত্ৰ প্ৰেৰণ কৰে ৷ উক্ত পত্ৰখনত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে মিজো লোক আৰু তেওঁৰ কেবিনেট মন্ত্ৰীসকলে হিন্দী বুজি নাপায় আৰু তেওঁলোকৰ মাজৰ কিছুমানে ইংৰাজীও নাজানে ৷ সেয়েহে মুখ্যমন্ত্ৰী জোৰামথাংগাই তেওঁৰ পত্ৰৰ জৰিয়তে মিজো ভাষাৰ সম্যক জ্ঞান নথকা ৰেণু শৰ্মাক মুখ্য সচিবৰ পদ নিদিবলৈ আহ্বান জনায় ৷

লগতে তেওঁ কেন্দ্ৰৰ আদেশ সলনি কৰিবলৈ আৰু মিজো ভাষাৰ সম্যক জ্ঞান নথকা ৰেণু শৰ্মাক মুখ্য সচিবৰ পদ নিদিবলৈ আহ্বান জনায় । ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে শ্বাহক সোঁৱৰাই দিয়ে যে আৰম্ভণিৰে পৰা জোৰামথাংগাই এন ডি এৰ অংশীদাৰ হৈ আহিছে ৷

ইতিমধ্যে বহুতো ৰাজ্যই নিজকে এই মিত্ৰজোঁটৰ গোটৰ অংশীদাৰ পৰা আঁতৰি গৈছে ৷ কিন্তু মিজোৰাম উত্তৰ-পূবৰ ৰাজ্যসমূহৰ একমাত্ৰ ৰাজ্য যি আৰম্ভণিৰে পৰা এন ডি এৰ বিশ্বস্ত অংশীদাৰ হৈ আহিছে । সেয়েহে, মুখ্যমন্ত্ৰী জোৰামথাংগাই এন ডি এৰ সৈতে বিশ্বস্ত বন্ধু হোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে যাতে ৰেণু শৰ্মাক নিযুক্তি নিদিয়ে তাৰ বাবে আহ্বান জনায় ৷

তাৰ পৰিৱৰ্তে মিজোৰামৰ বৰ্তমানৰ অতিৰিক্ত মুখ্য সচিব জে চি ৰামথাংগাক মুখ্য সচিবৰ পদটো দিবলৈ আহ্বান জনায় ৷ কিয়নো জে চি ৰামথাংগাই মিজোৰামৰ স্থানীয় ভাষা জানে ৷ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে শীৰ্ষ চাকৰিৰ বাবে মিজো ভাষা জনা এজন বিষয়াৰহে প্ৰয়োজন ৷ কাৰণ মিজো ভাষাৰ সম্যক জ্ঞান থাকিলেহে কোনো শীৰ্ষ বিষয়াই স্থানীয় সমস্যাসমূহ বুজি পাব বুলি মুখ্যমন্ত্ৰী জোৰামথাংগাই কয় ৷

এগৰাকী মুখ্যসচিবে মিজো ভাষাৰ সম্যক জ্ঞান অবিহনে কাম কৰাত পাৰদৰ্শি আৰু কাৰ্যক্ষম নহ’ব বুলি উল্লেখ কৰি জোৰামথাংগাই কয় যে, কেন্দ্ৰই এনে লোকক নিযুক্তি দিয়াতো উচিত নহয় যি মিজো ভাষা বুজি নাপায় ৷ উল্লেখ্য যে, মিজোৰামক সুকীয়া ৰাজ্যৰ মৰ্যদা প্ৰদানৰ পৰা বৰ্তমানলৈকে মিজো ভাষা নজনা লোকক মুখ্য সচিব হিচাপে কেন্দ্ৰই নিযুক্তি দিয়া নাই ৰাজ্যখনত ৷

লগতে পঢ়ক : ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন : বিজেপি-চিপিআই(এম)ৰ মাজত তীব্ৰ সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.