ETV Bharat / bharat

Mumbai murder case : সংগীক কাটি, টুকুৰা কৰি মৃতদেহ সিজালে কুকাৰত

author img

By

Published : Jun 8, 2023, 3:12 PM IST

Updated : Jun 10, 2023, 7:15 AM IST

মুম্বাইত লোমহৰ্ষক ঘটনা (Horrific murder in Mumbai)। ৫৬ বছৰীয়া এজনে সংগীক নিৰ্মমভাৱে হত্যা কৰিলে । দীৰ্ঘদিন ধৰি লিভ ইন ৰিলেশ্যনত আছিল দুয়োগৰাকী । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্তক ।

Mumbai murder case
সংগীক কাটি, টুকুৰা কৰি মৃতদেহ সিজালে কুকাৰত

নেশ্যনেল ডেস্ক,৮ জুন : দিল্লীৰ শ্ৰদ্ধা কাণ্ড হয়টো আপোনাৰ মনত আছে (Shradha murder case)। কিন্তু এইবাৰ মুম্বাইত সংঘটিত হৈছে অনুৰূপ ঘটনা । গাৰ নোম শিয়ৰি উঠা হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ মুম্বাইক । প্ৰথমে সংগীক হত্যা আৰু তাৰ পাছত টুকুৰা টুকুৰকৈ মৃতদেহটো কাটিলে ৫৬ বছৰীয়া এজন লোকে । ইয়াৰ পাছত হত্যাকাৰীয়ে কি কৰিলে আপুনি কল্পনাও কৰিব নোৱাৰে !

প্ৰমাণ নষ্ট কৰাৰ বাবে মৃতদেহ টুকুৰাবোৰ প্ৰেচাৰ কুকাৰত সিজালে । পাছত সেইবোৰ প্লাষ্টিকৰ বেগত ভৰাই বান্ধি থলে । ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত লোকজনক ।

উল্লেখ্য যে এই ঘটনাটো মীৰা ৰোড অঞ্চলৰ আকাশগংগা ভৱনৰ (Meera road murder case)। শেহতীয়াকৈ কাষৰ ফ্লেটটোৰ পৰা দুৰ্গন্ধ নিৰ্গত হৈছিল । লগে লগে ওচৰ-চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে । পাছত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আকাশগংগা ভৱনৰ এটা ফ্লেটৰ পৰা অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰে । প্ৰাথমিক অনুসন্ধানত আৰক্ষীয়ে ৫৬ বছৰীয়া এজন লোকক গ্ৰেপ্তাৰ কৰিছে ।

লোকজন মনোজ ছানে বুলি জানিব পৰা গৈছে । সাহানীয়ে আৰক্ষীক জনোৱা মতে খঙত নিজৰ সংগী সৰস্বতী বৈদ্যক তেওঁ হত্যা কৰিছিল আৰু মৃতদেহ কাটি ফ্লেটত লুকুৱাই ৰাখিছিল । মনোজ আৰু সৰস্বতী লিভ ই ৰিলেশ্যনত আছিল ।

৩৬ বছৰীয়া সৰস্বতী বৈদ্যই দীৰ্ঘদিন ধৰি অভিযুক্ত মনোজ ছানেৰ সৈতে উক্ত ফ্লেটটোত আছিল । মুম্বাইৰ মীৰা ৰোডৰ ফ্লেটটোত তেওঁলোক ৩ বছৰ ধৰি ভাড়াত আছিল । স্থানীয় সূত্ৰৰ মতে বৰিৱালি অঞ্চলত মনোজে এখন সৰু দোকান চলাইছিল । কিন্তু হঠাতে মনোজ আৰু সৰস্বতীৰ ফ্লেটৰ পৰা দুৰ্গন্ধ ওলোৱাত আন বাসিন্দাসকলে স্থানীয় আৰক্ষীক খবৰ দিয়ে । আৰক্ষী আহি ফ্লেটটোৰ পৰা সৰস্বতীৰ অৰ্ধগলিত মৃতদেহটো উদ্ধাৰ কৰে । ফ্লেটটোৰ আনটো মূৰত সৰস্বতীৰ মৃতদেহৰ কিছু অংশ পোৱা গৈছে (Man killed live in Partner in Mumbai)।

মুম্বাই আৰক্ষীৰ উপ-আয়ুক্ত জয়ন্ত বাজবলে সদৰি কৰা মতে মনোজে জেৰাৰ সময়ত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে । জানিব পৰা মতে তেওঁলোকৰ মাজত বুজাবুজি আছিল যদিও শেহতীয়াকৈ কিছুমান বিষয়ক লৈ তেওঁলোকৰ মাজত কাজিয়া হৈছিল । ইয়াৰ পাছত মনোজে এদিন দুয়োৰে মাজত কাজিয়া হয় আৰু মনোজে খঙতে সৰস্বতীক হত্যা কৰে । তাৰ পাছত শৰীৰৰ কেইবাটাও টুকুৰা গৰম পানীত সিজোৱা হয় !

আৰক্ষীৰ মতে, হত্যাকাণ্ডৰ পাছত প্ৰমাণ নষ্ট কৰিবলৈ মনোজে কুকাৰত মৃতদেহটো সিজাইছিল । এই সন্দৰ্ভত আৰক্ষীয়ে মনোজক জেৰা অব্যাহত ৰাখিছে ।

এই ঘটনাই বহুতকে কেইমাহমান পূৰ্বৰ শ্ৰদ্ধা ৱাকাৰৰ হত্যাকাণ্ডৰ কথা মনত পেলাই দিয়ে । প্ৰায় একেদৰেই শ্ৰদ্ধাৰ হত্যাকাণ্ডত তেওঁৰ ৰুমমেট আফতাব পুনাৱালাৰ বিৰুদ্ধে প্ৰমাণ খেলিমেলি কৰাৰ অভিযোগ উত্থাপন হৈছিল । শ্ৰদ্ধাক হত্যা কৰি মৃতদেহ কাটি ফ্ৰীজত ভৰাই অলপ অলপকৈ হাবিত পেলাই দিয়াৰ অভিযোগ আছিল আফতাবৰ বিৰুদ্ধে । উক্ত শ্ৰদ্ধা কাণ্ডৰে পুনৰাবৃত্তি এইবাৰ দেখা গ'ল মুম্বাইত ।

লগতে পঢ়ক :Firing at Lucknow court: লক্ষ্ণৌ আদালতৰ চৌহদত অধিবক্তাৰ ভেশত গেংষ্টাৰ জীৱাক গুলীয়াই হত্যা

Last Updated : Jun 10, 2023, 7:15 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.