ETV Bharat / bharat

ঈদ উপলক্ষে কাশ্মীৰত বিক্ৰী প্ৰায় ১০০ কোটি টকাৰ ছাগলীৰ মাংস - ঈদৰ প্ৰাকমুহূৰ্তত কাশ্মীৰত ১০০ কোটি টকাৰ মটন বিক্ৰী

মঙলবাৰে সমগ্ৰ দেশজুৰি পালন কৰা হয় ঈদ-উল-ফিতৰ ৷ মাহজোৰা ৰোজা ৰখাৰ পাছত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদ-উল-ফিতৰ পালন কৰে ৷ এইবাৰ ঈদ উপলক্ষে কাশ্মীৰত প্ৰায় ১০০ কোটি টকাৰ ছাগলীৰ মাংস বিক্ৰী হয় ৷ অল কাশ্মীৰ হোলচেল মটন ডিলাৰ এছ'চিয়েশ্যনৰ(All Kashmir Wholesale Mutton Dealers Association) সভাপতি মঞ্জুৰ আহমেদ কানুনে জানিবলৈ দিয়ে এই তথ্য ৷

ঈদৰ প্ৰাকমুহূৰ্তত কাশ্মীৰত ১০০ কোটি টকাৰ মটন বিক্ৰী

author img

By

Published : May 4, 2022, 10:10 PM IST

নিউজ ডেস্ক, 4 এপ্ৰিল : ঈদ-উল-ফিতৰৰ প্ৰাকমূহুৰ্তত অৰ্থাৎ ৰমজান মাহৰ সমাপ্তিৰ নিশা কাশ্মীৰত প্ৰায় 100 কোটি টকাৰ ছাগলীৰ মাংস বিক্ৰী হয়(Kashmir Consumes Mutton Worth Rs 100 Crore) ৷ ছাগলীৰ মাংস ব্যৱসায়ীসকলে সদৰি কৰা অনুসৰি বিগত বৰ্ষৰ তুলনাত এইবাৰ ছাগলীৰ ওপৰত কৰা ব্যয় তুলনামূলকভাৱে মিতব্যয়ী আছিল ।

অল কাশ্মীৰ হোলচেল মটন ডিলাৰ এছ'চিয়েশ্যনৰ(All Kashmir Wholesale Mutton Dealers Association) সভাপতি মঞ্জুৰ আহমেদ কানুনে সদৰি কৰা অনুসৰি, বিগত বৰ্ষৰ তুলনাত এই বছৰ ছাগলী মাংসৰ চাহিদা যথেষ্ট কম আছিল । কিন্তু তথাপিও চলিত বৰ্ষত ঈদ-উল-ফিতৰৰ সময়ত প্ৰায় ১০০ কোটি টকাৰ মাংস বিক্ৰী কৰা হৈছিল ৷

মটন ডিলাৰৰ তথ্য অনুসৰি, ঈদ-উল-ফিতৰৰ(Eid-ul-Fitr 2022) এসপ্তাহ আগতে, দিল্লী, ৰাজস্থান আৰু দেশৰ অন্যান্য বজাৰৰ পৰা প্ৰায় 97,000 বিভিন্ন ভেড়া আৰু ছাগলী আমদানি কৰা হৈছিল । কাশ্মীৰৰ বজাৰৰ বেছিভাগ ছাগলী দিল্লী আৰু ৰাজস্থানৰ বজাৰৰ পৰা আহে । কাশ্মীৰৰ লোকসকলে ভেড়াৰ মাংস ভাল পায় ।

মটন ডিলাৰ এছ'চিয়েছনৰ সভাপতি মঞ্জুৰ আহমেদ কানুনে উল্লেখ কৰা অনুসৰি, ঈদৰ পূৰ্বে কাশ্মীৰত প্ৰায় ৬৫০ ট্ৰাক ভেড়া উপস্থিত হৈছিল । এই সংখ্যাটোৱে কেৱল আমদানি কৰা মটনৰ ব্যৱহাৰক বুজায় । চাহিদাৰ এটা সৰু অংশ স্থানীয় উৎপাদনৰ দ্বাৰাও পূৰণ কৰা হয় । যোৱা দুটা দশকত, স্থানীয় উৎপাদনো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে ।

ছাগলীৰ মাংসৰ লগতে, কাশ্মীৰত বেকাৰী আৰু কনফেক্সনাৰী সামগ্ৰীৰ ব্যৱহাৰো বৃদ্ধি পাইছিল । এক তথ্য অনুসৰি, নগৰাঞ্চল আৰু উপনগৰীয় কাশ্মীৰত প্ৰায় ২০ কোটি টকাৰ বেকাৰী আৰু কনফেক্সনাৰী বিক্ৰী কৰা হৈছিল ।

লগতে পঢ়ক : খাৰগোনত 11 ঘণ্টাৰ বাবে শিথিল সান্ধ্য আইন

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.