ETV Bharat / bharat

International Museum Day : বিশ্ব সাংস্কৃতিক বিনিময়ৰ মাধ্যম হৈছে সংগ্ৰহালয়; প্ৰধানমন্ত্ৰী মোদী

author img

By

Published : May 18, 2023, 4:10 PM IST

সংগ্ৰহালয়সমূহ কেৱল যুৱ প্ৰজন্মৰ বাবে ভ্ৰমণ কৰা স্থানেই নহয়, ই কেৰিয়াৰ গঢ়াৰো সুযোগ । সংগ্ৰহালয়সমূহে বিশ্বজুৰি সাংস্কৃতিক আদান-প্ৰদানৰ মাধ্যম হিচাপে কাম কৰিব পাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেদৰে কয় । তেওঁ লগতে কয় যে চৰকাৰে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু সাংস্কৃতিক আন্তঃগাঁথনি নিৰ্মাণৰ বাবে নিৰন্তৰভাৱে কাম কৰি আছে । স্থানীয় আৰু গ্ৰাম্য সংগ্ৰহালয় নিৰ্মাণৰ ওপৰতো গুৰুত্ব দিয়া হৈছে (PM Modi inaugurate Museum Expo 2023) ।

International Museum Day
International Museum Day

নিউজ ডেস্ক, ১৮ মে' : নতুন দিল্লীৰ প্ৰগতি ময়দানত আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় এক্সপো, ২০২৩-ৰ (International Museum Expo 2023) উদ্বোধনী অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয়, "আজিৰ অনুষ্ঠানটোৱে ভাৰতৰ সংগ্ৰহালয়ৰ বিশ্বত এক বৃহৎ সন্ধিক্ষণ আনিব (Modi inaugurate Museum Expo 2023) । সংগ্ৰহালয়বোৰ এতিয়া কেৱল আমাৰ যুৱসকলৰ বাবে ভ্ৰমণ কৰা স্থান হৈ থকা নাই । সেইবোৰ কেৰিয়াৰৰ সুযোগ । সংগ্ৰহালয়বোৰে বিশ্বজুৰি সাংস্কৃতিক বিনিময়ৰ মাধ্যম হিচাপে কাম কৰিব পাৰে ।"

তেওঁ লগতে কয়, "দাসত্বৰ সময়ছোৱাত আমাৰ বহুতো পাণ্ডুলিপি আৰু পুথিভঁৰাল জ্বলাই দিয়া হৈছিল । ই কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্ব আৰু সমগ্ৰ মানৱ জাতিৰ বাবেই ক্ষতি আছিল ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অমৃত মহোৎসৱত ভাৰতৰ ঐতিহ্য সংৰক্ষণৰ প্ৰচেষ্টাৰ লগতে এক নতুন সাংস্কৃতিক আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে (Museum Expo 2023 at Pragati Maidan) ।

"অমৃত মহোৎসৱত ভাৰতৰ ঐতিহ্য সংৰক্ষণৰ লগতে আমি এক নতুন সাংস্কৃতিক আন্তঃগাঁথনিও গঢ়ি তুলিছোঁ । দেশৰ এই প্ৰচেষ্টাসমূহত স্বাধীনতা সংগ্ৰামৰ ইতিহাসো আছে আৰু হাজাৰ হাজাৰ বছৰৰ ঐতিহ্যও আছে ।" প্ৰধানমন্ত্ৰীয়ে কয় । মোদীয়ে লগতে কয় যে স্বাধীনতাৰ পিছত দেশৰ ঐতিহ্য সংৰক্ষণৰ বাবে সঠিক প্ৰচেষ্টা হাতত লোৱা হোৱা নাছিল আৰু ইয়াৰ ফলত জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ হৈছিল ।

"দুৰ্ভাগ্যবশত স্বাধীনতাৰ পিছত আমাৰ ঐতিহ্য সংৰক্ষণৰ বাবে যি প্ৰচেষ্টা কৰা উচিত আছিল, সেইবোৰ কৰিব পৰা নগ'ল । ঐতিহ্য সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতাৰ অভাৱ আৰু অধিক বৃদ্ধি পাইছে... মূল কথাটো হৈছে আমাৰ ঐতিহ্যৰ ওপৰত গৌৰৱ ।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় । আনহাতে, সমবেত লোকসকলক উদ্দেশ্যি তেওঁ কয় যে ভাৰতৰ সকলো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ যাত্ৰা আৰু অৱদানৰ প্ৰতি সমৰ্পিত এটা সংগ্ৰহালয় নিৰ্মাণ কৰা হৈছে ।

"আমি দিল্লীত ভাৰতৰ সকলো প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ যাত্ৰা আৰু অৱদানৰ প্ৰতি সমৰ্পিত এটা প্ৰধানমন্ত্ৰী সংগ্ৰহালয় নিৰ্মাণ কৰিছোঁ (PM museum in Delhi) । আজি সমগ্ৰ দেশৰ মানুহে স্বাধীনতাৰ পিছত ভাৰতৰ উন্নয়নমূলক যাত্ৰা চাবলৈ প্ৰধানমন্ত্ৰী সংগ্ৰহালয়লৈ আহিছে ।" মোদীয়ে কয় ।

"স্বাধীনতা সংগ্ৰামত আমাৰ জনজাতীয় সম্প্ৰদায়ৰ অৱদানক অমৰ কৰি তুলিবলৈ আমি ১০ টা বিশেষ সংগ্ৰহালয় নিৰ্মাণ কৰি আছোঁ । এইটো সমগ্ৰ বিশ্বৰ ভিতৰত এনে এক অনন্য পদক্ষেপ, য'ত জনজাতীয় বৈচিত্ৰ্যৰ এক বিস্তৃত আভাস দেখা যাব ।" তেওঁ লগতে কয় । উল্লেখ্য, এই আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপো 'আজাদী কা অমৃত মহোৎসৱ'ৰ (Azadi ka Amrit Mahotsav) অংশ হিচাপে আয়োজন কৰা হৈছে । লগতে উদযাপন কৰা হৈছে 47 সংখ্যক আন্তঃৰাষ্ট্ৰীয় সংগ্ৰহালয় দিৱস (47th International Museum Day) । এই বছৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে 'সংগ্ৰহালয়, স্থিৰতা আৰু সুস্থতা' ।

এইবাৰৰ আন্তৰ্জাতিক সংগ্ৰহালয় এক্সপোৰ শুভংকৰ (Mascot of International Museum Expo 2023) হৈছে চেন্নাপট্টনম কলা শৈলীত কাঠেৰে নিৰ্মিত নৃত্যৰতা ছোৱালী এজনীৰ এটা কণ্টেম্পোৰাইজড সংস্কৰণ । এই কাৰ্যসূচীৰ সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে নৰ্থ আৰু ছাউথ ব্লকত স্থাপন হ'বলগীয়া ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ এক ভাৰ্চুৱেল ৰূপৰেখাও উদ্বোধন কৰে (National Museum at North and South Blocks) । এই সংগ্ৰহালয়টোৱে দেশৰ সমৃদ্ধ সভ্যতা-সংস্কৃতি, ঐতিহাসিক ঘটনা, ব্যক্তিত্ব, ধাৰণা আৰু সাফল্যৰ ওপৰত আলোকপাত আৰু প্ৰদৰ্শন কৰিব ।

লগতে পঢ়ক :Modi cabinet reshuffle : ৰিজিজুক আঁতৰাই অৰ্জুন ৰাম মেঘৱালক নতুন আইন মন্ত্ৰী হিচাপে নিযুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.